Logo
image

আকৌ ক’ভিড আতংক

বিগত বৰ্ষত সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে পুনৰ ভাৰতত ভয়াৱহ ৰূপত মূৰ দাঙি উঠিছে৷ মঙলবাৰে ভাৰতত ২.৫৯ লাখতকৈও অধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১,৭৬১জনৰ মৃত্যু হয়৷ পূৰ্বতে কৰ’নাত আক্ৰান্ত লোকৰ আৰোগ্যৰ হাৰ যিমান আছিল, সম্প্ৰতি এই হাৰ ৮৫.৫৬ শতাংশলৈ অৱনমিত হৈছে৷ বিগত এঘাৰ দিনত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় দুগুণ হৈছে৷ এনে অৱস্থাত দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে লকডাউন, সপ্তাহান্তিক লকডাউন, নাইট কাৰ্ফিউ আদি ঘোষণা কৰিছে৷  আনকি মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজ্যসমূহে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ শেষ অৱলম্বন হিচাপেহে লকডাউন দিয়া উচিত৷ অৱশ্যে যিসমূহ অঞ্চলত ক’ভিডৰ সংক্ৰমণ অধিক, সেইবোৰত অঞ্চলভিত্তিক লকডাউনৰ ব্যৱস্থা কৰিব পাৰে৷ দেশে যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই কঠিন পৰিস্থিতিত দেশৰ অৰ্থনীতিৰ লগতে নাগৰিকৰ স্বাস্থ্যও সুস্থ ৰাখিব লাগিব৷ ক’ভিডৰ সৈতে যুঁজিবলৈ চিকিৎসা আন্তঃগাঁথনি মজবুত কৰাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে৷ লগতে ক’ভিড ভেকচিনৰ উৎপাদন বৃদ্ধি কৰি পহিলা মাৰ্চৰ পৰা দেশৰ ১৮ বছৰ ঊধবৰ্ৰ সকলো লোককে ভেকচিন দিব বুলি মোদীয়ে উল্লেখ কৰে৷ উল্লেখ্য, কৰ’না ভাইৰাছৰ সৈতে যুঁজিবলৈ প্ৰথমে ভাৰতৰ প্ৰতিজন নাগৰিককে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু প্ৰতিজন নাগৰিকেই মাস্ক পৰিধান কৰি, ছেনিটাইজাৰ ব্যৱহাৰ কৰি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি নিজৰ জীৱন সুৰক্ষিত কৰাৰ লগতে আনকো সুৰক্ষিত ৰাখিব লাগিব৷ বিপদৰ সময়ত সাহস আৰু ধৈৰ্যই হ’ব কৰ’না প্ৰতিৰোধৰ প্ৰধান অস্ত্ৰ৷ অসমত যদিও লকডাউন ঘোষণা কৰা হোৱা নাই তথাপি বিগত কেইটামান দিনত যিটো হাৰত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা মঙলবাৰে ঘোষমা কৰিছে৷ এই নিৰ্দেশ অনুসৰি জিলা উপায়ুক্তৰ অনুমতি লৈহে ক’ভিড বিধি মানি সমাৱেশ অনুষ্ঠিত কৰিব পাৰিব৷ সমাৱেশত মুঠ আসনৰ ৫০ শতাংশ লোকেহে ভাগ ল’ব পাৰিব৷ ধৰ্মীয় অনুষ্ঠানত প্ৰতি ঘণ্টাত ২০জনতকৈ অধিক লোকে দৰ্শন কৰিব নোৱাৰিব৷ বজাৰ-সমাৰ, দোকান-পোহাৰ ছয় বজাত বন্ধ কৰিব লাগিব৷ বিবাহকে ধৰি ব্যক্তিগত অনুষ্ঠানত ১০০জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব৷ অফিচ-কাছাৰীত ৫০ শতাংশ লোকেহে কাৰ্যালয়ৰ পৰা কাম কৰিব পাৰিব৷ শিক্ষানুষ্ঠানে অনলাইন শিক্ষাক গুৰুত্ব দিব লাগিব আৰু অফলাইন শিক্ষা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰেহে আগবঢ়াব পাৰিব৷ পৰিবহণ ব্যৱস্থাতো ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব৷

বিগত বৰ্ষত অপৰিকল্পিত লকডাউনে কৰ’নাই যিমান লোকক জুৰুলা কৰিছে, তাতকৈ অধিক জুৰুলা কৰিছিল অৰ্থৰ অভাৱে৷ এইবাৰ যাতে দেশৰ জনসাধাৰণ তেনে এটা পৰিস্থিতিৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ জনসাধাৰণেও নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত চৰকাৰী সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব৷ নহ’লে ৰাজ্য তথা দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ আনহাতে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ এটা শিক্ষাবৰ্ষ যাতে অথলে নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ শিক্ষাৰ্থীয়ে যাতে অনলাইন শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে সুলভ ইণ্টাৰনেট ব্যৱস্থা, বিদ্যুৎ যোগান ব্যৱস্থা অতি দৰকাৰী৷ ইয়াৰ লগতে কৰ’নাত আক্ৰান্ত ৰোগীক যাতে উন্নত চিকিৎসা সেৱা আগবঢ়াব পাৰে তাৰ ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব চৰকাৰে৷ ৰাজ্য তথা দেশৰ অৰ্থনৈতিক অৱস্থা যাতে ভাগি নপৰে তাৰ প্ৰতি নজৰ ৰাখি সকলোৱে সচেতনতাৰে স্বাস্থ্যবিধি মানি ক’ভিডৰ সৈতে সহাৱস্থান কৰিব লাগিব; কিয়নো এই ভাইৰাছ নিৰ্মূল হ’ব বুলি আশা কৰিব নোৱাৰি৷