ন্যায়ৰ বিৰুদ্ধে ন্যায়
জুবিনক লৈ ৰাজনীতি নকৰিবলৈ সকীয়াই থকা আসমৰ বিজেপি চৰকাৰখনেই এতিয়া জুবিনক লৈ সৰ্বত্ৰ ৰাজনীতি কৰি থকা যেন অনুমান হৈছে৷ সমগ্ৰ অসমবাসী জুবিন ন্যায় বিচাৰি বিভিন্ন মাধ্যমযোগে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি চাৰিও দিশ উত্তাল কৰি থকা সময়তে বিজেপিয়ে নিজেই ন্যায় বিচাৰি ৰাজপথত নমাটো অসমত এটা নাভূত-নাশ্ৰুত ঘটনা৷ এতিয়া প্ৰশ্ন হৈছে যদি চৰকাৰে নিজেই ন্যায় বিচাৰি ৰাজপথত নামে তেন্তে ৰাইজক কোনে ন্যায় দিব৷
বিজেপিৰ এই প্ৰতিবাদ আচলতে কূটিল ৰাজনীতিৰ এটা অংশহে৷ জুবিনৰ মৃত্যুৱে সমগ্ৰ অসম এইদৰে ঢৌৱাই দিলে যে সকলো জাতি-ধৰ্ম-ভাষা-বৰ্ণৰ ভেদাভেদ নিমিষতে শেষ কৰি পেলালে৷ ৰাজনীতিৰ সকলো উৎস একেদিনাই নাইকিয়া কৰি পেলালে৷ মানুহ জুবিনৰ মৃত্যুত এইদৰে ম্ৰিয়মান হৈ পৰিল যেন জুবিনৰ দুখত দুখী হৈ সকলো লোক একেটা পৰিয়ালৰ হৈ পৰিল৷ নিজৰ আপোনজনক হেৰুওৱাৰ দুখত সকলো ভেদাভেদ পৰিহাৰ কৰি জুবিনৰ অকাল মৃত্যুৰ ন্যায় বিচাৰি বিহ৩ল হৈ উঠিল৷ অসমৰ ৰাজনীতিৰ সকলো কূটিল চক্ৰ মষিমূৰ কৰি একতাৰ দোলেৰে বান্ধ খালে, যিটো বিজেপি চৰকাৰ বাবে তেনেই অসহনীয়৷ কাৰণ অসমত বিজেপিৰ এটাই মাথোঁ ৰাজনীতিক ইচ্ছু্য, সেয়া হৈছে ধৰ্মৰ ৰাজনীতি৷ কোনো বিজেপি নেতাই হিন্দু-মুছলমান আৰু পাকিস্তান বাদ দি পাঁচ মিনিতো নিৰপেক্ষ ব্যক্তব্য ৰাখিব নোৱাৰে৷ কিন্তু জুবিনৰ মৃত্যুৱে এই সকলোবোৰতে চেঁচাপানী ঢালিলে৷ দিনে-নিশাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰা দলটোৱে সপ্তাহটো এবাৰ হিন্দু-মুছলমানৰ নাম ল’বলৈ অপাৰগ হল৷
সময়ে সময়ে ৰাজনৈতিক জগতখনত সৰু-বৰ নানান ঘটনা-পৰিঘটনা ঘটি থাকে৷ তাকে লৈ জনতা চৰকাৰৰ বিপক্ষত থিয় দিয়ে, প্ৰতিবাদ কৰে৷ কিন্তু বিজেপিয়ে ৰাজনৈতিক পটুতাৰে এনেবোৰ ঘটনা এনেদৰে তল পেলাই দিবলৈ সক্ষম হয় যে দুদিনতে জনতাই সেইবোৰ পাহৰি অন্য ৰাজনৈতিক ইচ্ছু্যত নিমজ্জিত হৈ পৰে৷ অৰ্থাৎ বিজেপিয়ে এনেকৈ ‘ইচ্ছু্য ডাইভাৰ্ট’ কৰে যে মানুহে মূল ঘটনা পাহৰি পুনৰ বিজপিৰ চল-চাতুৰিত ভোল যায়৷ বিজেপিয়েও ৰাজনৈতিক মুনাফা লভিবলৈ যি