Logo
image

কংগ্ৰেছৰ জলকেলি

দেশত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি আছে৷ অসমতো অৱস্থা বেয়াৰ ফালে গৈছে৷ চাৰিওফালে হাহাকাৰ অৱস্থা হৈছে৷ দিল্লী, বেংগালুৰু আদি চহৰত হাস্পতালৰ বিছনাৰ নাটনি হৈছে৷ হাস্পতালবোৰত অক্সিজেনৰ নাটনি হৈ ৰোগীৰ মৃত্যু হৈছে৷ চিবিএছইকে ধৰি বিভিন্ন ৰাজ্যিক ব’ৰ্ডে অফলাইন পৰীক্ষাবোৰ হয় বাতিল কৰিছে নহয় স্থগিত কৰিছে৷

এনে সময়তে অসমত সংঘটিত হৈছে নাভুত-নাশ্ৰুত ঘটনা৷ নিৰ্বাচনৰ ফলাফল ওলাবলৈ বাকী থকা অৱস্থাত কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক ৰিজ’ৰ্টত বন্দী কৰি ৰাখিছে৷  সংবাদ মাধ্যমৰ কেমেৰাত  কংগ্ৰেছৰ এই নাটকৰ দৃশ্য বন্দী হৈছে৷ কংগ্ৰেছৰ সম্ভাব্য বিধায়কসকলক প্ৰশিক্ষণৰ নামত ৰাজধানীৰ নিকটৱৰ্তী সোণাপুৰত অৱস্থিত ৰিজ’ৰ্টত সকলো সুবিধা প্ৰদান কৰি ৰখা হৈছে৷ যিসময়ত অসমৰ হাস্পতালবোৰতো অক্সিজেনৰ অভাৱ হ’বলৈ গৈ আছে, সেই সময়ত কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আগবঢ়োৱা হৈছে ৰাজকীয় খাদ্য৷ অৱসৰ-বিনোদনৰ বাবে দিয়া হৈছে নানা সুবিধা৷ কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলা প্ৰাৰ্থীসকলে ৰিজ’ৰ্টৰ ছুইমিং পুলত জলকেলি কৰি থকাৰ দৃশ্য সকলোতে প্ৰচাৰ হৈছে৷

আচলতে বিজেপিত থকা পুৰণি কংগ্ৰেছীৰ দ্বাৰা হ’ব পৰা হৰ্ছ ট্ৰেডিঙৰ ভয়ত কংগ্ৰেছে এনে কাণ্ড কৰিছে৷ পিছে, সময়টো ইমানে বেয়া হৈছে যে কংগ্ৰেছৰ কাণ্ডক সকলোৱে ঘৃণা কৰিবলৈ বাধ্য হৈছে৷ নিজৰ প্ৰাৰ্থীসকলৰ ওপৰতে বিশ্বাস নথকা কংগ্ৰেছে এনে কৰ্মকাণ্ডৰ দ্বাৰা নিজৰ দুৰ্বলতা প্ৰকাশৰ লগতে ক্ষমতাৰ প্ৰতি থকা দুৰ্বাৰ  আকাংক্ষাৰ কথা প্ৰকাশ কৰিছে৷ যিসময়ত দেশৰ জনতা ভয়তে বিতত হৈ আছে, সেই সময়ত কংগ্ৰেছে ৰাইজৰ পৰা আঁতৰত অৱস্থান কৰিছে৷ চৰকাৰক প্ৰয়োজনীয় সহায়-সাৰথি কৰাৰ সলনি এনে অতিমাৰীৰ সময়তো কংগ্ৰেছে প্ৰদৰ্শন কৰিছে আচৰিতধৰণৰ আচৰণ৷

মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফে হৰ্ছ ট্ৰেডিঙৰ আশংকাত নিৰ্বাচনৰ পাছতে প্ৰাৰ্থীসকলক ৰাজস্থানৰ হোটেললৈ লৈ গৈছিল৷ বিপিএফ দলেও একে কাম কৰিছিল৷ পিছে এই দুই দলৰ প্ৰাৰ্থীসকল কৰ’নাৰ ভয়ত উভতি আহিছে৷ সেইসময়ত দল দুটাক সকলোৱে ধিক্কাৰ দিছিল৷ এতিয়া কংগ্ৰেছৰ বেলিকা যেন কেৱল ধিক্কাৰে যথেষ্ট নহয়৷

প্ৰথমাৱস্থাত এআইইউডিএফ, বিপিএফ আৰু এতিয়া কংগ্ৰেছে কৰা কামে গণতন্ত্ৰৰ প্ৰতি সৃষ্টি কৰিছে চৰম সংকট৷ ফলাফল নিদিওঁতেই চৰকাৰীপক্ষৰ ভয়ত বিৰোধীয়ে নিজৰ প্ৰাৰ্থীক লুকুৱাই ৰাখিবলগীয়া হোৱা কথাটোৱে দেশৰ ৰাজনীতিৰ অধঃপতিত চৰিত্ৰ উদঙাই দিছে৷ বিজেপি দলে বিগত সময়ত কৰ্ণাটক, মধ্যপ্ৰদেশ, ৰাজস্থান, গোৱা, মণিপুৰ আদি ৰাজ্যত কৰা ৰাজনৈতিক আচৰণে প্ৰমাণ কৰি থৈছে ক্ষমতাৰ বাবে এই দলটো যিকোনো পৰ্যায়লৈ যাব পাৰে৷ কংগ্ৰেছমুক্ত ভাৰতৰ শ্লোগান দিয়া বিজেপি দলে যোৱা সময়ত ক্ষমতাৰ অংকত বাৰে বাৰে অশিষ্ট আচৰণ কৰিছে৷ 

অসমত কংগ্ৰেছ দলেই প্ৰথম হৰ্ছ ট্ৰেডিং কৰিছিল৷ হৰ্ছ ট্ৰেডিং কৰাত ওস্তাদ কংগ্ৰেছীসকল এতিয়া বিজেপিৰ ডাঙৰ নেতা৷ স্বাভাৱিকতে কংগ্ৰেছৰ ভয় বাঢ়িছে আৰু কৰ’নাই সংহাৰ কৰি থকা সময়তো গণতন্ত্ৰক কবৰ দিয়া কাৰ্যত অংশীদাৰ হৈছে৷ কংগ্ৰেছৰ এই কাৰ্যৰ বাবে দলটোৱে অৱশ্যে বিভিন্নপ্ৰকাৰে ভুগিব লাগিব৷