Logo
image

প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ

'আমাৰ অসম'ৰ নামতি দলৰ প্ৰতিবেদকঃ  শিৱসাগৰ জিলাৰ টিঙিৰীপাম অভয়াপুৰীয়া গাঁৱৰ  নামদাং নদীৰ কাষত আজি পুৱা পিঞ্জৰাৱদ্ধ হল এটা প্ৰকাণ্ড নাহৰফুটুকী। উল্লেখযোগ্য যে টিঙিৰীপাম অভয়াপুৰীয়াৰ বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি বাঘৰ সঘনাই উপদ্ৰৱ চলি আহিছিল। ।যোৱা বৃহস্পতিবাৰে ৰাইজৰ সহযোগত বন বিভাগে গাঁও খনত এটা পিঞ্জৰা সংস্থাপিত কৰিছিল।


আনহাতে সেই পিঞ্জৰাটোত এটা মৃত গৰু সোমোৱাই ৰাখিছিল।অৱশেষত আজি পুৱা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয়। উল্লেখ্য যে ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকী বাঘটো প্ৰাথমিক চিকিৎসা কৰাই সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিব বুলি জানিব পৰা  গৈছে।