Logo
image

জলবায়ুৰ পৰিৱৰ্তনে আনিব কৃষিখণ্ডলৈ সংকট

বিগত কেইবা দশকৰ পৰা বতৰ বিজ্ঞানীয়ে বতৰৰ পূৰ্বানুমান কৰাৰ চেষ্টা চলাই সফল হ’ব পৰা নাই৷ শেহতীয়াভাৱে এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ বতৰ ক্ৰমাৎ অস্বাভাৱিক হৈ পৰিছে৷ জলবায়ু পৰিৱৰ্তনৰ বাবে এনে হোৱা বুলি মন্তব্য কৰিছে বতৰ বিজ্ঞানীসকলে৷ বতৰৰ এই অস্বাভাৱিকতাৰ বাবে কৃষি আৰু অৰ্থ-ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে৷ শেহতীয়াভাৱে প্ৰকাশ পোৱা ৰাষ্ট˜ীয় জলবায়ু ক্ষতিগ্ৰস্ততা মূল্যায়ণ প্ৰতিবেদন অনুসৰি পূৰ্বাঞ্চলৰ  আঠখন ৰাজ্য জলবায়ু পৰিৱৰ্তনৰ বাবে বিপদসংকুল হিচাপে চিনাক্ত কৰা হৈছে৷ এই ৰাজ্যকেইখনৰ অন্যতম হৈছে অসম৷ আনকেইখন ৰাজ্য হৈছে বংগ, ঝাৰখণ্ড, ওড়িশা, ছত্তিশগড়, বিহাৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ৷ প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে অসম, বিহাৰ আৰু ঝাৰখণ্ডৰ ৬০ শতাংশতকৈও অধিক জিলাক সংবেদনশীল হিচাপে চিহ্নিত কৰা হৈছে৷ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশৰ কোন কোন অঞ্চল ক্ষতিগ্ৰস্ত হ’ব পাৰে, সেই কথা প্ৰতিবেদনটোত প্ৰকাশ কৰা হৈছে৷ ৰাজ্যিক ভিত্তিত যুগুত কৰা তথ্যত অসমৰ দহখন জিলা আপেক্ষিকভাৱে বিপদসংকুল হিচাপে উল্লেখ কৰা হৈছে যদিও অতি সংবেদনশীল ৫০খন জিলাৰ ভিতৰত অসমৰ ২০খন জিলা অন্তৰ্ভুক্ত কৰা হৈছে৷ এই অঞ্চলবোৰত কি কি কাৰকে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত হ’ব পৰা ক্ষতি বৃদ্ধি কৰিব পাৰে সেই কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ অসমত জলবায়ুৰ পৰিৱৰ্তনৰ বাবে হ’ব পৰা দ্ৰুত ক্ষতিৰ কাৰক হিচাপে উল্লেখ কৰা হৈছে কৃষি শস্যৰ বীমাৰ অভাৱ, কৃষিকাৰ্য বৰষুণৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হোৱা আৰু বনাঞ্চলৰ সংকোচন৷ বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান বিভাগে যুগুত কৰা এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ভাৰতত বতৰে কৰা ক্ষয়-ক্ষতি ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷

উল্লেখ্য, জয়বায়ুৰ পৰিৱৰ্তন কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ প্ৰায়বোৰ দেশতে ইয়াৰ প্ৰভাৱ পৰিছে৷ এই পৰিৱৰ্তনৰ বাবে বহু পৰিমাণে মানুহেই জগৰীয়া৷ নগৰীকৰণৰ নামত বনাঞ্চল ধবংস কৰাৰ ফলত বৃদ্ধি পাবলৈ ধৰিছে গ্ল’বেল ৱাৰ্মিং৷ কেৱল সেয়াই নহয়, কল-কাৰখানা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডল দূষিত কৰাৰ ফলতো তাৰ কুফল ভুগিবলগীয়া হৈছে মানৱ জাতিয়ে৷ কোনো কোনো অঞ্চলত বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে আন কোনো অঞ্চলত সমস্যা হৈ পৰিছে অনাবৃষ্টি৷ পৰিৱেশজনিত এই সমস্যাই বিশ্বৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাইছে৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ অৱসৰপ্ৰাপ্ত অধ্যাপক এন এছ বিশ্বনাথৰ মতে, বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদনে দেশত জলবায়ু পৰিৱৰ্তনে বেছিকৈ ক্ষতি কৰিব পৰা অঞ্চলবোৰ চিনাক্ত কৰি সেই অঞ্চলবোৰক ক্ষয়-ক্ষতিৰ পৰা হাত সৰাৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিব৷ পৰিৱেশজনিত প্ৰদূষণৰ বাবে ভাৰতত মৃত্যুৰ হাৰ বৃদ্ধি পাই থকাৰ সময়ত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান মন্ত্ৰণালয়ৰ প্ৰতিবেদনে দেশখনৰ আঠখন ৰাজ্যৰ বাবে নতুন সমস্যাৰ সৃষ্টি কৰিছে৷ এই সমস্যাৰ সমাধানৰ বাবে সংশি¡ষ্ট ৰাজ্যকেইখনত কেনেধৰণৰ ব্যৱস্থা লোৱা হয়, সেয়া হ’ব লক্ষণীয়৷