
চিমেন চাপৰিৰ পদ্ম দৈমাৰীৰ স্বাৱলম্বীতাৰ নিদৰ্শন
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদকঃ ৰাজ্যত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়তেই চিমেন চাপৰিৰ এগৰাকী নিবনুৱা যুৱকে বৰফৰ ব্যৱসায় কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে চিমেন চাপৰিৰ গৌজৌনপুৰৰ নিবাসী পদ্ম দৈমাৰীয়ে ২০১৪ চনত চৈধ্য লাখ টকাৰ পুঁজি খটুৱাই আৰম্ভ কৰিছিল বৰফৰ ব্যৱসায়। কঠোৰ পৰিশ্ৰম কৰি ব্যৱসায় আৰম্ভ কৰাৰ দুবছৰৰ পাছতেই মূলধনৰ টকাখিনি নিজৰ হাতলৈ ঘূৰাই আনিবলৈ সক্ষম হয় যুৱ উদ্যোগী পদ্ম দৈমাৰী।
উল্লেখ্য যে লাহে লাহে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হ'বলৈ ধৰাত চাৰিগৰাকী নিবনুৱা যুৱকক স্থায়ীভাৱে কৰ্ম সংস্থাপন দিয়াৰ লগতে তেওঁৰ বৰফ উৎপাদন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা পোন্ধৰৰ পৰা কুৰিগৰাকী নিবনুৱাই আইচক্ৰীম লৈ গৈ চিমেন চাপৰি, ডেকাপাম, তেলাম, লাইমেকুৰী, জোনাই আদি ঠাইত বিক্ৰী কৰে। আনহাতে বিশুদ্ধ গাখীৰ আৰু চেনিৰ সংমিশ্ৰণ কৰি দৈনিক তিনিহাজাৰ সোৱাদ যুক্ত আইচক্ৰীমৰ পেকেট তৈয়াৰ কৰে পদ্ম দৈমাৰীয়ে। চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰাকৈ বৰ্তমান যুৱ উদ্যোগী পদ্ম দৈমাৰীয়ে মাহে এক লাখ টকা আয় উপাৰ্জন কৰি আহিছে। নিজৰ লগতে বহুজনৰ স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হোৱা পদ্ম দৈমাৰীৰ ব্যৱসায়িক উদ্যোমিতাক সকলোৱে প্ৰশংসা কৰিছে।