Logo
image

জলমগ্ন মাজবাটৰ লাচিত নগৰ

'আমাৰ অসম'ৰ ওৰাঙৰ প্ৰতিবেদকঃ   আজি কেইবাদিনো একেৰাহে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ৰাজধানী গুৱাহাটীকে আদিকৰি ৰাজ্যখনৰ ভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে  ৰাজ্যখনত হোৱা কৃত্ৰিম বানপানীৰ ফলত সমান্তৰালকৈ মাজবাটৰ লাচিত নগৰত কৃত্ৰিম বানপানীত জলমগ্ন হৈ পৰিছে । 


আনহাতে পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে মাজবাট মহাবিদ্যালয়ৰ কাষেৰে বৈ আহি মাজবাটৰ চহৰৰ ওচৰেদি বৈ যোৱা এটি নলাত বাঢ়নী পানীয়ে  প্ৰৱেশ কৰাত সমগ্ৰ মাজবাট চহৰৰ লাচিত নগৰ প্লাবিত হৈ পৰিছে। তদুপৰি কৃত্ৰিম বানপানী আবাসিক অঞ্চলত  প্ৰৱেশ কৰাত লাচিত নগৰত বসবাস কৰা লোক সকলৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। সন্ধিয়ালৈ উক্ত এলেকাৰ লোক সকল একাঠু পানীৰ মাজত আবদ্ধ হৈ পৰাৰ লগতে গৰু ছাগলী খাদ্যৰ বাবে হাহাকাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ।