Logo
image

চৰ্চাত আকৌ এবাৰ ছেবা

আকৌ এবাৰ ছেবা চৰ্চালৈ আহিছে৷ এই চৰ্চা কোনো ভাল কাম কৰি অহা নাই৷ দুটা বিষয়ত নিজৰ বিফলতা পুনৰ প্ৰমাণ কৰি ছেবা চৰ্চালৈ আহিছে৷ প্ৰথমটো চৰ্চা হৈছে এখন জাননীক লৈ, যিখন জাননীত ছেবাই অসমীয়া ভাষাৰ ক্ষেত্ৰত ইমানদিনে চলি অহা নিয়মক সংশোধন কৰাৰ নামত এনে কিছুমান বেবেৰিবাং কথা ক’বলৈ ধৰিলে যে অসমৰ চিন্তাশীল মহল, জাতীয় দল-সংগঠন সকলোৱে সাতবাৰ মাটি চুই ভগৱানৰ নাম ল’ব লগা হ’ল৷ অৱশ্যে দল সংগঠনৰ হেঁচাত এই জাননী স্থগিত কৰিছে যদিও এই জাননীৰ ভয়াৱহতা লক্ষণীয়৷ ইমানদিনে অসমীয়া ভাষাক লৈ কোনো বিভ্ৰান্তি হোৱা নাছিল৷ আধুনিক ভাৰতীয় ভাষা হিচাপে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া এটা বিষয় হিচাপে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক শাখাত পৰীক্ষা দি আহিছে আৰু সেইমতেই চলি আহিছে৷ ১৯৬০ চনৰ ভাষা আন্দোলনৰ পাছতে এইটো ঠিক হৈছিল যে অসমৰ বৰাক উপত্যকাক বাদ দি বাকী অংশত অসমীয়া ভাষাই মুখ্য ভাষা হিচাপে প্ৰচলিত হ’ব৷ পাছত অৱশ্যে বড়ো ভাষাও সংবিধানস্বীকৃত ভাষা হোৱাত অসমীয়া-বাংলাৰ সমান্তৰালকৈ বড়ো ভাষায়ো সমান মৰ্যাদা লাভ কৰিলে আৰু বড়োভূমিত এম আই এল হিচাপে ছাত্ৰ-ছাত্ৰীয়ে বড়ো ভাষা শিকিব আৰু পৰীক্ষা দিব৷ এতিয়া ছেবাই এই সিদ্ধান্তমতেই আজি দীৰ্ঘদিন পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ তেন্তে কিয় ল’ব লগা হ’ল এই সিদ্ধান্ত বা নতুন এই নিৰ্দেশনাত কি এনে বিষয় নিহিত হৈ আছে? প্ৰথম কথা হ’ল এই নিৰ্দেশনাই বৰাক উপত্যকা, বড়োভূমিৰ লগতে অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জনজাতীয় অঞ্চলসমূহৰ পৰাও চিৰদিনৰ বাবে অসমীয়া ভাষাটোক বিদায় জনোৱা হ’ল৷ এইখন বিসংগতিপূৰ্ণ জাননীৰ পাছত আচলতে ছেবাই আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰত কৰিব লগা একোৱেই নাথাকিব৷ কোনো ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাৰ পৰিৱৰ্তে আন যিকোনো এটা ভাষাক এম আই এল হিচাপে লৈ উচ্ছ বা উচ্ছতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব৷ এতিয়া কথাটো ছেবাৰ দৰে পৰীক্ষা পৰিচালনা কৰা এটা প্ৰতিষ্ঠানৰ ভাষাৰ দৰে এটা বিষয়ত এনে সিদ্ধান্ত লোৱাৰ অধিকাৰ আছেনে? এইটোৱেই হৈছে গুৰুত্বপূৰ্ণ কথা৷ আচলতে অসমীয়া ভাষা শিক্ষাৰ ক্ষেত্ৰত ষষ্ঠ অনুসূচীৰ কথাটো ক’ৰপৰা আহিল? এইটো নি(য়কৈ বিজেপি চৰকাৰে শেহতীয়াকৈ ‘কা’বিৰোধী আন্দোলনৰ পাছত অসমীয়া ভাষাৰ ক্ষেত্ৰত প্ৰণয়ন কৰা আইনৰ এটা অংশ হ’ব লাগিব৷ বিজেপিয়ে লোকক দেখুৱাই যিমানেই অসমীয়াপ্ৰেমী হ’বলৈ যত্ন নকৰক, আৰ এছ এছৰ নীতিত পৰিচালিত বিজেপিয়ে ‘এখন দেশ এটা ভাষা’ৰ নীতিতেই কাম কৰি গৈছে আৰু সেই কামৰ অংশীদাৰ কৰি লৈছে ছেবাৰ অধ্যক্ষৰ দৰে বিষয়াক৷ বাৰে বাৰে অসমীয়া জাতিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিজেপিয়ে এই জাননীৰ জৰিয়তে চিৰদিনৰ বাবে অসমীয়া ভাষাক অসমতে এঘৰীয়া কৰাৰ এই চক্ৰান্তক সকলো মিলি প্ৰতিহত কৰিব লাগিব আৰু ছেবাৰ দৰে অসমৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠানটোক হয় হজুৰ বিষয়াৰ কবলৰ পৰা উদ্ধাৰ কৰি এজন প্ৰকৃত জাতিপ্ৰেমী, ভাষাপ্ৰেমী শিক্ষাবিদৰ হাতত ছেবাক পৰিচালনাৰ ভাৰ গতাব লাগিব, তাৰ গত্যন্তৰ নাই৷ 

