Logo
image

উক্তি-বক্ৰোক্তি

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত আৰক্ষীয়ে কাকো বাধা নিদিয়ে৷ নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব৷ জুবিনৰ সমাধিত পুলিচ-চিআৰপিএফ লগাব নোৱাৰোঁ৷ আইন ভংগ কৰিলে আইনে ব্যৱস্থা ল’ব৷ বিপদত পৰিব৷ ৰাতি হ’লে জুবিন ক্ষেত্ৰত কিবা ঘটিলে সেইসকল দায়ী হ’ব৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আপুনি চাৰ্কাছ কৰক, আমি ন্যায় বিচাৰিম৷ আপুনি যিমানেই উপেক্ষা কৰিব, আমি সিমানেই অপেক্ষা কৰিম৷ আপুনি তৰল ৰাজনীতিৰে সকলোকে আঁতৰাবলৈ চাব, আমি সুস্থ ৰাজনৈতিক বাতাবৰণেৰে সকলোকে সামৰি থাকিম৷ 

– অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা

পৰেশ ককাইদেৱে সেইটো কি কথা ক’লে ধৰিব নোৱাৰিলোঁ৷ জুবিন গাৰ্গে কেতিয়াও ছুইচাইড কৰা নাই৷ পৰেশ ককাইদেৱে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই কথা কৈছে৷ তেওঁ কেৱল টি ভি চাই থাকে বাবে হয়তো আচল কথাবোৰ নাজানে৷ আগতে কিন্তু তেওঁ অসমৰ ঘটনাৰ ক্ষেত্ৰত এনেদৰে ভুল বাখ্যা কৰা নাছিল৷ তেওঁ লোৱা পথটো বহুতে ভুল বুলি কয়৷ কিন্তু  কম্প্ৰমাইজ কৰা নাই বাবেই তেওঁক আমি সন্মান কৰোঁ৷  তেওঁ জুবিন গাৰ্গৰ ক্ষেত্ৰত দিয়া  ভুল মন্তব্যৰ শুধৰণি কৰিব লাগে৷  জুবিন ক্ষেত্ৰলৈ আমি যেতিয়াই মন যায় তেতিয়াই যাম৷ তালৈ যোৱাৰ ক্ষেত্ৰত মোক পৃথিৱীৰ কোনেও বাধা দিব নোৱাৰে৷ মই কাকো কেয়াৰ নকৰোঁ৷ 

– অখিল গগৈ


জুবিন গাৰ্গে ৰাজনীতি বিচৰা নাছিল আৰু ৰাজনীতি কৰাও নাছিল, সেয়ে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ বিষয়ত ৰাজনীতিৰ প্ৰৱেশ কৰোৱাটো অনুচিত৷ আমাৰ পৰিয়াল আৰু মই নিজেও এই ক্ষেত্ৰত ৰাজনীতি হোৱাটো কামনা নকৰোঁ৷ জুবিন গাৰ্গৰ ক্ষেত্ৰত ধৰ্ম আৰু ভাষাৰ কোনো বিষয় আহি পৰিব নোৱাৰে৷ আমি কেৱল ন্যায় বিচাৰোঁ, ৰাজনীতি নহয়৷ কোনো দিশৰ পৰাই ৰাজনীতি নিবিচাৰোঁ৷ 

– গৰিমা শইকীয়া গাৰ্গ

বক্স অফিচত ছুনামি৷ জুবিনে পুনৰ কৰি দেখুৱালে৷ জয় অসমীয়া চিনেমা৷ ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰিত মই আপ্লুত৷ 

– অভিনেতা যতীন বৰা

নতুনকৈ চিনাকী হ’বলৈ অহাবোৰৰ কথা বাদেই দিলোঁ৷ বহু চিনাকী পুৰণি বন্ধুৱেও জুবিন দাক জীৱনকালত ৰাতি ১২ বজাৰ আগত লগ পোৱা মনত নপৰে৷ দিনত দাদা শুই থাকে৷ আমনি নকৰোঁ৷ দাদাৰ কাষলৈ মই আজি ৰাতি যাম৷ কথা পাতিম৷ বহুত কথা৷

– শিল্পী মানস ৰবীন

পৃথিৱীৰ ক’ত নিশা ১২ বজাত শ্ৰদ্ধা জনোৱা দেখিছে? টোপনি ক্ষতি কৰিলে আয়ুস¸ কমি যাব৷ এবাৰ পুৱা আৰু এবাৰ গধুলি  শ্ৰদ্ধা জনালেই হ’ল৷ 

– আলফাৰ [স্বা] সেনাধ্যক্ষ পৰেশ বৰুৱা