Logo
image

পঞ্জাব কিংছৰ হাতত পৰাস্ত গুজৰাট টাইটানছ

আহমেদাবাদ, ২৫ মাৰ্চঃ  অ’পেনাৰ সাই সুদৰ্শন, জোছ বাটলাৰৰ অৰ্ধশতক আৰু শুভমন গীল, শ্বেৰফানে ৰাডাৰফ’ৰ্ডৰ মূল্যবান বৰঙণিয়েও আইপিএলত মঙলবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছৰ পৰাজয় ৰোধ কৰিব নোৱাৰিলে৷ খেলখনত ১১ ৰানত জয়ী হয় পঞ্জাব কিংছ৷ গুজৰাট টাইটানছক জয়ৰ বাবে প্ৰয়োজন আছিল ২৪৪ ৰান৷ কিন্তু ২০ অভাৰত দলটোৱে পাঁচটা উইকেট হেৰুৱাই ২৩২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ সুদৰ্শনে ৪১টা বলত ছটা ‘ছয়’, পাঁচটা ‘চাৰি’ৰে সৰ্বাধিক ৭৪, বাটলাৰে ৩৩টা বলত দুটা ‘ছয়’, চাৰিটা ‘চাৰি’ৰে ৫৪ আৰু ৰাডাৰফ’ৰ্ডে ২৮টা বলত তিনিটা ‘ছয়’, তিনিটা ‘চাৰি’ৰে ৪৬ ৰান সংগ্ৰহ কৰে৷ অধিনায়ক শুভমন গীলে ১৪টা বলত তিনিটা ‘ছয়’, দুটা ‘চাৰি’ৰে ৩৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ পঞ্জাব কিংছৰ অৰ্শদীপ সিঙে ৩৬ ৰানত দুটা উইকেট দখল কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় মাৰ্কো য়েনছেন, গ্লেন মেক্সৱেলে৷


প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱাৰ পাছত অধিনায়ক শ্ৰেয়স আয়াৰৰ অৰ্ধশতক আৰু অ’পেনাৰ প্ৰিয়াংশ আৰ্য, শশাংক সিঙৰ মূল্যবান বৰঙণিৰে পঞ্জাব কিংছে ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে২৪৩ ৰান৷ আয়াৰ ৪২টা বলত ৯টা ‘ছয়’, পাঁচটা ‘চাৰি’ৰে ৯৭  আৰু শশাংক সিং ১৬টা বলত দুটা ‘ছয়’, ছটা ‘চাৰি’ৰে ৪৪ ৰানত অপৰাজিত থাকে৷ ষষ্ঠ উইকেটত তেওঁলোকৰ মাজত যোগ হয় অপৰাজিত ৮১ ৰান৷ প্ৰিয়াংশ আৰ্যই ২৩টা বলত দুটা ‘ছয়’, সাতটা ‘চাৰি’ৰে সংগ্ৰহ কৰে ৪৭ ৰান৷ গুজৰাট টাইটানছে ৩০ ৰানত তিনিটা উইকেট দখল কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় কেগিছো ৰাবাডা, ৰছিদ খানে৷