Logo
image

ভূমিকম্প

কৰ’নাৰ দ্বিতীয় ঢৌৱে জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পাছতে অসমৰ জনসাধাৰণ ভীত-সন্ত্ৰস্ত হৈছে৷ যিহেতু কৰ’না ভাইৰাছে ধনী-দুখীয়া, প্ৰতিপত্তিশীল আদি বিচাৰ নকৰে, সেয়ে সকলো এই ভাইৰাছৰ বাবে শংকিত হৈ পৰিছে৷ প্ৰতিদিনে দেশত তিনি লক্ষাধিক লোক আক্ৰান্ত হৈছে৷ তেনেদৰে অসমতো এতিয়া প্ৰতিদিনে তিনি সহস্ৰাধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷ কৰ’না ভাইৰাছৰ লগতে মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ জীৱন-জীৱিকাত প্ৰবল জোকাৰণিৰ সৃষ্টি কৰাৰ সময়তে বুধবাৰে পুৱা কেইমিনিটমানৰ ব্যৱধানত অহা তিনিটা ভূমিকম্পই অসমৰ লোকক আন এক ভয়াৱহ সমস্যাৰ সন্মুখীন কৰাইছে৷ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত সৃষ্টি হোৱা ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানত ক্ষয়-ক্ষতি কৰিছে৷ উল্লেখ্য, বুধবাৰে পুৱা ৭.৫১ বজাত অনুভূত ভূমিকম্পৰ প্ৰথম প্ৰাবল্য আছিল ৬.৪ ৰিখ্‌টাৰ, ইয়াৰ পাছত ৭.৫৮ বজাত হোৱা জোকাৰণিৰ প্ৰাবল্য আছিল ৪.৩ ৰিখ্‌টাৰ৷ পুনৰ ৮.০১ বজাত আন এটা জোকাৰণি অনুভূত হয় যদিও ৰাজ্যবাসীৰ ভাগ্য ভাল যে সেই জোকাৰণিৰ প্ৰাবল্য ৪.৪ ৰিখ্‌টাৰ৷ যদিহে তৃতীয়বাৰ অহা জোকাৰণিৰ প্ৰাবল্য অধিক আৰু দীৰ্ঘসময়ৰ বাবে হ’লহেঁতেন, তেন্তে অসমৰ বহু ঠাইত তাচপাতৰ দৰে খহি পৰিলহেঁতেন অট্টালিকাসমূহ৷ অৱশ্যে, এতিয়াও বহু ঠাইত দেৱাল খহি পৰাকে ধৰি বিভিন্ন ক্ষয়-ক্ষতি হৈছে আৰু ঠায়ে ঠায়ে ভূমিকম্পৰ ফলত মানুহো আহত হৈছে৷

কৰ’না ভাইৰাছ আৰু মূল্যবৃদ্ধিয়ে আৰ্থিকভাৱে জুৰুলা কৰা ৰাজ্যবাসীৰ ওপৰত বুধবাৰৰ ভূমিকম্পই ভূতৰ ওপৰত দানহ পৰাদি পৰিল৷ বিজ্ঞান-প্ৰযুক্তিৰে প্ৰকৃতিক জয় কৰিব খোজা মানৱসমাজে আজিও ভূমিকম্পৰ আগজাননী সঠিক ৰূপত দিয়াত ব্যৰ্থ হৈছে৷

উল্লেখ্য, হিমালয়ৰ পাদদেশৰ ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ভূমিকম্পই যে প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে, সেই কথা নুই কৰিব নোৱাৰি৷ কিন্তু এনে এটা ভূমিকম্পপ্ৰৱণ এলেকাত কেন্দ্ৰীয় চৰকাৰে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি অসমক আন এটা জলবোমাৰ বাবে সাজু থাকিবলৈ বাধ্য কৰাইছে৷ অৰুণাচলত নিৰ্মিত বৃহৎ নদীবান্ধসমূহৰ যদিহে ভূমিকম্পৰ ফলত কেতিয়াবা ক্ষয়-ক্ষতি হয়, তেন্তে অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব৷

উল্লেখ্য, ১৯৫০ চনৰ ১৫ আগষ্টত হোৱা ৮.৬ ৰিখ্‌টাৰ স্কেলৰ ভূমিকম্পটো এতিয়ালৈকে ভাৰতত হোৱা উচ্ছ প্ৰাবল্যৰ দহটা ভূমিকম্পৰ ভিতৰত তৃতীয় স্থানত আছে৷ অৰ্থাৎ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অধিক প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ১৯৫০ চনত অসমত হোৱা ভূমিকম্পৰ সমপ্ৰাবল্যৰ ভূমিকম্প যদিহে আজিৰ দিনত অসমত হয়, তেন্তে সেই সময়ত যিমান ক্ষয়-ক্ষতি হৈছিল, তাতকৈ অধিক ক্ষয়-ক্ষতি হ’ব৷ কিয়নো ভূমিকম্পৰ ফলত আসোঁৱাহপূৰ্ণ নিৰ্মিত গৃহ বা অট্টালিকা খহি পৰাৰ সম্ভাৱনা তেনেই প্ৰবল৷ ভূ-বিজ্ঞানীসকলৰ মতে, ৮.৬ প্ৰাবল্যৰ এটা ভূমিকম্পৰ ফলত উৎপন্ন হোৱা শক্তি দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা ১০,০০০ আণৱিক বোমাৰ শক্তিৰ সমান৷ ভূমিকম্পৰ প্ৰাবল্য প্ৰতি একক বৃদ্ধি হ’লে ইয়াৰ শক্তি প্ৰায় ৩০ গুণ অধিক হয়৷ অৱশ্যে, অভিকেন্দ্ৰ যদিহে ভূ-পৃষ্ঠৰ অধিক তলত হয়, তেন্তে তাৰ জোকাৰণি ভূ-পৃষ্ঠত কিছু কমকৈ অনুভূত হয়৷

প্ৰাকৃতিক দুৰ্যোগ  ভূমিকম্পৰ যিহেতু সঠিক আগজাননী দিয়া আজিও সম্ভৱ হোৱা নাই, সেয়ে যিকোনো নিৰ্মাণৰ কাম কৰোঁতে ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থাৰে কৰা দৰকাৰ৷ কিয়নো ভূমিকম্পই মানুহ নামাৰে, আসোঁৱাহপূৰ্ণ নিৰ্মাণেহে মানুহৰ জীৱন কাঢ়ি নিয়ে৷