Logo
image

আবিলেকত ব্যতিক্ৰমী বিশ্ব পৰিৱেশ দিৱস

'আমাৰ অসম'ৰ প্ৰতিনিধি, আমিনগাঁও,৫ জুনঃ  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটী ৰজাদুৱাৰস্থিত অসমৰ অন্যতম জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ (আবিলেক) চৌহদতো আজি বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় । বৃক্ষ ৰোপণৰ লগতে ইয়াৰ প্ৰতিপালনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি  আজি  আবিলেকৰ কাৰ্যালয়ত ৰূপায়ন কৰা হয় এক  ব্যতিক্ৰমী কাৰ্যসূচী ।


 উল্লেখ্য যে ২০২৪ চনৰ বিশ্ব পৰিৱেশ দিৱসত আবিলেকৰ কৰ্মচাৰী সকলৰ দ্বাৰা আবিলেকৰ চৌহদত প্ৰায় একুৰি গছ পুলি ৰোপণ কৰা হৈছিল । উক্ত অনুষ্ঠানত আবিলেকৰ সঞ্চালক ড০ সুদেঞ্চা ভট্টাচাৰ্যই ঘোষণা কৰিছিল যে গছ পুলি সমূহৰ প্ৰতিপালনৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে উদ্গনি মূলক বঁটা প্ৰদান কৰা কৰা হ'ব । উক্ত ঘোষণা মৰ্মেই এবছৰ পিছত আজি আবিলেকৰ কাৰ্যালয়ত আয়োজিত বৃক্ষ ৰোপণ কাৰ্যসূচীত দুগৰাকী কৰ্মচাৰীক শ্ৰেষ্ঠ প্ৰতিপালক হিচাপে তেওঁলোকৰ নাম ঘোষণা  কৰা হয়। উল্লেখযোগ্য যে আবিলেকৰ কৰ্মচাৰী  ৰুক্মিণী যাদৱক প্ৰথম আৰু   ৰিতু ৰাজ বসুমতাৰী দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিপালক হিচাপে নাম ঘোষণা কৰে সঞ্চালকে । ইফালে,আবিলেকে গ্ৰহণ কৰা এই ব্যতিক্ৰমী কাৰ্যসূচীয়ে উৎসাহিত কৰিছে আবিলেকৰ পৰিয়ালবৰ্গক ।