Logo
image

মংগল জল

আমাৰ অসম, ৩০ ছেপ্টেম্বৰঃ নাছাৰ বিজ্ঞানীয়ে মংগল গ্ৰহত পানীৰ উৎস আৱিষ্কাৰ কৰিছে৷ মাৰ্কিন মহাকাশ সংস্থাটোৰ বিজ্ঞানীয়ে মঙল গ্ৰহৰ মাটিৰ তলত তিনিটা হ্ৰদৰ সন্ধান পাইছে৷ দুবছৰ পূৰ্বেও মঙল গ্ৰহৰ দক্ষিণ মেৰুত এটা বিৰাট লুণীয়া হ্ৰদৰ উপস্থিতি বিচাৰি পাইছিল বিজ্ঞানীয়ে৷ বৰফৰ তলত সোমই থকা এই হ্ৰদৰ পানী ভৱিষ্যতে ব্যৱহাৰ কৰিব পৰাৰ সম্ভাৱনা আছে৷ এই হ্ৰদৰ উপস্থিতি বিচাৰি পাইছিল উইৰোপীয় স্পেচ এজেন্সিৰ স্পেচক্ৰেফ্‌ট ‘মাৰ্ছ এক্সপ্ৰেছে’৷ ২০১২ চনৰ পৰা ২০১৫ চনলৈ এই হ্ৰদ সম্পৰ্কে নিশ্চিত হ’বলৈ সেই অঞ্চলৰ ওপৰেৰে ২৯বাৰ ঘূৰি স্পেচক্ৰেফ্‌টে অসংখ্য ফটো তুলিছে৷ সম্প্ৰতি বিজ্ঞান আলোচনী ‘নেচাৰ এষ্ট্ৰ’নমি’ত প্ৰকাশিত খবৰ অনুসৰি মংগল গ্ৰহত তৰল অৱস্থাত পানী পোৱাৰ সম্ভাৱনা আছে৷ ২০১৮ চনত আৱিষ্কৃত হৃদটো ২০ কিলোমিটাৰ বহল আৰু বৰফ আচ্ছাদিত৷ ইয়াৰ চাৰিওফালে সম্প্ৰতি আৰু ৩টা হৃদ আৱিস্কাৰ কৰিছে নাছাই৷ এইকেইটা গ্ৰহত থকা পানী তৰল বুলি দাবী কৰিছে নাছাই৷