
তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ
'আমাৰ অসম'ৰ তামুলপুৰৰ প্ৰতিবেদকঃ তামুলপুৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ। সমষ্টিটোৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সু-খবৰ কঢ়িয়াই আনিছে বিধায়ক গৰাকীয়ে। উল্লেখযোগ্য যে গুৱাহাটীৰ SPM LALAN'S কোচিং চেণ্টাৰত নীট পৰীক্ষাৰ বাবে ১১ মহীয়া প্ৰশিক্ষণ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়ক জলেন দৈমাৰীয়ে৷
আনহাতে তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰি বিধায়ক জলেন দৈমাৰীয়ে এই কথা সদৰী কৰে। তদুপৰি উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিক্ষিত ছাত্ৰ-ছাত্ৰীক আবেদন কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে 70990-78514 নম্বৰৰ WhatsApp যোগেৰে Hi মেচেজ কৰি আবেদন কৰিব পাৰিব ছাত্ৰ-ছাত্ৰী সকলে। অহা ৬ জুন তাৰিখে আবেদন কৰাৰ অন্তিম দিন আৰু ৮ জুন তাৰিখে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাছনি পৰীক্ষা অনুষ্ঠিত কৰি নীট পৰীক্ষাৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিৰ ৫ জন ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হ'ব ৷
উল্লেখযোগ্য যে বাছনি পৰীক্ষাত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীসকল নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব পৰাকৈ গুৱাহাটীৰ SPM LALAN'S কোচিং চেণ্টাৰত প্ৰয়োজনীয় সকলো ব্যৱস্থাৰ সুবিধা লাভ কৰিব বুলি কয় বিধায়ক গৰাকীয়ে। আজিৰ সংবাদ মেলত তামুলপুৰ জিলা ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক গনেশ নাথ, ইউ পি পি এল দলৰ, অবিচি মৰ্চাৰ জিলা সভাপতি সাধাৰণ সম্পাদক বীৰেন ৰাজবংশী, SPM LALAN'Sৰ হৈ পলাশ গগৈ, বিবেক জৈনসহ দলীয় নেতাসকল উপস্থিত আছিল।