Logo
image

উক্তি-বক্ৰোক্তি

  - পাকিস্তানে গুলী চলালে ভাৰতে চলাব কামানৰ গোলা৷ পেহেলগামত  সন্ত্ৰাসবাদীয়ে ভাৰতৰ ঐতিহ্য, সংস্কৃতি আৰু নাৰীশক্তিক ‘চেলেঞ্জ’ কৰিবলৈ গৈ নিজৰ বিপদ নিজেই চপাই ল’লে৷ ভাৰতীয় নাৰীৰ সেন্দূৰ হৈ উঠিল বীৰত্বৰ প্ৰতীক৷ ‘অপাৰেচন সিন্দূৰ’ সৰ্বাধিক সফল আৰু বৃহত্তম সন্ত্ৰাসবাদবিৰোধী অভিযান৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

- অহা সপ্তাহত পাকিস্তানী প্ৰতিনিধিয়ে আমেৰিকাৰ সৈতে শুল্কৰ নিৰিখ চূড়ান্ত কৰিবলৈ ৱাশ্বিংটনলৈ আহিব৷ ভাৰতৰ লগতো আমি শুল্কৰ নিৰিখ চূড়ান্ত কৰাৰ ক্ষেত্ৰত শেষ পৰ্যায়ত উপনীত হৈছোঁ৷ যুদ্ধবিৰতিৰ সময়ত কোৱাৰ দৰেই বাণিজ্য আলোচনা দুয়োখন দেশৰ সৈতে ইতিবাচকভাৱে আগবাঢ়িছে৷

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

- মুখ্যমন্ত্ৰীয়ে সুন্দৰভাৱে চৰকাৰ চলাই আছে, আমি দল চলাই আছোঁ৷ আমি ৰাম, লক্ষ্মণ হিচাপে আছোঁ৷

– বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

-প্ৰধানমন্ত্ৰীক মোৰ প্ৰত্যাহ্বান, লাইভ বিতৰ্কলৈ আহি প্ৰশ্নৰ উত্তৰ দিয়ক৷  লগত নিজৰ টেলিপ্ৰম’টাৰো লৈ আহিব পাৰিব৷

 – পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

-২২ দিনত ‘বন্ধু ড’নাল্ডভায়ে’ তিনিখন দেশৰ তিনিখন চহৰত ৯ বাৰ দাবী কৰিছে, তেওঁ বেহা-বেপাৰ বন্ধ কৰিব বুলি ভাবুকি দিয়াৰ ফলতে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি হৈছিল৷ কিন্তু ‘ড’নাল্ডভাই’ৰ বন্ধু নৰেন্দ্ৰ  মোদীয়ে সেই কথা নুশুনাৰ ভাও ধৰি মুখ বন্ধ কৰি আছে৷ ড’নাল্ড ট্ৰাম্পেও মোদীয়ে কৰাৰ দৰে (ফাঁকি দিয়া) কৰিছে নেকি? মোদীয়ে সোনকালে উত্তৰ দিয়ক৷ 

– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

- পেহেলগামক লৈ বলীউডে মন্তব্য নকৰা বুলি সমালোচনা হৈছে৷ মইতো এই বিষয়ত মাত মাতিছোঁ৷ মোৰ কথা আকৌ বহুতৰ পছন্দ নহয়৷ আমাৰ কিছুমানে ‘ৰিস্ক’ থকা বিষয়ত মাত নামাতে, বিষয় সহজ হ’লে জঁপিয়াই পৰে৷ তেওঁলোক টকা ঘটাত ব্যস্ত, হয়তো পেহেলগামক লৈ ছবি নিৰ্মাণৰ গৱেষণাত লাগি আছে৷ 

– গীতিকাৰ জাভেদ আখতাৰ


- আমাৰ কেইখন যুদ্ধবিমান ধ্বংস হ’ল, সেইটো গুৰুত্বপূৰ্ণ নহয়৷ কিয় ধ্বংস হ’ল সেইটোহে গুৰুত্বপূৰ্ণ৷ কিন্তু ইতিবাচক দিশ হ’ল, আমি আমাৰ ভুল তাৎক্ষণিকভাৱে ধৰা পেলাব পাৰিছোঁ আৰু কৌশল সলনি কৰি পুনৰ যুদ্ধবিমান উৰুৱাই সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিছোঁ৷ 

– ভাৰতৰ চিডিএছ অনিল চৌহান

- বাংলাদেশীৰ আগ্ৰাসনৰ পৰা খিলঞ্জীয়াক ৰক্ষাৰ বাবে অসমৰ পাহোৱাল ডেকাৰে এটা বিশেষ বেটেলিয়ন গঠন কৰক৷ 

– আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য

- বান হৈছে কাৰণেই আপোনালোক আহিছে, আমি আহিছোঁ৷ নহ’লে কিয় আহিলোঁহেঁতেন? কোনে ‘গ’ বেক’ দিলে, কোনে ‘কাম ইন’ দিলে সেইটো মোৰ বিচাৰ্য নহয়৷ সমস্যাৰ সন্মুখীন হোৱা মানুহৰ যদি ক্ষোভ নাথাকে, তেন্তে তেওঁলোক মানুহেই নহয়৷ 

– গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি

- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই দীৰ্ঘদিন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল৷ এতিয়াও তেওঁৰ ঘনিষ্ঠ সহযোগী এই বিভাগৰ মন্ত্ৰী৷ কিন্তু বিজেপিৰ মন্ত্ৰীসকলে জলাশয় সংৰক্ষণ আৰু জল নিষ্কাশন ব্যৱস্থা নিৰ্মাণতকৈ নিজৰ ঘৰলৈ যোৱা পথৰ প্ৰতি বেছি গুৰুত্ব দিয়ে৷

– প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

- মুম্বাইৰ ফ্লেটৰ দাম যেনেকুৱা, বুমৰা তেনেকুৱাই মহাৰ্ঘ্য৷ এনে এজন বলাৰক দলত পোৱাটো অধিনায়কৰ বাবে সৌভাগ্য৷ মই স্ক’ৰব’ৰ্ডৰ দিশে দৃষ্টি ৰাখিছিলোঁ৷ বুজি উঠিছিলোঁ, ৰানৰ গতি বন্ধ কৰিব লাগিব৷ তেতিয়াই বুমৰাৰ হাতত বল তুলি দিলোঁ আৰু তেওঁ পাৰ্থক্য গঢ়ি দিলে৷ 

– মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া

- ৰাইজ, আজি আমি বানত উটি-ভাহি আছোঁ৷ গুৱাহাটীত, কোনোমতে আহি ঘৰ পাইছোঁ৷ আপোনালোকো ঘৰলৈ যাওক৷ সকলোকে সজাগ হ’বলৈ অনুৰোধ জনাইছোঁ আৰু মৰম যাচিছো৷ বানপানী৷

– শিল্পী জুবিন গাৰ্গ