Logo
image

মানুহে মানুহৰ বাবে...

অনৈতিক উপায়েৰে যিকোনো পৰিস্থিতিৰ পৰা লাভ আদায় কৰাৰ সুযোগ লোৱা মানুহৰ অভাৱ নাই৷ বানৰ নাম শুনিলেই বজাৰত বস্তু নোহোৱা হয়৷ বন্ধ, কাৰ্ফিউ অথবা অন্য আৰ্থ-সামাজিক, ৰাজনৈতিক দুৰ্যোগৰ উমান পালেই বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হয়৷ কোনো বিশেষ ৰোগৰ প্ৰাদুৰ্ভাৱ হ’লে প্ৰতিৰোধকাৰী ঔষধ বিচাৰি হায়ৰান হ’বলগীয়া হয়৷ মুঠতে, দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰাত এচাম লোক সিদ্ধহস্ত, লাগিলে তেনে কাম যিমানেই গৰিহণাযোগ্য নিকৃষ্ট কাম নহওক কিয়৷ ক’ভিড-১৯ অতিমাৰীৰ দৰে পৃথিৱী কঁপোৱা দুৰ্যোগ এটাৰ সময়তো সুযোগ-সন্ধানীসকলে নিজৰ চৰিত্ৰ সলোৱা নাই৷ কাৰ্ফিউ, লকডাউন আদিৰ নামত ক্ষণস্থায়ী শাক-পাচলিৰ পৰা আৰম্ভ কৰি দীৰ্ঘস্থায়ী– পৰিশোধিত উদ্যোগজাত সামগ্ৰীৰ দাম টিলিকতে বাঢ়ি গ’ল৷ দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকে কিদৰেনো অত্যধিক দৰত বস্তু কিনিব, তালৈ কাৰো কেৰেপকে নাই৷ এনে কাম কেৱল খাদ্যদ্ৰব্য-সামগ্ৰী অথবা ঔষধ বিক্ৰেতাইহে কৰিছে সেইটো নহয়; অন্য ক্ষেত্ৰত থকা লোকে আনধৰণে কৰিছে৷ কোনো চেলিব্ৰিটী যদি ক’ভিড আক্ৰান্ত হৈছে, তাৰ খবৰ কোনে আগতে দিব পাৰে, কোনে ভিতৰুৱা খবৰ দি টি আৰ পি বঢ়াব পাৰে, এচামে তাৰ সন্ধানতো থাকে৷ তাৰেই ফলতেইতো মৃত্যু নৌহওঁতেই মৃত্যু হোৱাৰ ব্ৰেকিং নিউজ দিয়াৰ দৰে জঘন্য ঘটনা ঘটে৷ এবছৰৰ অধিক কাল ধৰি পৃথিৱীৰ মানুহৰ গতি স্তব্ধ কৰি দিব খোজা ক’ভিডৰ ত্ৰাসৰ মাজতো কোনো কোনোৱে ভেঁজাল ছেনিটাইজাৰ উৎপাদন কৰি কোটি টকা উপাৰ্জন কৰাৰ লেখীয়া কামো কৰিব পাৰিছে৷ কোনো কোনোৱে ক’ভিডৰ দিনত জাৰি কৰা চৰকাৰী নিৰ্দেশনাৰ কৰ্ম-শিথিলতাৰ সুযোগ লৈ কৰিবলৈ দিয়াখিনিও নকৰি ঘৰতেই বহি দৰমহা ল’ব বিচাৰে৷ এচাম ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাকেই বিদায় দিব খোজে৷ সঁচাকৈয়ে বিচিত্ৰ মানুহ, বিচিত্ৰ কাৰবাৰ! কিন্তু ইয়াৰ মাজতো মানৱতাৰ পাতল ৰেঙণিয়ে পৃথিৱীক  আশ্বস্ত কৰে৷ একাধিক বলীউডৰ অভিনেতাই বিগত বৰ্ষত অনেক শ্ৰমিক-কৰ্মচাৰীক নিজ ঘৰলৈ ঘূৰি যোৱাৰ সুবিধা কৰি দিছিল বিনামূলীয়াকৈ৷ খাদ্য-বস্ত্ৰ, অৰ্থ সাহায্যৰেও স্থানান্তৰিত বহু লোকে অসহায় জনগণৰ কাষত থিয় হৈছিল৷ এইবাৰৰ পৰিস্থিতি অধিক বিষম৷ বিশেষকৈ, কেইখনমান ৰাজ্যত অক্সিজেন ছিলিণ্ডাৰৰ নাটনিয়ে বহু ৰোগীক মৃত্যুমুখলৈ ঠেলি দিলে৷ এনে দুৰ্যোগৰ দিনতেই সুযোগ-সন্ধানীসকলৰ বিপৰীতে এচাম সহৃদয় লোকে সহমৰ্মিতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ দেশৰ অন্যতম উদ্যোগপতি ৰতন টাটাই দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰতিদিনে ৩০০ টনকৈ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰাৰ কথা ঘোষণা কৰিছে৷ অক্সিজেন চিলিণ্ডাৰৰ অভাৱত আত্মীয়ক হেৰুওৱা এজনে আকৌ নিজৰ বিলাসী গাড়ীখনকেই বিক্ৰী কৰি সেই ধনেৰে অক্সিজেন চিলিণ্ডাৰ কিনি হাস্পতালত আৰ্তজনৰ বাবে যোগান ধৰিছে৷ অন্য এজন উদ্যোক্তাই নিজৰ কাৰখানাৰ সমস্ত অক্সিজেন চিলিণ্ডাৰ বিনা পইচাই ৰোগীক যোগান ধৰিছে৷ গুৰগাঁৱৰ হেমকান্ত ফাউণ্ডেশ্বন, দিল্লীৰ মায়াপুৰী ঔদ্যোগিক পামৰ অভিষেক, মুম্বাইৰ ইউনিটী এণ্ড ডিগনিটী ফাউণ্ডেশ্বন, হায়দৰাবাদৰ ছাকিনা ফাউণ্ডেশ্বন, মধ্যপ্ৰদেশৰ পঞ্চ-বন্ধু, থানেৰ সেৱা অউৰ সহযোগ আদি বেচৰকাৰী সংস্থাই অক্সিজেন চিলিণ্ডাৰ যোগান ধৰি ক’ভিড যুদ্ধলৈ অতুলনীয় সহযোগিতা আগবঢ়াইছে৷ পুনেৰ সন্দীপ কালে নামৰ এজন লোকে আকৌ ক’ভিড ৰোগী, ডাক্তৰ,-নাৰ্ছ, পুলিচ তথা চাফাইকৰ্মী– যিসকল ক’ভিড যুদ্ধৰ লগত জড়িত, তেওঁলোকলৈ বিনামূলীয়াকৈ ৰিক্সাৰে যাতায়াতৰ সেৱা আগবঢ়াইছে৷ এনেবোৰ ধনাত্মক কথাই প্ৰকৃতাৰ্থত সুযোগ-সন্ধানীসকলৰ দুষ্কাৰ্যক উপযুক্ত প্ৰত্যুত্তৰ দিয়ে৷ লগতে ক’ভিডে হতাশ কৰি তোলা হাজাৰ হাজাৰ মানুহক প্ৰত্যাহ্বান গ্ৰহণৰ সাহস তথা অনুপ্ৰেৰণা দিয়ে৷