
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে আশাৰ বতৰা
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদক, ৮ জুনঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা ভাৰত ভূটান সীমান্তৱৰ্তী ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনে শেহতীয়াকৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে এটা সময়ত এন ডি এফ বিৰ মূল কেন্দ্ৰ হিচাপে খ্যাত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনে এতিয়া উপাৰ্জনৰ স্থল হৈ পৰিছে। আনহাতে অস্ত্ৰৰ পৰিৱৰ্তে এতিয়া উপাৰ্জনৰ কেন্দ্ৰ বিন্দুত পৰিৱৰ্তিত হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্য যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোক সকলে বিভিন্ন পন্থা অৱলম্বন কৰি উপাৰ্জন কৰাৰ কৌশল প্ৰস্তুত কৰি নৱ প্ৰজন্মলৈ এক প্ৰেৰণা কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে ২০২০ চনত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ নেতৃত্বত উগ্ৰপন্থী সমস্যাৰ সমাধান হোৱাৰ পিছত শান্তি প্ৰতিষ্ঠা হোৱাত ৰাইমনা অঞ্চলত উঠি অহা নৱ প্ৰজন্মই বিভিন্ন ভাৱে উপাৰ্জন কৰিছে। তেনে অঞ্চলত এখন water Park বনাই উপাৰ্জন কৰিবলৈ আগবাঢ়ি আহিছে। তদুপৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ পিছত গাতে লাগি থকা পাৰ্কত সময় অতিবাহিত কৰিব পাৰিব পৰ্যটক সকলে। শনিবাৰে উক্ত ৰংচঙীয়া পার্কখন মুকলি কৰা হয়। মুকলি হোৱাৰ পিছৰ পৰাই লোকে লোকৰণ্য হৈ পৰে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। ৰাইমনাত তেনে এখন পার্ক বহু প্ৰয়োজন আছিল বুলি বহুতে অনুভৱ কৰিছিল যদিও আগবাঢ়ি অহা নাছিল কোনেও শেহতীয়া কৈ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ নিতৌ লোকৰ আগমন ঘটাৰ উপৰি বিদেশী পৰ্যটক অহাত দুই যুৱক জয়ন্ত বসুমতাৰী আৰু মানস বসুমতাৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰি এখন পার্ক নিৰ্মাণ কৰে। এই পার্কখনে স্থানীয় বহু যুৱক যুৱতীক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে।