Logo
image

ক’ভিড-১৯ আৰু উৰা বাতৰি

ক’ভিড-১৯ৰ দ্বিতীয়টো ঢৌৰ ভয়ংকৰ সংক্ৰমণে ভাৰতৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে৷ ইতিমধ্যে ভাৰত দ্বিতীয় সৰ্বাধিক ক’ভিড আক্ৰান্ত দেশত পৰিণত হৈছে, য’ত দৈনিক আক্ৰান্তৰ সংখ্যা তিনি লাখৰো অধিক হৈছে৷ দেশৰ সৰ্বাধিক সংক্ৰমণ হোৱা ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, ছত্তীশগড় আৰু কেৰালা৷ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে দেশৰ বিভিন্ন ঠাইত হাস্পতালৰ বেড আৰু অক্সিজেনৰো নাটনি হোৱা দেখা গৈছে৷ অসমতো ক’ভিড পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে৷ ৰাজধানী গুৱাহাটীত দৈনিক সংক্ৰমণৰ সংখ্যা এহাজাৰতকৈও অধিক বৃদ্ধি পাইছে৷ এনে স্থিতিত চহৰখনৰ সকলো শিক্ষানুষ্ঠান দুসপ্তাহৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে নিশা আঠ বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য আইনো ঘোষণা কৰা হৈছে৷ দেশত ক’ভিডৰ এই ভয়াৱহতাৰ মাজতে ২ মে’ত ঘোষণা কৰা হ’ব সদ্যসমাপ্ত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল৷ স্বাভাৱিকতে চৰকাৰৰ সন্মুখত আহি  পৰিছে এক ডাঙৰ প্ৰত্যাহ্বান৷ এনে সময়তে দেখা গৈছে যে সামাজিক মাধ্যমত ক’ভিড সংক্ৰান্তীয় কেতবোৰ ভুল তথ্য প্ৰকাশ কৰি সৰ্বসাধাৰণক বিভ্ৰান্ত কৰাৰ এচামে প্ৰয়াস চলাইছে৷ সত্যাসত্য নিৰূপণ নকৰাকৈ প্ৰচাৰ চলোৱা এনেধৰণৰ ভুৱা বাতৰিয়ে পৰিস্থিতি অধিক জটিল কৰাৰ আশংকা থাকে৷

সমগ্ৰ বিশ্বতে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ সন্দৰ্ভত নতুন নতুন তথ্য জনাৰ বাবে ইণ্টাৰনেটৰ সহায় লোৱাটো সাধাৰণ কথা৷ কিন্তু শেহতীয়াভাৱে ক’ভিড সংক্ৰান্তীয় এনে কেতবোৰ তথ্য প্ৰচাৰ চলাই থকা হৈছে, যিবোৰৰ কোনো ভিত্তি নাই৷ বিভিন্ন সময়ত কৰ’না ভাইৰাছ নিৰাময়ৰ উপাচাৰৰ বিষয়ে উল্লেখ কৰি তাত এশ শতাংশ সফলতাৰো দাবী কৰা হৈছে৷ বৰ্তমান এনেবোৰ তথ্যৰে সৰ্বসাধাৰণক বিভ্ৰান্ত কৰাৰ পৰা বিৰত থকা উচিত৷ কৰ’না ভাইৰাছৰ ভেক্‌চিন ওলাইছে যদিও ভাইৰাছক সম্পূৰ্ণকৈ নিৰ্মূল কৰিব পৰাৰ দাবী কোনেও কৰিব পৰা নাই৷ বৰ্তমান কৰ’না ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ একমাত্ৰ উপায়টো হৈছে সতৰ্কতা অৱলম্বন৷ স্বাস্থ্য বিভাগে যিবোৰ নীতি-নিৰ্দেশনা বান্ধি দিছে সেইবোৰ পালন কৰিলে সংক্ৰমণ বৃদ্ধিত বাধা দিব পৰা যাব৷ কৰ’নাৰ প্ৰথমটো ঢৌৰ সময়ত ঘোষণা কৰা দীৰ্ঘ সময়ৰ লকডাউনে সৰ্বসাধাৰণক কেনেদৰে জীয়াতু ভোগাইছিল সেই কথা দুনাই কোৱাৰ প্ৰয়োজন নাই৷ সংক্ৰমণৰ ব্যাপকতাৰ পিনে লক্ষ্য ৰাখি কেইবাখনো ৰাজ্যত পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অসমত অৱশ্যে এতিয়াও তেনে পৰিৱেশৰ সৃষ্টি হোৱা নাই যদিও সংক্ৰমণ বৃদ্ধিৰ শেহতীয়া অৱস্থাই চৰকাৰকো  চিন্তাত নেপেলোৱাকৈ থকা নাই৷ এনে অৱস্থাত আতংকিত হোৱাৰ পৰিৱৰ্তে সতৰ্ক আৰু সজাগ হৈ থকাটোহে সময়ৰ আহ্বান৷ নিজে সংক্ৰমণৰ পৰা হাত সাৰিব পাৰিলেহে পৰিয়ালটো সুৰক্ষিত থাকিব৷ এই কথা সকলোৱে উপলব্ধি কৰা উচিত৷ 