ছেবা আন এটা কাৰণতো এইকেইদিন চৰ্চাত আছে৷ সি হৈছে ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা এটা পৰিচালনাৰ বাবে গঠন কৰা প্ৰতিষ্ঠানটোৱে এইবাৰ শিক্ষান্ত পৰীক্ষাটো অনুষ্ঠিত হ’বনে নাই তাৰ সিদ্ধান্ত পৰীক্ষালৈ বিছটা দিনতকৈও কম দিন থকা অৱস্থাতো ল’ব পৰা নাই৷ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে [চি বি এছ ই] ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত সভা অনুষ্ঠিত কৰি উচ্ছ মাধ্যমিক পৰীক্ষা বাতিল কৰা আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, আই চি এছ ই পৰিষদেও পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ এনে অৱস্থাত ছেবাই অসমৰ ছাত্ৰ-ছাত্ৰীক আশ্বস্ত কৰিব নোৱৰা ঘটনাই ছেবাৰ বিফলতাকেই প্ৰতিপন্ন কৰিছে৷ আনহাতে, ছেবাৰ অধ্যক্ষজনে সমগ্ৰ দায়িত্ব শিক্ষামন্ত্ৰীলৈ ঠেলি দিয়া কাৰ্যই ছেবাৰ স্বতন্ত্ৰতাৰ বিষয়টোও বৰকৈ চৰ্চা হৈছে৷ সকলো কাম যদি মন্ত্ৰীয়েই কৰিব লাগে, তেন্তে স্বতন্ত্ৰ পৰিষদখনৰ কি কাম আছে? ছেবাৰ এনে দায়িত্বহীন কাম এইবাৰেই প্ৰথম নহয়৷ ইয়াৰ আগতেও পাঠ্যক্ৰম হ্ৰাস কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদতকৈ প্ৰায় দুমাহ দেৰিকৈ লৈছিল৷ এতিয়াও একে পৰ্যায়ৰ দুখন ব’ৰ্ডৰ পৰীক্ষা বাতিল হোৱাৰ পাছত ছেবায়ো যে বাকী দুখন ব’ৰ্ডৰ দৰেই সিদ্ধন্ত ল’ব সেইটো আশা কৰিয়ে উৎসাহহীনভাৱে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ টেবুলত বহি থাকিব লগা হৈছে৷