
আমেৰিকাত ৰঙালী বিহু উদযাপন
'আমাৰ অসম'ৰ বঙাইগাঁৱৰ প্ৰতিবেদক, ২১ এপ্ৰিলঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসমীয়া সমাজে বিগত ১৯ এপ্ৰিলত আমেৰিকাৰ মেৰিলেণ্ডত ৰঙালী বিহু উদযাপন কৰে। ৰঙালী বিহুৰ উপলক্ষে আয়োজন কৰা হয় এক বৰ্ণিল অনুষ্ঠান। এই অনুষ্ঠান আছিল নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক অনুষ্ঠান। অসমীয়া খাদ্য, সাজ-পোছাক আৰু সংস্কৃতিৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ এক মঞ্চ। ৱাশ্বিংটন ডি চি, মেৰিলেণ্ড, ভাৰ্জিনিয়াকে ধৰি আমেৰিকাৰ ৩ খন ৰাজ্যৰ পৰা প্ৰায় ১০০ জন লোকে মেৰিলেণ্ডৰ ৰকি হিল মিডল স্কুলত গোট খাই ৰঙালী বিহু উদযাপন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক অসমীয়া সমাজৰ জ্যেষ্ঠ সদস্যসকলে বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা কাৰ্যসূচীৰ পিছত বিভিন্ন সংস্কৃতিৰ কাৰ্যসূচী যেনে- কোৰাছ, বিহু নাচ ইত্যাদি অনুষ্ঠিত হয়৷ অনুষ্ঠানত সমবেত হোৱা অধিকাংশ লোকে ডি এম ভি (ৱাশ্বিংটন ডি চি, মেৰিলেণ্ড, ভাৰ্জিনিয়া) বিহু হুঁচৰি দলৰ দ্বাৰা পৰিবেশন কৰা 'বিহু হুঁচৰি'ত অংশগ্ৰহণ কৰে।
অনুষ্ঠানত সমবেত হোৱা ৰাইজে আপ্লুত হৈ কয় যে- "এই সময়ত আমি ইয়াত আমাৰ সংস্কৃতি, আমাৰ আত্মাৰ সৈতে সংলগ্ন হৈ পৰো। আমি অসমীয়া হোৱাৰ বাবে গৌৰৱান্বিত আৰু চিৰদিন গৌৰৱান্বিত অসমীয়া হৈ থাকিব বিচাৰো।" সমান্তৰালভাৱে দুপৰীয়াৰ জলপানৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছিল য'ত অসমীয়া জনগোষ্ঠীয় খাদ্য যেনে- জলপান, নাৰিকলৰ লাৰু, তিলৰ লাৰু, পিঠা আদি বহুতো আছিল। তাৰ পিছত মাছ, কুকুৰা, ছাগলীৰ মাংস, তৰকাৰী, ভাত, ৰুটি আদিৰ সৈতে অসমীয়া ৰাতিৰ আহাৰ দিয়া হয়। ডি এম ভি অসমীয়া সমাজে ২০০৫ চনৰ পৰা এই ৩ খন ৰাজ্য ক্ৰমে ৱাশ্বিংটন ডি চি, মেৰিলেণ্ড আৰু ভাৰ্জিনিয়াৰ সকলো অসমীয়া লোকক এক গোট কৰি উদযাপন কৰি আহিছে ৰঙালী বিহু৷ অনুষ্ঠানত 'জাপি' নামাকৰণৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়৷