Logo
image

কুম্ভমেলালৈ আহি কৰ’নাত আক্ৰান্ত নেপালৰ ৰজা-ৰাণী

আমাৰ অসম, ২৩ এপ্ৰিলঃ কুম্ভ মেলাত পৱিত্ৰ স্নান কৰিবলৈ আহি কৰ’নাত আক্ৰান্ত হ’ল নেপালৰ ৰজা-ৰাণী৷ মঙলবাৰে নেপালৰ ৰজা জ্ঞানেন্দ্ৰ শ্বাহ আৰু তেওঁৰ পত্নী কোমল শ্বাহ কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত৷ উল্লেখ্য যে হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলত ভাগ লৈ নিজ দেশলৈ উভতি যোৱা নেপালৰ ৰজা-ৰাণীক আদৰণি জনাবলৈ কাঠমাণ্ডুৰ বিমান বন্দৰত কেবা শতাধিক লোকৰ সমগাম ঘটিছে৷ ৰজা-ৰাণীৰ দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাত এতিয়া বিমান বন্দৰত উপস্থিত থকা সকলেও কৰ’না পৰীক্ষা কৰিবলগীয়া হৈছে বুলি নেপালৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ ইপিনে স্বয়ং ৰজা-ৰাণী কৰ’নাত আক্ৰান্ত হোৱাত স্বাভাৱিকতে নেপালৰ ৰাজ প্ৰসাদৰ এতিয়া বিৰাজ কৰিছে কৰ’নাৰ আতংকই৷