
বাক্সাৰ মেদাঘাটত বিকশিত কৃষি সংকল্প অভিযান
'আমাৰ অসম'ৰ বৰমাৰ প্ৰতিবেদক ,২ জুনঃ কৃষি হৈছে ভাৰতীয় অৰ্থনীতিৰ মুল ভেটি। কৃষি খণ্ডৰ উন্নয়ন হ'লেহে ভাৰতীয় অৰ্থনীতি শক্তিশালী হ'ব। সেয়েহে বৰ্তমান ভাৰত চৰকাৰে কৃষি খণ্ডৰ ওপৰত যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে কৃষি খণ্ডক আন ৰাজ্যৰ দৰেই অসমখনক সমানে আগবঢ়াই নিয়াৰ কাৰণে ২৯ মে'ৰ পৰা ১২ জুনলৈ কৃষি বিভাগৰ উদ্যোগত আৰু কেভিকেৰ সহযোগত আয়োজন কৰিছে " বিকশিত কৃষি সংকল্প অভিযান " কাৰ্যসূচী। আনহাতে কৃষিৰ লগত জড়িত পশু, মীন আদি বিভাগৰ লোকক লগত লৈ ১৪ দিন কৃষকৰ লগত মত-বিনিময় কৰি কৃষকৰ সমস্যাৰ বুজ লোৱাৰ কাৰণে নিৰ্দেশ জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে ।
উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশ অনুসৰি শনিবাৰে বাক্সাৰ মেদাঘাটত " বিকশিত কৃষি সংকল্প অভিযানৰ " জৰিয়তে কৃষকৰ লগত যোৰহাট কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকাই মত-বিনিময় কৰে। কৃষি বিভাগৰ লোকে প্ৰতিখন জিলাত ৪৮ খনকৈ কৃষি সজাগতা সভা অনুস্থিত কৰি কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰাৰ লগতে কৃষকৰ সমস্যাৰ বিষয়ে বুজ লব বুলি মন্তব্য কৰে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। লগতে তেওঁ কৃষি খণ্ডত বাক্সা জিলা বহু উন্নত বুলি মন্তব্য কৰি একেডৰা মাটিত তিনিটা খেতি কৰি কৃষকৰ আয় বৃদ্ধি কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে যুৱক-যুৱতী সকলে কৃষি বিভাগৰ এই সজাগতা সভাত উপস্থিত থাকি কৃষি বিজ্ঞানীৰ পৰামৰ্শ শুনিলে তেওঁলোকৰ মন সলনি হৈ যাব বুলি মন্তব্য কৰে উপাচাৰ্য গৰাকীয়ে। আনহাতে বহিৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি যোৱা যুৱক-যুৱতী সকলক ঘুৰাই আনি তেওঁলোকক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰিলে অসমৰ অৰ্থনীতি সলনি হৈ যাব বুলি মন্তব্য কৰে উপাচাৰ্য গৰাকীয়ে। দুই শতাধিক কৃষক উপস্থিত থকা সজাগতা সভাত কৃষি বিজ্ঞানী ড০ উৎপল জ্যোতি শৰ্মাৰ লগতে জিলা কৃষি বিষয়া সকল উপস্থিত থাকে ।