
বৰষুণ পৰিলেই জলমগ্ন হয় পদুপাৰাৰ গড়কাপ্তানি পথ
'আমাৰ অসম'ৰ টিপলাইৰ প্ৰতিবেদকঃ গোৱালপাৰা জিলাৰ পূৱ প্ৰান্তৰ পূৱ গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পদুপাৰা-ধূপধৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটোৰ বহু অংশ জৰাজীৰ্ণ হৈ পৰাৰ লগতে পথটোৰ বহু অংশত পানী জমা হৈ থকাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ।
উল্লেখ্য যে পদুপাৰাৰ পৰা আমবাৰী হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। এজাক বৰষুণ পৰিলেই জলমগ্ন হৈ পৰে পথটোৰ বহু অংশ। আনপিনে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা পথটোৰ বহু অংশৰ ব্লেক টেপিং এৰি গৈ পথটোৰ বহু অংশত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যি কোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে।
উল্লেখযোগ্য যে পূৰ্বতে দুধনৈ জনজাতি বিধান সভা সমষ্টি আৰু আমবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা সংখ্যালঘুৰ বসতিপ্ৰধান অঞ্চলটোৰ উন্নয়নৰ বাবে সমষ্টিটোৰ পৰা জয়ী হোৱা কোনো এজন জনপ্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাত সামগ্ৰীক উন্নয়নৰ পৰা পিছপৰি আছিল অঞ্চলবাসী। তদুপৰি যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বেই সমষ্টি বিভাজন হোৱাৰ ফলত পদুপাৰা অঞ্চলটো পূৱ-গোৱালপাৰা বিধানসভা সমষ্টিৰ লগত সংলগ্ন হয়।
সদা ব্যস্ত পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে প্ৰতিদিনেই স্কুল, কলেজলৈ অহা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ব্যৱসায়-বাণিজ্য, চিকিৎসালয়লৈ ৰোগী নিয়াৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলবাসী। পথটোৰ পানী জমা হৈ থকা অংশ সমূহত দুয়োকাষে নলাৰ ব্যৱস্থা কৰি যাতায়তৰ পথ সুচল কৰি দিবলৈ লোকনিৰ্মাণ বিভাগ, চৰকাৰ তথা বিধায়ক এ কে ৰছিদ আলমক আহ্বান জনাইছে ।