Logo
image

ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ছুপাৰ জায়েণ্টছৰ জয়

হায়দৰাবাদ, ২৭ মাৰ্চঃ  প্ৰথম খেলত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হোৱা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে বৃহস্পতিবাৰে আই পি এলত পালে প্ৰথম জয়ৰ সোৱাদ৷ শ্বাৰ্দুল ঠাকুৰৰ উজ্জ্বীৱিত বলিঙৰ পাছত নিকোলাছ পুৰান আৰু মিচেল মাশ্বৰ্ৰ অৰ্ধশতকৰ সহায়েৰে ছুপাৰ জায়েণ্টছে পাঁচ উইকেটত পৰাস্ত কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক৷ খেলখনত ছুপাৰ জায়েণ্টছক জয়ৰ বাবে প্ৰয়োজন আছিল ১৯১ ৰান আৰু দলটোৱে ১৬.ৰ অভাৰত পাঁচটা উইকেট হেৰুৱাই সেই লক্ষ্য অতিক্ৰম কৰে৷ পুৰানে চ্ছটা বলত ছটা ‘ছয়’, ছটা ‘চাৰি’ৰে ৭০ আৰু মাশ্বেৰ্ ৩১টা বলত দুটা ‘ছয়’, সাতটা ‘চাৰি’ৰে ৫২ ৰান সংগ্ৰহ কৰে৷ আব্দুল ছামাদ জ্জ্বটা বলত ২২ আৰু ডেভিড মিলাৰ জ্জটা বলত ১৩ ৰানত অপৰাজিত থাকে৷


লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক ঋষভ পণ্টে টছত জিকি ছানৰাইৰাৰ্ছ হায়দৰাবাদক প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ জনোৱাৰ পাছত শ্বাৰ্দুল ঠাকুৰে ইনিংছৰ তৃতীয় অভাৰটোৰ প্ৰথম দুটা বলত ক্ৰমে অভিষেক শৰ্মা [৬] আৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলা ঈশান কিষাণক [ঙ্ম] আউট কৰি দলক গুৰুত্বপূৰ্ণ ব্ৰেকথ্ৰু দিছিল৷ কিন্তু তাৰ পাছত ট্ৰেভিছ হেড, নীতীশ কুমাৰ ৰেড্ডী, হেনৰিচ ক্লাছেন আৰু অনিকেট বাৰ্মাই দৃঢ়তাৰে খেলিদলৰ স্ক’ৰ ১৯০ ৰানলৈ [জ্ঝ উইকেটত] আগবঢ়াই নিছিল৷ ২৮টা বলত তিনিটা ‘ছয়’, পাঁচটা ‘চাৰি’ৰে হেডে সৰ্বাধিক ৪৭ ৰানৰ অৰিহণা আগবঢ়াইছিল৷ আনহাতে, অনিকেট বাৰ্মাই ১৩টা বলত পাঁচটা ‘ছয়’ৰে ৩৬, নীতীশ কুমাৰ ৰেড্ডীয়ে ২৮টা বলত দুটা ‘চাৰি’ৰে ৩২ আৰু ক্লাছেনে ১৭টা বলত এটা ‘ছয়’, দুটা ‘চাৰি’ৰে চ্ছ ৰান সংগ্ৰহ কৰে৷ অধিনায়ক পেট কামিন্‌ছৰ বেটৰ পৰা আহে ১৮ ৰান৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ শ্বাৰ্দুল ঠাকুৰে ৩৪ ৰানত চাৰিটা উইকেট লাভ কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় অৱেশ খান, দিগৱেশ ৰাথি, ৰবি বিষ্ণই, প্ৰিন্স যাদৱে৷