Logo
image

জলমগ্ন টিপলাইৰ সোণোৱালী ধাননি পথাৰ

'আমাৰ অসম'ৰ টিপলাইৰ প্ৰতিবেদকঃ   নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টিপলাই অঞ্চলৰ পথাৰত সোণোৱালী হৈ পৰা ধাননি পথাৰৰ ধান বাঢ়নী পানীত বুৰ যোৱাত চিন্তিত হৈ পৰিছে  অঞ্চলটোৰ একাংশ কৃষক তথা কৃষক পৰিয়াল। উল্লেখযোগ্য যে  ৰাজ্যখনত মৌচুমীৰ আগমন কিছু আগতীয়াকৈ অহাৰ বাবে হঠাতে বৰষুণৰ পৰিমাণ বৃদ্ধি পায়।  যাৰ পৰিপেক্ষিতত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত কপালৰ ঘাম মাটিত পেলাই কৃষক সকলে ৰোপণ কৰা উন্নত প্ৰজাতিৰ ইৰি বৰোৰ ধাননি পথাৰত পানী হোৱাত কৃষক সকল চিন্তিত হৈ পৰিছে । উল্লেখ্য যে বৃহত্তৰ টিপলাই অঞ্চলটোত যোৱা কেবা বছৰৰ পৰা খৰালিতে কৃষি কাৰ্য সম্পাদন কৰি বাৰিষাৰ পূৰ্বে ভড়াঁল চপাব পৰা উন্নত প্ৰজাতিৰ ইৰি বৰো ধানৰ সংকৰণ বীজৰ খেতি কৰিবলৈ লৈছে।


তদুপৰি খৰালিৰ সময়ত এই কৃষি কাৰ্য সম্পন্ন কৰিব লগা হোৱাৰ বাবে কৃষি ভূমিত এটুপি পানীৰ বাবেই হাহাকাৰ কৰিব লগীয়া হয়  কৃষক সকলে। কিন্তু হঠাতে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত উপায়ন্তৰহৈ পৰে একাংশ কৃষক। আনহাতে পথাৰখনত একাংশই আগতিয়াকৈ কঠিয়া ৰোপণ কৰা কৃষক সকলে ধান কাটি ভঁৰাল চপাবলৈ সক্ষম হয় যদিও একাংশ কৃষকে পলম কৈ কৃষি কাৰ্য সম্পন্ন কৰা বাবে ধাননি ডৰাৰ ধান ভালদৰে নপকাত মুৰে কপালে হাত দিব লগীয়া হৈছে। পানীৰ মাজতেই একাংশ কৃষকে নিজৰ কৃষিভূমিত সোণোৱালী হৈ পৰা ধান যথেষ্ট কষ্ট কৰি কাটিব লগা হৈছে । উল্লেখ্য যে কৃষক সকলে পানীৰ মাজৰ পৰা কলৰ ভূৰ  সাজি ধান পাৰলৈ চপাব লগীয়া হৈছে । অত্যধিক পৰিশ্ৰম আৰু যত্নৰ ফলত পথাৰত নদন বদন হৈ পৰা সোনগুটি ঘৰ চপাই কৃষকৰ সপোন দিঠকত পৰিণত কৰাৰ সময়তে  মুষলধাৰে  বৰষুণ পৰি থকাত দ' অঞ্চলৰ কৃষি পথাৰত পানী বৃদ্ধি পোৱাত পানীৰ মাজতে ধান কাটি পাৰলৈ চপাব লগীয়া হৈছে। একাংশ লোকে পানীৰ মাজতেই পকা ধান কাটিছে যদিও ভালদৰে ৰ'দ নোপোৱা বাবে কাটি থোৱা ধান গজালি মেলি নষ্ট হোৱাৰ লগতে কৃষক সকলে পোহনীয়া গৰু মহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিছে।