Logo
image

কিয় হালধীয়া হৈ গ’ল বৰ্ষাপাৰা, কপাল কোঁচ খালে ‘গৃহস্থ’ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ মাৰ্চঃ বয়সে ভাটি দিয়া মহেন্দ্ৰ সিং ধোনিক লৈ অসমৰ দৰ্শকৰ অভাৱনীয় উন্মাদনা আৰু জাতীয় দলত স্থান পোৱা প্ৰথমজন অসমীয়া ৰিয়ান পৰাগৰ প্ৰতি ঘৰুৱা দৰ্শকৰ বৈৰাগ্যই আজি চৰম ‘অফফিল্ড’ বিতৰ্কৰ সৃষ্টি কৰিছে৷ ষ্টেডিয়ামৰ যুঁজে প্ৰৱেশ কৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত৷ খেলপথাৰৰ যুদ্ধত ‘বালক’ ৰিয়ান পৰাগৰ হাতত ‘বৃদ্ধ’ ধোনি পৰাস্ত হ’লেও ছ’চিয়েল মিডিয়াৰ নেটিজেন ৰিয়ানক প্ৰশংসা কৰিবলৈ নাৰাজ৷ যিদৰে দেওবাৰে দৃষ্টিকটুভাৱে ‘ঘৰুৱা’ দৰ্শকে ৰিয়ান পৰাগ ‘ক্ৰুচিয়েল’ মুহূৰ্তত আউট হওঁতে ষ্টেডিয়ামত বন্য উল্লাস প্ৰদৰ্শন কৰিছিল, সেইদৰে খেলপথাৰৰ যুঁজৰ এদিন পাছত আজি এচামে সেই একেই বন্য উল্লাস প্ৰদৰ্শন কৰিছে অৱসৰ লৈয়ো ক্ৰিকেট নেৰা ধোনিৰ পক্ষত, ছ’চিয়েল মিডিয়াত৷ ফিনিশ্বাৰ হৈয়ো এতিয়া মেচ দলৰ পক্ষত ফিনিশ্ব কৰিবলৈ ক্ষমতা নথকা ধোনিৰ পক্ষত আছে অসমৰ ৰাজস্থান ৰয়েলছৰ ঘৰুৱা দৰ্শক৷ ইউ আৰ নট কোৱালিফাইড টু ট্ৰল ধোনি–বুলি আৱাজ উঠিছে অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ একাউণ্টত৷ ক্ৰিকেটৰ দৰে ক্ষীপ্ৰ, দ্ৰুতগতি সম্পন্ন খেলত প্ৰয়োজনীয় ‘ৰিফ্লেক্স’ নোহোৱা আৰু দলক বিজয় লক্ষ্যত উপনীত কৰিব পৰাৰ দক্ষতা শেষ হৈ যোৱা সত্ত্বেও ঘৰৰ খেলপথাৰত অসমীয়া দৰ্শকৰ আপোন ধোনি, ৰিয়ান পৰাগ ঘৰৰ হৈয়ো পৰ৷ সেয়ে আজি প্ৰশ্ন উঠিছে বৰ্ষাপাৰা কাৰ? ৰাজস্থান ৰয়েলছৰ নে চেন্নাই ছুপাৰ কিংছৰ? ৰিয়ান পৰাগ নে মহেন্দ্ৰ সিং ধোনিৰ? আই পি এলৰ দ্বিতীয়খন মেচ হৈ যোৱাৰ পিছদিনা আজি ঈদৰ গুৱাহাটী প্ৰায় নিজান, কিন্তু একে সময়তে ছ’চিয়েল মিডিয়া এই প্ৰশ্নত উত্তাল৷ আক্ষৰিক অৰ্থতে ছ’চিয়েল মিডিয়াৰ নেটিজেন এই প্ৰশ্নত দ্বিধাবিভক্ত৷ দেওবাৰে ৰাজস্থান ৰয়েলছ আৰু চি এছ কেৰ মেচত কিয় বৰ্ষাপাৰা ষ্টেডিয়াম সম্পূৰ্ণ হালধীয়া হৈ গ’ল? ঘৰৰে খেলুৱৈ ৰিয়ান পৰাগৰ দল ৰাজস্থান ৰয়েলছৰ দ্বিতীয় হোম গ্ৰাউণ্ড হোৱা স্বত্ত্বেও কিয় গুলপীয়া জাৰ্ছিয়ে গ্ৰাস নকৰিলে বৰ্ষাপাৰা? বাদ-বিবাদ, সমৰ্থন-বিৰোধিতাত খণ্ড বিখণ্ড হৈ পৰিছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম৷ বিভাজিত হৈ পৰিছে ক্ৰিকেটানুৰাগী