কৰ’নাৰ প্ৰথমটো লহৰৰ সময়ত ঘোষণা কৰা নিষেধাজ্ঞাবোৰ শিথিল হোৱা আৰু স্বাভাৱিক জীৱনযাত্ৰা পুনৰ আৰম্ভ হোৱাৰ পাছত ক’ভিড পৰীক্ষাৰ প্ৰক্ৰিয়াও হ্ৰাস কৰা হৈছিল৷ তেনে সময়তে নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন৷ নিৰ্বাচনী প্ৰচাৰ সভা, মনোনয়ন পত্ৰ দাখিল কৰা আদিৰ বাবে  নিৰ্বাচন আয়োগে বান্ধি দিছিল কেতবোৰ নীতি-নিয়ম৷ কিন্তু ৰাজনৈতিক দলবোৰে এই নীতি-নিয়মবোৰক অংগুষ্ঠ প্ৰদৰ্শন কৰি আয়োজন কৰিছিল নিৰ্বাচনী সভা আৰু ৰেলী, য’ত সামাজিক দূৰত্বৰ নীতি জলাঞ্জলি দি ভাগ লৈছিল লাখৰ ওপৰত লোকে৷ এইখিনি সময়তে ভাৰতত আৰম্ভ হৈছিল কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ, আৰু নিৰ্বাচনী সভা আৰু ৰেলীবোৰে সংক্ৰমণ বৃদ্ধিত অনুঘটকৰ কাম কৰিছিল নেকি? অসমত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ এসপ্তাহৰ ভিতৰতে ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পালে কেনেকৈ– সৰ্বসাধাৰণৰ মনত এনেধৰণৰ প্ৰশ্নই ক্ৰিয়া কৰাটো অস্বাভাৱিক নহয়৷ মাদ্ৰাজ উচ্ছ ন্যায়ালয়েও দেশত কৰ’নাৰ দ্বিতীয়টো লহৰৰ সংক্ৰমণ ক্ৰমে নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা অৱস্থাৰ বাবে নিৰ্বাচন আয়োগক জগৰীয়া কৰিছে৷ এটা অবিবেচক সিদ্ধান্তৰ বাবে দেশ আকৌ এবাৰ বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ভাৰতত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাত চুবুৰীয়া দেশকেইখনো শংকিত হৈ পৰিছে৷ বাংলাদেশে ইতিমধ্যে দুসপ্তাহৰ বাবে ভাৰতীয় নাগৰিকৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ দেশত আকৌ এবাৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অৰ্থনীতিক স্থবিৰ কৰি তোলাৰ কথাও চৰকাৰে ভাবিব নোৱৰা হৈছে৷ এনে স্থিতিত সকলো সতৰ্ক আৰু সজাগ থকাৰ বিকল্প নাই৷ সৰ্বসাধাৰণৰো দায়িত্ব হ’ব যিকোনো উৰা বাতৰিক প্ৰশ্ৰয় নিদি ক’ভিড বিধিসমূহ মানি চলি নিজৰ লগতে পৰিয়ালক সুৰক্ষিত ৰখা৷