
উন্নয়নৰ পৰা বঞ্চিত এখন গাঁও
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদক, ৮ জুনঃ গোসাঁইগাঁও মহকুমাৰ অধীনস্থ তথা বিটিচিৰ চৰাইবিল সমষ্টিৰ এখন অতি ভিতৰুৱা গাঁও। গাঁৱখনৰ নাম পোকালাগি। গাঁৱখনত বাস কৰা লোক সকলে আজিও দেখা নাই উন্নয়নৰ মুখ। যি সময়ত বিটিচি চৰকাৰখনে অধিক উন্নয়ন হোৱা বুলি জয়গান গাই ফুৰিছে তেনে সময়তে এশ এবুৰি সমস্যাত ভুগিছে গাঁৱৰ পৰিয়াল সমূহে। উল্লেখযোগ্য যে ৩৪৪ টা পৰিয়ালে বসবাস কৰা গাঁৱখনত যাতায়তৰ বাবে নাই এটা ভাল পথ। বাৰিষা আহিলেই চৰম জীয়াতু ভোগ কৰে গাঁৱৰ ৰাইজে। গাঁওখন ইমানেই পিছপৰা যে চৰকাৰী কোনো এখন আঁচনি ঢুকি পোৱা নাই গাঁৱবাসীক। আনহাতে পথৰ অভাৱত স্কুললৈ যাব নোৱাৰে গাঁৱৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল। পথৰ অভাৱত গাঁৱত নাহে এখন এম্বুলেন্স। বেমাৰ-আজাৰ হ'লে ঠেলা গাড়ীত নিব লাগে ৰোগী। পথৰ অভাৱত উপযুক্ত শিক্ষা আহৰণ আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে গাঁওৰ লোক সকলে। উল্লেখ্য যে গাঁৱৰ বিধস্ত পথটো মেৰামতি কৰিবলৈ বিগত ৫ বছৰে শাসক দলৰ নেতা কৰ্মী , জনপ্ৰতিনিধিক আহ্বান কৰি আহিছে যদিও কোনো সঁহাৰি দিয়া নাছিল। তদুপৰি শাসক দলৰ যি সমূহ প্ৰতিনিধি আছে সেই সকল পাঁচটা বছৰে কেতিয়াও ভূমুকি মৰা নাই। জনপ্ৰতিনিধিৰ আশা নকৰি গাঁৱৰ ৰাইজে নিজে উঠি পৰি লাগিছে। অৱশেষত গাঁৱৰ সমূহ ৰাইজে মিলি শিল-বালি আনি নিজেই নিৰ্মাণ কৰিছে প্ৰায় দুই কিলোমিটাৰ পথ। গাঁৱৰ লোক সকলে নিজে ট্ৰেক্টৰ শিল-বালি উঠাই পথত দি যাতায়ত কৰিবলৈ উপযুক্ত কৰি তুলিছে। অতিকৈ পিছপৰা গাঁৱখনৰ বিধস্ত পথ নিৰ্মাণ কৰাত চৰাইবিল সমষ্টিৰ পৰিষদৰ সদস্য মৃত্যুঞ্জয় নাৰ্জাৰী আৰ্থিক ভাৱে কিছু সহায় কৰাত ৰাইজে পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে মৃত্যুঞ্জয় নাৰ্জাৰী ব্যক্তিগত ভাৱে গাঁৱবাসীক সহায় কৰি আহিছে। যি সময়ত বিটিচি অঞ্চলৰ বাট-পথ নিৰ্মাণ কৰাৰ নামত বিটিচি চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে সেই সময়ত পোকালাগি গাঁৱৰ মূল পথত একাঠু পানী। চৰকাৰৰ ওপৰত ভৰসা নকৰি ৰাইজে নিৰ্মাণ কৰিলে এটা পথ। অকল তাকে নহয় গাঁৱখনত বহু পৰিয়াল দৰিদ্ৰ সীমা ৰেখাৰ তলত আছে। ৰাজ্য চৰকাৰে প্ৰদান কৰা অৰুণোদয় আঁচনি গাঁৱৰ সেইসকল হিতাধিকাৰী লাভ কৰিব লাগিছিল যদিও পোৱা নাই। উল্লেখযোগ্য যে ৩৪৪ টা পৰিয়ালত এজনৰো নাই অৰুণোদয় আঁচনি। এই আঁচনিৰ পৰা সম্পূৰ্ণ ৰূপে বঞ্চিত গাঁওবাসী। অৰুণোদয় আঁচনি পাবলৈ গাঁৱৰ ৰাইজে নথিপত্ৰ জমা দিছিল যদিও শাসক দলে কোনো গুৰুত্ব নিদি পৰিয়াল সমূহক বঞ্চিত কৰি আহিছে বুলি গাঁৱৰ ৰাইজে অভিযোগ কৰে। লগতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি আহিছে বিটিচি চৰকাৰৰ নেতা কৰ্মী সকলে। উল্লেখ্য যে উক্ত অঞ্চলৰ ৰাইজে বিপিএফ দলৰ প্রিয় হোৱাত শাসক দলে উন্নয়নৰ পৰা বঞ্চিত কৰি ৰখা বুলি গাঁৱবাসীয়ে গুৰুতৰ অভিযোগ। যাৰ ফলত এইবেলি চৰকাৰী পি এম এ বাই গৃহৰ বাবে যি ধৰণে জিঅ টেক কৰিব লাগিছিল সেয়াও কৰা নাই । পৰৱৰ্তী সময়ত চৰকাৰী ঘৰৰ পৰাও গাঁৱৰ দৰিদ্ৰ পৰিয়াল সমূহ বঞ্চিত হ'ব সেয়া নিশ্চিত হৈ পৰিছে। কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা উক্ত গাঁৱৰ পৰিয়াল সমূহে বিভিন্ন সমস্যাত ভুগি থকাৰ পিছতো খৱৰ নাই বিধায়ক সাংসদৰ ।