নেটিজেন৷ দ্বিতীয় হোম গ্ৰাউণ্ড বনোৱা ৰাজস্থান ৰয়েলছ মেনেজমেণ্টে দেওবাৰৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ হালধীয়া ৰঙৰ চমকণিত চকুৰে সৰিয়হ ফুল দেখিলেও তেওঁলোক অসহায়৷  দেওবাৰে বৰ্ষাপাৰাৰ প্ৰকৃত প্ৰতিচ্ছবি আছিল কি? কি আছিল ষ্টেডিয়ামৰ ৰং? ছেকেণ্ড হোম বৰ্ষাপাৰাৰ কংক্ৰিট-প্লাষ্টিকৰ ৰং ৰাজস্থান ৰয়েলছে গুলপীয়া কৰিছিল ঠিকেই, কিন্তু আসন সম্পূৰ্ণ কৰিছিল দৰ্শকে হালধীয়া ৰঙেৰে৷ প্ৰশ্ন উঠিছিল–চেন্নাই ছুপাৰ কিংছৰ ‘ফেন বেছ’ গুৱাহাটীত ইমান বেছিনে? ক’ৰ পৰা আহিল ইমান হালধীয়া ‘ফেন’? ৰাজস্থান ৰয়েলছৰ জাৰ্ছি বৰ্ষাপাৰা ষ্টেডিয়ামত দেওবাৰে উজ্জ্বল ‘মাষ্ট লাইট’তো ম্লান হৈ পৰিছিল৷ যেন এপাছি শাকত এটা জালুক৷ কিন্তু যুঁজখনে যেতিয়া ষ্টেডিয়ামৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰৱেশ কৰিলে, তেতিয়াহে উন্মোচিত হ’ল প্ৰকৃত সত্য৷ এওঁলোক যিমান চি এছ কেৰ ‘ফেন’, ততোধিক ‘ফেন’ ধোনিৰ৷ তামিল ভাষাত ‘থালা’ৰ, বা দলটোৰ মুৰব্বীৰ৷ অধিনায়ক নহ’ব পাৰে, দল আনে পৰিচালনা কৰিব পাৰে, তথাপি মহেন্দ্ৰ সিং ধোনি চি এছ কেৰ ‘থালা’–মুৰব্বী আৰু সেই ‘থালা’তে আছন্ন অসমৰ ক্ৰিকেটানুৰাগী৷


ভালপোৱা জোৰকৈ আদায় কৰিব নোৱাৰি৷ ধোনিৰ অগণিত ভক্তৰ সন্মুখত ‘ঘৰৰ ল’ৰা’ ৰিয়ান পৰাগৰ লাহে লাহে বাঢ়ি অহা জনপ্ৰিয়তা দেওবাৰে নিয়ন লাইটৰ পোহৰত চাকিৰ দৰে ম্লান হওঁতে সেয়াই উপলব্ধি হ’ল৷ তথাপি ৰিয়ান পৰাগ আউট হৈ আহোতে ঘৰৰ ল’ৰাটোক হাত তালি, কিৰিলিৰে ঠাট্টা কৰাটো কেনে ‘নিয়ম’? সেই প্ৰশ্ন আজি ছ’চিয়েল মিডিয়াত অনেকেই তুলিছে৷ কিন্তু এম এছ ধোনিৰ ‘কট্ট’ৰ’ সমৰ্থকৰ অদ্ভূত যুক্তিত বাৰে বাৰে তল পৰি গৈছে ৰিয়ান পৰাগৰ পক্ষত তোলা ‘আৱাজ’, দেওবাৰে যিদৰে বৰ্ষাপাৰাত তল পৰিছিল, ঠিক সেইদৰে আজি তল পৰিছে ছ’চিয়েল মিডিয়াতো৷ নেটিজেনৰ মাজতো অবিশ্বাস্যভাৱে জনপ্ৰিয় এম এছ ডি৷ সেয়ে ভদ্ৰলোকৰ খেল ক্ৰিকেটৰ মতিগতি বুজা দুই একে কৈছে–ডিছ ইজ নট ক্ৰিকেট৷ ডিছ ইজ নট ক্ৰিকেট বুলি ৰিয়ান পৰাগকো বুজাই দিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে৷ বৰ্ষাপাৰা ষ্টেডিয়ামত দেওবাৰে এদল নিৰাপত্তাৰক্ষীৰ আব্দাৰ শুনি ৰিয়ান পৰাগে ছেলফি তুলিছিল৷ তাৰ পাছত ৰিয়ানে ম’বাইলটো দলিয়াই দিছিল তেওঁলোকৰ হাতলৈ৷ কথাটো সিমান ডাঙৰ নাছিল৷ ক্ৰিকেটাৰ হিচাপে