Logo
image

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল পছৰীয়াৰ দুগৰাকী খেলুৱৈ

'আমাৰ অসম'ৰ বংশৰৰ প্ৰতিবেদকঃ ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৱাকো ইণ্ডিয়া কিক বক্সিং চেম্পিয়নশ্বিপত কামৰূপৰ পছৰীয়াৰ দুগৰাকী খেলুৱৈয়ে সোণ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। খেলুৱৈ দুগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷ ৰাজস্থানৰ জয়পুৰত ৱাকো ইণ্ডিয়া কিক বক্সিং ফেডাৰেচনৰ উদ্যোগত আৰু ৰাজস্থান কিক বক্সিং এছ’চিয়েছনৰ সহযোগত ১৮ এপ্ৰিলৰ পৰা  ২০ এপ্ৰিললৈ  ৰাষ্ট্ৰীয় ৱাকো কিক বক্সিং চেম্পিয়নশ্বিপ খেলখন অনুষ্ঠিত হৈছিল৷ ৱাকো কিক বক্সিং চেম্পিয়নশ্বিপত কামৰূপৰ পছৰীয়াৰ প্ৰদীপ কলিতা আৰু কবিতা কলিতাৰ দ্বিতীয় পুত্ৰ মৃন্ময় কলিতাই জুনিয়ৰ শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ 


আনহাতে, পছৰীয়াৰ আন এগৰাকী খেলুৱৈ হিতেশ কলিতা আৰু জুৰি কলিতাৰ একমাত্র পুত্ৰ  দৰ্শন কলিতাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। শুকুৰবাৰে খেলুৱৈ দুগৰাকীৰ বাসগৃহত অসম ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ সভাপতি প্ৰকাশ দাসৰ নেতৃত্বত এটি দল উপস্থিত হৈ খেলুৱৈ দুগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ খেলুৱৈ দুগৰাকীৰ আগন্তুক দিনত নিজ গাওঁখনৰ লগতে ৰাজ্যৰ সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে৷ পূৱ বংশৰ সমন্বয় সমিতিৰ সভাপতি দিবাকৰ কলিতাই উপস্থিত থাকি  খেলুৱৈ দুগৰাকীয়ে বৃহত্তৰ পূৱ বংশৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত শুভেচ্ছা জনায়৷ ইপিনে কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ সম্পাদক মৃণাল ডেকাই খেলুৱৈ দুগৰাকীক শুভেচ্ছা জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰে৷ পছৰীয়াৰ খেলুৱৈ দুগৰাকীৰ সফলতাত এতিয়া বৃহত্তৰ অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে৷