
ধেমাজি জিলাৰ বড়ো মাধ্যমৰ বেচৰকাৰী বিদ্যালয়ৰ ৬২জন শিক্ষক-কৰ্মচাৰীক আৰ্থিক অনুদান বিতৰণ B.K.W.A.Cৰ
'আমাৰ অসম'ৰ জোনাইৰ প্ৰতিবেদক,৭ জুনঃ বিটিআৰৰ বাহিৰৰ বেচৰকাৰী বড়ো মাধ্যমৰ বিদ্যালয়ত কৰ্মৰত শিক্ষক-কৰ্মচাৰী সকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্য আগত ৰাখি বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা আৰ্থিক অনুদান আগঢ়োৱাৰ আঁচনি গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিটিআৰৰ বাহিৰৰ বেচৰকাৰী বড়ো মাধ্যমৰ বিদ্যালয়ত কৰ্মৰত মুঠ ১৩৯ গৰাকী শিক্ষক-কৰ্মচাৰীক চাৰিটা পৰ্যায়ত ক্ৰমে ১৫ গৰাকী শিক্ষকক ৩৩ হাজাৰ টকা, ১১৫ গৰাকী শিক্ষকক ১৬ হাজাৰ টকা, এগৰাকী কাৰ্য্যালয় সহায়কক ১০ হাজাৰ টকা আৰু ৮ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক ৮ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱা কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰে বড়ো-কছাৰী কল্যাণ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে। আনহাতে কালি ধেমাজি জিলাৰ বেচৰকাৰী বড়ো মাধ্যমৰ বিদ্যালয়ত কৰ্মৰত ৬২ গৰাকী শিক্ষক-কৰ্মচাৰীক চেক বিতৰণ কৰা হয়।
উল্লেখ্য যে চিমেন চাপৰি আহোম বৰাই বাথৌ ইংলিছ স্কুলত আয়োজন কৰা আৰু B.K.W.A.Cৰ বিশেষ কৰ্তব্যৰত বিষয়া শুক্ৰেশ্বৰ গয়াৰীয়ে আঁতধৰা অনুষ্ঠানত B.K.W.A.Cৰ মুৰব্বী মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে B.K.W.A.Cৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা বাবে পৰিষদখনে পূৰ্ণাঙ্গ বাজেট লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে আশা কৰা ধৰণে ৰাইজৰ উন্নয়নৰ কাম কৰিবলৈ অপাৰগ হৈছে বুলি উল্লেখ কৰি আহি থকা দিনত B.K.W.A.Cয়ে ৰাইজৰ কল্যাণৰ বাবে উন্নয়নমুখী আঁচনি প্ৰস্তুত কৰি ৰূপায়ণৰ কাম হাতত ল'ব বুলি বক্তব্য আগবঢ়াই। উক্ত অনুষ্ঠানত B.K.W.A.Cৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, এবছুৰ সম্পাদক বড়োছা ব্ৰহ্ম, আবৌফৰ সহকাৰী সাধাৰণ সম্পাদিকা সোভাৰাণী বসুমতাৰী, এমএচিৰ প্ৰাক্তন ইএম মলেন্দ্ৰ নাৰ্জাৰী, ধেমাজি জিলা পৰিষদৰ সদস্য চাঞ্চুমা বসুমতাৰী, বিটিআৰৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ললিত চন্দ্ৰ বড়ো, আহোম বৰাই বাথৌ ইংলিছ স্কুলৰ অধ্যক্ষ বিদ্ধেশ্বৰ দৈমাৰী প্ৰমুখ্যে কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।