Logo
image

মহাৰাষ্ট্ৰ, বিহাৰৰ পাছতেই অসমত সংক্ৰমণৰ হাৰ সৰ্বাধিক

আমাৰ অসম, ২৩ এপ্ৰিলঃ মহাৰাষ্ট্ৰ-বিহাৰৰ পাছতেই দৈনিক ক’ভিড পজিটিভৰ হাৰত শীৰ্ষত আছে অসম৷ অসমত এতিয়া ক’ভিডৰ ইণ্ডিয়ান ডৱল মিউটেণ্ট ভিৰিয়েণ্টৰ সংক্ৰমণ আৰম্ভ হোৱাত স্বাভাৱিকভাৱেই ৰাজ্যবাসীক শংকিত কৰি তুলিছে৷ নিৰ্বাচনৰ দুহাই দি পূৰ্বেতে অসমত নাগৰিক তথা ৰে’ল-বিমান যাত্ৰীক ক’ভিড টেষ্ট কৰাৰ পৰা স্বাস্থ্য বিভাগে ৰহস্যজনকভাৱে বিৰত থকাৰ বাবেই ৰাজ্যত ইউ কে ভেৰিয়েণ্টৰ সংক্ৰমণৰ পথ মুকলি হৈছিল৷ সেই সময়ত ৰাজ্যৰ স্ব-ইচ্ছাই জ্বৰ-কাহ আদি ক’ভিড লক্ষণে দেখা দিয়া ব্যক্তিসকলেহে ক’ভিডৰ টেষ্টৰ বাবে আগবাঢ়ি অহাত পজিটিভ হাৰ নগণ্য আছিল৷ কিন্তু শেহতীয়াকৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰে’ল ষ্টেচন, বিমান বন্দৰত বাধ্যতামূলক টেষ্ট কৰাৰ লগতে ৰাজ্যত ক’ভিড পৰীক্ষা বৃদ্ধি কৰাত অবিশ্বাস্য হাৰত অসমত পজিটিভ হাৰ বৃদ্ধি পাইছে৷ আক্ৰান্তৰ সংখ্যাগত তালিকাত অসমৰ দেশৰ ১৮সংখ্যক স্থানত থাকিলেও দৈনিক পজিটিভ হাৰত ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত আছে অসম৷ দেশৰ ক’ভিড আক্ৰান্ত ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰ শীৰ্ষত থকাৰ লগতে দ্বিতীয় স্থানত আছে বিহাৰ৷ মহাৰাষ্ট্ৰ আৰু বিহাৰৰ পাছতেই পজিটিভ হাৰৰ তালিকাত আছে অসম৷ বৃহস্পতিবাৰে অসমৰ ক’ভিড পজিটিভ হাৰ হৈছে ২.৬৩ শতাংশ৷ বৃহস্পতিবাৰৰ বিপৰীতে বুধবাৰে ৰাজ্যৰ পজিটিভ হাৰ আছিল ২.৬৮ শতাংশ৷ আনহাতে মঙলবাৰে ২.৪৬ শতাংশ, সোমবাৰে ২.০৯ শতাংশ আৰু দেওবাৰে ২.৭৪ শতাংশ আছিল দৈনিক অসমৰ পজিটিভ ৰোগীৰ হাৰ।