Logo
image

বিশ্বগুৰুৰ দেশত মৃত্যুৰ কিৰীলি কিয়?

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ তথা বিশ্বগুৰুৰূপে প্ৰতিষ্ঠাৰ দিশে ধাৱমান বুলি প্ৰধানমন্ত্ৰীৰ পৰা শাসকীয় দলৰ সাংগো-পাংগোসকলে দাবী কৰা ভাৰতত এতিয়া সৰ্বত্ৰ মৃত্যুৰ কিৰীলি৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ জোকাৰণিৰ পাছত চিকিৎসালয়, ৰাজহুৱা স্থানত মৃতকৰ সম্বন্ধীয় লোকৰ হিয়াভগা কান্দোন বৰ্তমান সুলভ দৃশ্যক্ক চিকিৎসালয়ত বিছনা, আই চি ইউ, অক্সিজেনৰ অভাৱত বিনা চিকিৎসাই তিলতিলকৈ মানুহ মৰাৰ দৃশ্যই ‘বিশ্বগুৰু’, ‘উদিত অৰ্থনীতি’ৰূপে ভাৰতৰ দাবীক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে৷ দেশৰ জনসাধাৰণৰ মাজত এতিয়া ক্ষোভৰ অগণি জ্বলিছে৷ ৰাইজে এতিয়া বেলেগ একো বিচৰা নাই৷ ৰাইজে কাতৰভাৱে চৰকাৰক অনুৰোধ জনাইছে– আমাক চিকিৎসা দিয়া, অক্সিজেন দিয়া৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ক’ভিডৰ প্ৰথম ঢৌৰ সংক্ৰমণৰ সময়ত হঠাৎ হোৱা লকডাউন, কাৰ্ফিউ আদিৰ বাবে দেশৰ অৰ্থনীতিত প্ৰচণ্ড মাৰঘাট পৰিলেও স্বাস্থ্যখণ্ড বৰ্তমানৰ দৰে সোলোক-ঢোলোক হৈ পৰা নাছিল৷ চিকিৎসক, চিকিৎসাকৰ্মী, ফ্ৰণ্টলাইন বিষয়া-কৰ্মচাৰী, আৰক্ষী আদি সকলোৰে সমন্বিত প্ৰচেষ্টাৰ বাবে বহুলোক আক্ৰান্ত বা মৃত্যু হ’লেও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱা নাছিল৷ এটা নজনা-নুশুনা ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱাণুৱে চলোৱা নৰসংহাৰৰ কিদৰে যুঁজ দিয়াটো সহজ কথা নাছিল যদিও সকলোৰে প্ৰচেষ্টাত দেশত ক’ভিড নিৰ্মূল নহ’লেও বহু পৰিমাণে হ্ৰাস পাইছিল৷ কোৱা বাহুল্য বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশখনত সেইসময়ত ইউৰোপ, আমেৰিকাৰ তুলনাত ক’ভিডৰ সংক্ৰমণ তুলনামূলকভাৱে কম হোৱাক লৈ চৰকাৰে কৃতিত্বৰ দাবীও কৰিছিল৷ ইয়াৰ লগতে অতি কমসময়ৰ ভিতৰতে গৱেষণাৰ জৰিয়তে ক’ভিশ্বিল্ড, ক’ভাক্সিনৰ দৰে ভেক্‌চিন উদ্ভাৱন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবেও চৰকাৰ সাধুবাদৰ পাত্ৰ হৈছিল৷ ভাৰতৰ বিৰুদ্ধে সদায়ে সমালোচকৰ ভূমিকা লোৱা কানাডাৰ প্ৰধানমন্ত্ৰীয়ে দেশখনক ভেক্‌চিন দিয়াত সন্তুষ্ট