
আইপিএলৰ নতুন চেম্পয়ন আৰচিবি
আহমেদাবাদ, ৩ জুনঃ ৯ বছৰ পাছত আই পি এলৰ ফাইনেলত উপনীত হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু [আৰ চি বি]৷ অন্তিমবাৰ দলটোৱে ফাইনেল খেলিছিল ২০১৬ চনত৷ তাৰপূৰ্বেও দুবাৰ খিতাপৰ যুঁজত অৱতীৰ্ণ হৈছিল দলটো৷ কিন্তু ট্ৰফী তুলি ল’বলৈ সফল হ’ব পৰা নাছিল৷ এই প্ৰতীক্ষাৰ অন্ত পৰিল মঙলবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত৷ পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি আই পি এলৰ নতুন চেম্পিয়নৰ সন্মান পালে আৰ চি বিয়ে৷ ফাইনেলত শ্ৰেয়স আয়াৰৰ পঞ্জাব কিংছক জয়ৰ বাবে প্ৰয়োজন আছিল ১৯১ ৰানৰ৷ শশাংক সিঙৰ আক্ৰমণাত্মক বেটিঙে দলটোৰ জয়ৰ সম্ভাৱনাও সৃষ্টি কৰিছিল যদিও শেষপৰ্যন্ত ১৮৪ ৰানত [সাত উইকেট] থমকি ৰ’বলগীয়া হয় পঞ্জাব কিংছ৷ ৩০টা বলত ছটা ‘ছয়’ আৰু তিনিটা ‘চাৰি’ৰে ৬১ ৰানত অপৰাজিত থাকে শশাংক৷ তেওঁৰ উপৰি জোছ ইংলিছে ২৩টা বলত ৩৯, প্ৰভছিমৰন সিঙে ৪, প্ৰিয়ংশ আৰ্যই ২৪ আৰু নেহাল ৱাধেৰাই ১৫ ৰান সংগ্ৰহ কৰে৷ আৰ চি বিৰ ভুবনেশ্বৰ কুমাৰ, ক্ৰুনাল পাণ্ডিয়াই দুটাকৈ আৰু যশ ডয়াল, জোছ হেজেলউড, ৰোমাৰিঅ’ শ্বেফাৰ্ডে এটাকৈ উইকেট লাভ কৰে৷
প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱাৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অ’পেনাৰ ফিল ছেল্ট বিৰাট কোহলিৰ সৈতে আক্ৰমণাত্মক বেটিঙেৰে ইনিংছ আৰম্ভ কৰিছিল যদিও ছল্ট আউট হোৱাৰ পাছত দলটোৰ ৰানৰ গতি মন্থৰ হৈ পৰিছিল৷ ৯টা বলত এটা ‘ছয়’, দুটা ‘চাৰি’ৰে ১৬ ৰানত কাইল জেমিছনৰ বলত আউট হয় ছল্ট এটা উইকেটৰ পতনৰ পাছত কোহলি আৰু মায়ংক আগৰৱালাই আৰচিবিৰ ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা চলালেও ব্যক্তিগত ২৪ ৰানত মায়ংকো আউট হৈ ক্ৰীজ এৰিবলগীয়া হৈছিল৷ কোহলিয়ে দলৰ হৈ সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰিলেও তেওঁৰ বেটিং আছিল আশা কৰাতকৈ মন্থৰ৷ ৩৫টা বলত তেওঁৰ সংগ্ৰহ আছিল ৪৩ ৰান, য’ত আছিল কেৱল তিনিটা ‘চাৰি’৷ ইনিংছৰ পঞ্চদশ অভাৰলৈ আৰচিবিৰ ৰানৰ গতি আছিল যথেষ্ট মন্থৰ৷ কিন্তু জিতেশ শৰ্মা ক্ৰীজলৈ অহাৰ পাছত তেওঁ ৰানৰ গতি দ্ৰুত কৰাৰ চেষ্টা চলাইছিল৷ সপ্তদশ অভাৰত কাইল জেমিছনৰ বলত আৰচিবিৰ ইনিংছত যোগ হৈছিল ২৩ ৰান৷ কিন্তু নিয়মিত গতিত উইকেট পতন ঘটাৰ বাবে আৰচিবিৰ বেটাৰৰ ওপৰত চাপ বৃদ্ধি পাইছিল৷ এটা সময়ত দলটোৰ স্ক’ৰ ২০০ ৰানৰ সীমা পাৰ হ’ববুলি অনুমান কৰা হৈছিল যদিও ২০ অভাৰত দলটোৱে ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৯০ ৰান৷ অধিনায়ক ৰজত পাটিদাৰে ৪, লিয়াম লিভিংষ্টোনে ২৫, জিতেশ শৰ্মাই ২৪ আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডে ১৭ ৰান সংগ্ৰহ কৰে৷ অন্তিমটো অভাৰত পঞ্জাব কিংছৰ পেচ বলাৰ অৰ্শদীপ সিঙে তিনিটা উইকেট দখল কৰে৷ তেওঁৰ উপৰি তিনিটা উইকেট লাভ কৰে কাইল জেমিছনেও৷ এটাকৈ উইকেট পায় আজমতুল্লা অ’মাৰজাই, বিজয় কুমাৰ বিশাক আৰু যুজবেন্দ্ৰ চাহলে৷