Logo
image

ব্ৰাজিল, কুম্ভমেলা আৰু ক’ভিড

ক’ভিড-১৯ অতিমাৰীত সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম হৈছে ব্ৰাজিল৷ বি বি চিৰ দ্বাৰা প্ৰকাশিত খবৰ অনুসৰি ব্ৰাজিলত অতি অস্বাভাৱিক ধৰণে এই অতিমাৰীৰ দ্বাৰা শিশুসকল আক্ৰান্ত হৈছে, যিটো সাধাৰণতে অন্য দেশত হোৱা নাই৷ এতিয়ালৈ প্ৰায় ১,৩০০ শিশু ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে৷ ‘লুকাচ’ নামৰ মৃত শিশুটিৰ প্ৰসংগ উত্থাপনেৰে প্ৰস্তুত কৰা বাতৰিটোত কোৱা হৈছে যে কম বয়সৰ শিশুক ক’ভিডে আক্ৰমণ নকৰে বুলি নিশ্চিত হৈয়েই পিতৃ-মাতৃয়ে কোৱাৰ পাছতো চিকিৎসকে ক’ভিড পৰীক্ষা নকৰিলে৷ ফলস্বৰূপে, লুকাচ হেৰাই গ’ল পৃথিৱীৰ পৰা৷ কেৱল শিশুৰ ক্ষেত্ৰতেই নহয়, ব্ৰাজিলত চৰকাৰীভাৱেই ক’ভিডক উপেক্ষা কৰা হৈছিল সাধাৰণ ফ্লু’ বুলি৷ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাছিল৷ লকডাউনৰ নিচিনা কঠোৰ প্ৰতিবন্ধকতা অনাৰ কোনো প্ৰসংগই উত্থাপন হোৱা নাছিল৷ ক’ভিড ভেকচিনৰ কথাও ব্ৰাজিল চৰকাৰে হাঁহি উৰুৱাই দিছিল৷ এতিয়া অপূৰণীয় ক্ষতি হোৱাৰ পাছত চৰকাৰৰ চকু মেল খাইছে আৰু ভেকচিনৰ বাবে হুৱাদুৱা লগাইছে৷ কিন্তু, ইতিমধ্যে দেশখনে চৰকাৰী ভুল নীতিৰ বাবে হাজাৰ হাজাৰ লোকৰ জীৱনৰ গতি স্তব্ধ কৰি পেলালে, যিবোৰ এদিন ইতিহাস হ’ব৷ চৌপাশে ঘটি থকা এই সংকেত-নিৰ্দেশক ঘটনাবোৰ দেখি-শুনিও কিন্তু মানুহৰ শিক্ষা হোৱা নাই৷ আমাৰ অসমতে বিহুৰ উদ্‌যাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্বেই দুই-এক সংস্কৃতিৰক্ষী সংগঠনে হুংকাৰ দিলে বোলে, লাগিলে জে’ললৈকে যাব, তথাপি বিহু পাতিবইক্ক দুই-একে চৰকাৰলৈ আঙুলি টোঁৱাই মন্তব্য কৰিলে এইবুলি যে নিৰ্বাচন পতাৰ সময়ত ক’ভিড নাই, এতিয়া বিহুৰ সময়ত ক’ভিডক্ক নিৰ্বাচনী প্ৰচাৰেই হওক বা বিহুৰ অনুষ্ঠানেই হওক, নীতি-নিয়ম অৱজ্ঞা কৰোঁতাসকলে ব্ৰাজিলৰ ঘটনাবোৰলৈ মন কৰক৷ ‘আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা’সদৃশ আচৰণ দেখুৱাই দেশ আৰু দহৰ সৰ্বনাশ মাতিব নালাগে৷ শিক্ষা ল’ব খোজা নাই উত্তৰাখণ্ড চৰকাৰেও৷ সম্প্ৰতি, হৰিদ্বাৰত চলি থকা কুম্ভমেলাৰ বাবে সকলো ক’ভিড প্ৰট’কল ৰেহাই দিয়া হৈছে৷ মেলাত সন্মিলিতসকলৰ দুই সহস্ৰাধিকক এদিনতে ‘ক’ভিড-পজিটিভ’ বুলি ঘোষণা কৰা হৈছে৷ কুম্ভমেলাৰ পৱিত্ৰ স্থানত ভাগ লোৱা প্ৰায় দহ লাখ লোকে দেশলৈ কি বিপৰ্যয় আনিব, তালৈ আয়োজক অথবা সংশ্লিষ্ট চৰকাৰ-প্ৰশাসনৰ যেন কোনো খবৰেই নাই৷ ৰীতি-নীতি, ধৰ্ম-আধ্যাত্মিকতা, সংস্কৃতি-পৰম্পৰা আৰু ৰাজনীতি– এইখন দেশত এইবোৰৰ নামত এনেবোৰ কাৰ্যকলাপ সংঘটিত হৈ আছে আৰু হ’বলৈ লৈছে যে তাৰ বাবে দেশখনৰ হাজাৰ হাজাৰ বছৰীয়া প্ৰাচীন সভ্যতাৰ ‘ফাট দিয়া বসুমতী, পাতালে লুকাওঁ’ অৱস্থা হৈছে৷ অসমৰ নিৰ্বাচনী প্ৰচাৰক আৰু বিহুৰ আয়োজক, দিল্লীৰ তবলিগী-জামাত আৰু হৰিদ্বাৰৰ কুম্ভমেলাৰ ভক্তৰ বাবে ‘ব্ৰাজিল’ কোনো বিষয়েই নহয়, যাক গুৰুত্ব দিব লাগে৷ ক’ভিড বোলা ভাইৰাছটোক আচলতে সৰ্বনাশী কৰিছে ‘মানুহে’৷ এই মানুহৰ চৰিত্ৰ দেশ-কাল ব্যতিৰেকে সৰ্বত্ৰ একেই, লাগিলে চীন দেশতেই হওক বা ব্ৰাজিল কিম্বা ভাৰততেই হওক! মানুহৰ অহমিকা, ভুল নীতি, দূৰদৃষ্টিহীনতা, অসাৱধানতা তথা বেপৰোৱা মনোভাবৰ বাবেই আজি মানৱ জীৱন নিৰাপত্তাহীনতাত বুৰ যাবলগীয়া অৱস্থাত উপনীত হৈছে৷ নিজৰ কষ্টোপাৰ্জিত ‘বিকাশ’ যাতে ক’ভিডৰ প্ৰকোপত ধবংস হৈ নাযায়, তাৰ প্ৰতি সষ্টম হৈ থাকিবলৈ উন্নয়নশীল দেশবোৰক বিশ্ব বেংকে সকীয়াই দিছে৷ প্ৰয়োজনসাপেক্ষে ক্ষেত্ৰ-বিশেষে উপযুক্ত ব্যৱস্থা ল’বলৈও পৰামৰ্শ দিছে৷ কিন্তু, ক্ষমতালিপ্সু শাসকসকলৰ ৰাজনীতিৰ অংক মিলিলেহে এইবোৰ কথাই গুৰুত্ব পাব৷ অন্যথা এইবোৰ ‘গালো, বালো, খোলাকটিৰ তাল’হে!