হৈ কানাডাৰ ৰাজপথৰ হৰ্ডিঙত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি প্ৰশংসাসূচক মন্তব্য কৰিছিল৷ কিন্তু দুৰ্যোগ আহিবলৈ বেছিপৰ নালাগিল৷ দিল্লী, মুম্বাই, লক্ষ্ণৌ আদি মহানগৰসমূহৰ পৰা দেশৰ সৰু নগৰ-চহৰত হোৱা অৱৰ্ণনীয় পৰিস্থিতিয়ে আক্ৰান্তসকলক দুৰ্ভোগ ভোগোৱাৰ লগতে জনসাধাৰণকো এক হতাশাগ্ৰস্ততাৰ মাজলৈ ঠেলি দিছে৷ সংবাদ মাধ্যম, ছ’চিয়েল মিডিয়াত সঘনে প্ৰকাশিত ক’ভিড সংক্ৰান্তীয় বাতৰিয়ে দেশৰ লক্ষ্য লক্ষ্য লোকক মানসিক ডিপ্ৰেছনৰ সৃষ্টি কৰিছে৷ বিগত বৰ্ষত কোটি কোটি শিক্ষাৰ্থীৰ শিক্ষাগ্ৰহণ, পৰীক্ষাত অৱতীৰ্ণ হোৱাক লৈ চৰম অনি(য়তাৰ পাছত এইবাৰৰ পৰিস্থিতি যেন অধিক শোচনীয়৷ সৌ সিদিনালৈকে ক’ভিড নিয়ন্ত্ৰণৰ সাফল্যক লৈ সোচ্ছাৰ হোৱা কেন্দ্ৰ চৰকাৰক এতিয়া দেশে-বিদেশে সমালোচনাৰে থকা-সৰকা কৰিছে৷ দ্য গাৰ্ডিয়ান, ৱাছিংটন প’ষ্ট আদি কাকতে পশ্চিমবংগৰ বৃহৎ নিৰ্বাচনী সভা, কুম্ভমেলাৰ আয়োজন আদিয়ে ক’ভিডৰ দ্বিতীয় সংক্ৰমণৰ ঢৌক তৰান্বিত কৰিছে বুলি মন্তব্য কৰিছে৷ বিদেশত বহুকেইটা প্ৰখ্যাত চেনেলেও ধৰ্মীয় দৃষ্টিকোণেৰে এনে মুহূৰ্তত লক্ষ্য লক্ষ্য লোকৰ মেলা পাতিবলৈ অনুমতি দিয়া, গণতন্ত্ৰৰ উৎসৱৰ নামত প্ৰহসনবোৰ অতি দুৰ্ভাগ্যজনক বুলি ব্যক্ত কৰিছে৷ লক্ষণীয়ভাৱে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰতো কেন্দ্ৰৰ লগতে বহুকেইখন ৰাজ্যই সময়মতে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ এতিয়া দেশত দুঃসময় চলিছে৷ এনে সময়ত আক্ৰান্ত হোৱা লোক, আত্মীয়ক হেৰnও¸ৱা লোকৰ মাজত ক্ষোভৰ উদ্‌গীৰণ হোৱাটো অস্বাভাৱিক নহয়৷ কিন্তু এনে এক সময়ত চৰকাৰে সমালোচনাৰ প্ৰত্যুত্তৰ দি থাকিবনে, পৰিস্থিতিৰ পৰা শিক্ষা লৈ কৰ্মত অগ্ৰসৰ হ’ব সেয়াহে মূল কথা৷ অসমৰ বাবেও এয়া এক জটিল সন্ধিক্ষণ৷ অহা ২ মে’ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হ’ব৷ নিৰ্বাচনী প্ৰচাৰৰ নামত শাসক-বিৰোধী সকলোৱে ক’ভিড প্ৰট’কলক অংগুষ্ঠ প্ৰদৰ্শন কৰিলে৷ তাৰ ফল এতিয়া ৰাইজে ভোগা আৰম্ভ হৈছে৷ ফলাফলৰ পাছত বিজয় উৎসৱৰ নামত যাতে পুনৰ ভেকোভাওনা নহয় তাৰ বাবে প্ৰশাসন, আৰক্ষী কঠোৰ হ’ব লাগিব৷ নহ’লে পৰিস্থিতিৰ অধিক অৱনতি ঘটিব৷