মন যায় তাকেই কৰে৷ কিন্তু নিজকে সৰ্বশক্তিমান বুলি ভবা দলটো জুবিনৰ মৃত্যুৰ ঘটনাত এনেদৰে তচনচ হৈছে যে জনতাক কিদৰে এই ন্যায় যুঁজৰ জোৱাৰ আৰু একতাৰ সাগৰৰ পৰা দূৰ কৰিব পাৰি তাৰ কোনো উৱাদিহ পোৱা নাই৷ ইচ্ছু্য ডাইভাৰ্ট কৰাত এইবাৰ শক্তিশালী বিজেপি বাৰুকৈয়ে ব্যৰ্থ হৈছে৷ এজন শিল্পী, সমাজ সেৱক, যুগদ্ৰস্তা, প্ৰকৃতিপ্ৰেমী, নিৰ্ভীৰ্ক যুগনায়কৰ মৃত্যুৱে অসমলৈ এনে এক জোৱাৰ আনিলে যে য’ত সকলো বিভেদকামী শক্তি, লেতেৰা ৰাজনীতি মষিমূৰ হৈছে ৷ ইয়াৰ পৰিৱৰ্তে এখন নতুন সমাজ গঢ় লৈ উঠিছে যত কোনো জাতি নাই ধৰ্ম নাই আনকি ভগৱানো নাই৷ আছে মাথোঁ মানুহ মানুহ আৰু মানুহ৷
সেয়ে বিজেপিয়ে আৰম্ভ কৰিছে নতুন ৰাজনীতি৷ জুবিনৰ ন্যায় বিচাৰি এইবাৰ ৰজপথত নমিছে৷ এনে কাৰ্যৰ যোগেদি জনতাক বিভ্ৰান্ত কৰি জনতাৰ আগত নিজৰ শক্তি প্ৰদৰ্শনেই এই প্ৰতিবাদৰ ঘাই লক্ষ্য৷ তদুপৰি এটা অতি গুৰুতৰ ঘটনা বিজেপিৰ মাজতে ঘটিছে ৷ সেয়া হৈছে জুবিনৰ মৃত্যুৰ ৰহস্যজনিত কাৰণত হাজাৰ হাজাৰ বিজেপি সমৰ্থক আঁতৰি আহিবলৈ প্ৰয়াস কৰিছে৷ জুবিনৰ মৃত্যুৱে এক কৰা অসমখনত এতিয়া তেনে বহুলোক এই কথা বুজিবলৈ সক্ষম হৈছে যে বিজেপিয়ে যি বিভেদৰ ৰাজনীতি কৰিছিল, তাৰ তুলনাত জুবিনে বিচৰা অসমখন বহুত বেছি সুন্দৰ, বাৰে ৰহনীয়া আৰু শক্তিশালী৷ সেয়ে বহু বিজেপি সমৰ্থকৰ দলৰ প্ৰতি থকা পূৰ্বৰ আগ্ৰহ নোহোৱা হৈছে৷ এখন নতুন অসমৰ সপোনে তেওঁলোকক আকৰ্ষিত কৰিছে৷ যিটো বিজেপিৰ বাবে বিপদৰ কাৰণ৷ এইবোৰ কথা অনুধাৱন কৰিয়েই বিজেপিয়ে ৰাজপথত ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ চলেৰে দলীয় একতা অটুট ৰখাৰহে চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াত জুবিনৰ ন্যায় গৌণ, মুখ্য হৈছে বিজেপিৰ শক্তি প্ৰদৰ্শনহে৷ মিছা প্ৰালোভন, ভয়-ভাবুকি দি এনে প্ৰতিবাদী কাৰ্য্যসূচীত মানুহ একত্ৰিত কৰিছে বুলিও নানান মাধ্যমত প্ৰকাশ৷ গতিকে বিজেপিয়েই জুবিনক লৈ অধিক ৰাজনীতি কৰিছে৷ অনাগত নিৰ্বাচনত বিজেপিয়ে জুবিনৰ নামত ভোট বিচাৰিলেও বৰ বেচি আচৰিত হ’ব লগা নহ’ব৷ ইয়াৰ পূৰ্বাভাস জনতাই নোপোৱাকৈ থকা নাই৷