অভ্যাসবশতঃ হয়তো তেনেই কাষৰ পৰা ম’বাইলটো দলিয়াই দিছিল ৰিয়ান পৰাগে৷ কিন্তু আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিনটো চলিল সেই ভিডিঅ’, হ’ল হেডলাইন৷ কোৱা হ’ল সেয়া ৰিয়ানৰ ‘এটিটিউড’৷ সঁচাই সেয়া জানো অক্ৰিকেটীয়? নিশ্চয় নহয়৷ অন্ততঃ ৰিয়ানৰ বিৰোধী দলৰ ক্ৰিকেটাৰেও ক’ব–ডিছ ইজ ক্ৰিকেট৷ উঠি অহা, প্ৰতিভাৱান ৰিয়ান পৰাগৰ প্ৰতি বৈৰাগ্য আৰু ৪৩ বছৰীয়া মহেন্দ্ৰ সিং ধোনিৰ প্ৰতি উন্মাদনা আক্ষৰিক অৰ্থতে আশ্চৰ্য৷ ক্ৰিকেটৰ ‘ফাইন লেগ’ কোনদিশে চিনি নোপোৱা অসমৰ এচাম ক্ৰিকেট ‘দৰ্শক’ৰ অদ্ভূত দাবীত হুলস্থূল হৈছে ছ’চিয়েল মিডিয়াত৷ ধোনিৰ বয়সৰ বহুতেই হেনো খুঁটাত আউজি খেল চাইছে কঁকালৰ বিষত৷ কি অদ্ভূট বক্তব্য৷ মহেন্দ্ৰ সিং ধোনিক অসংখ্য ক্ৰিকেটাৰৰ মাজৰ পৰা নিৰ্বাচন কৰিছে তেওঁৰ শাৰীৰিক সক্ষমতা থকাৰ বাবে, এতিয়াও তেওঁৰ বেটত কিছু ক্ৰিকেট বাকী থকাৰ বাবে৷ সেয়ে ধোনিয়ে ০.০৯ ছেকেণ্ডত ষ্টাম্পিং কৰিব পাৰে আৰু শাৰীৰিকভাৱে পূৰ্ণ সক্ষম নোহোৱা কোনো ‘আম আদমী’য়ে খুঁটাত আউজি বহি খেল চাব পাৰে৷ খুঁটাত আউজি বহি থকাজন দৰ্শক, তেওঁ হাতত বেট লৈ ধোনিৰ দৰে খেলপথাৰত প্ৰৱেশ কৰি দলক উদ্ধাৰ কৰিবলৈ যোৱা নাই৷ সেয়াই স্বাভাৱিক৷ কিয়নো সক্ষম বুলিয়েই ধোনিক অৰ্থৰ বিনিময়ত দলত ৰাখিছে৷ সেয়ে দৰ্শকে তেওঁৰ পৰাই ‘পাৰফৰ্ম’ আশা কৰিব আৰু টকা-সময় খৰচ কৰি ক্ৰিকেটত ‘এণ্টাৰটেইণ্টমেণ্ট’ বিচৰা দৰ্শকৰ সেয়া বৈধ দাবী৷ বেট হাতত লৈ ধোনিয়ে যদি দৰ্শকৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰে, তেন্তে তেওঁৰ বাবে আছে এক বিকল্প– অৱসৰ৷ তেতিয়াও ধোনিক ভাৰতীয় দৰ্শকে পূজা কৰিব৷ অতদিনে তেওঁ দেশৰ ক্ৰিকেটলৈ আগবঢ়োৱা অৱদানৰ দৰে, যিদৰে আজিও দেশত পূজিত শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, যিদৰে দেশবাসীয়ে স্মৰণ কৰে কপিল দেৱৰ বিশ্বকাপ বা সৌৰভ গাংগুলীৰ নেতৃত্ব৷ কিন্তু যিদিনা ক্ৰিকেটাৰ বেটহাতে ব্যৰ্থ, তেতিয়াই তেওঁৰ কাম বুটজোৰ খুলি ৰখা৷ ধোনিয়ে বয়সৰ আহ্বান উপেক্ষা কৰিছে হয়তো, গুৱাহাটীৰ দৰে দেশজুৰি থকা অগণন উন্মাদ অনুৰাগীৰ বাবে৷ সেই অনুৰাগীৰ বাবে ধোনি খেলপথাৰত থকালৈকে বাঢ়ি থাকে আইপিএলৰ ‘ব্ৰেণ্ড ভেলু’ আৰু তাত ভেঁজা দি বাঢ়ি যায় মেচৰ অভাৰৰ মাজৰ বিজ্ঞাপনৰ মূল্য৷ ধোনিৰনো কি দোষ? দোষ কিনো গুৱাহাটীৰ অনুৰাগীৰ!