মিত্ৰতা ভংগ ইউপিপিএলৰ, এৰিব মন্ত্ৰিত্ব
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বিজনীৰ প্ৰতিবেদক, ২৯ অক্টোবৰঃ বিটিচি নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতে ক্ৰমাৎ বিজেপিৰ বাবে গুৰুত্বহীন হৈ পৰিছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দল৷ ইয়াৰ বিপৰীতে বিপুল জনমতেৰে বিটিচিৰ মছনদ দখল কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ওচৰত একেবাৰে যেন শিৰনত হৈ পৰিছে বিজেপি৷ কাৰ্যতঃ হাগ্ৰামাৰ দাবী মানিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ কৰি চৰণ বড়োক পৰিবহণ মন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ লগতে ইউপিপিএমৰ মন্ত্ৰী ইউজি ব্ৰহ্মৰ পৰা অপমানজনকভাৱে বড়োলেণ্ড কল্যাণ বিভাগ কাটি আনি বিপিএফৰ মন্ত্ৰী চৰণ বড়োক ন্যস্ত কৰিলে৷ এনডিএৰ পৰা ইউপিপিএলক আউট কৰিলেহে বিপিএফে এনডিএত চামিল হ’ব বুলি বিটিচি নিৰ্বাচনত জয়লাভৰ পাছতে হাগ্ৰামা মহিলাৰীয়ে চৰ্ত বান্ধি দিছিল বিজেপিক৷ কাৰ্যতঃ হাগ্ৰামাৰ চৰ্ত মতেই বিজেপিয়ে ইউপিপিএলক আউট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়াত তীব্ৰ অসন্তুষ্ট হৈ পৰিছে ইউপিপিএল দলৰ নেতৃবৃন্দ৷ কিন্তু বিজেপিৰ অঘোষিত নীতি হৈছে ‘জো জিতা, বহী ছিকণ্ডাৰ৷’ বিজেপিক লাগে বিটিচিৰ ১৫খন বিধানসভাৰ আসন৷ ইয়াৰ বাবেই বিজেপিৰে পূৰ্বেতে বিধানসভাৰ মজিয়াত ফ্লৰ কৰ্ডিনেশ্বন থকা বিপিএফ ক্ষমতালৈ অহাৰ পাছতে ইউপিপিএল কৰবাত গুৰুত্বহীন হৈ পৰিছে নেকি তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে৷ ইয়াৰ মাজতে মঙলবাৰে বিজনীৰ শালবাৰীৰ গাভৰুখুন্দা মানাছ ৰিজ’ৰ্টত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া সকলে এনডিএৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিয়াৰ লগতে প্ৰস্তাৱ আগবঢ়ায়৷ এই সন্দৰ্ভত এইক্ষেত্ৰত বিটিআৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ মানাছ ছেৰফাং সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰাত তেওঁ কয় যে পৰ্যালোচনা সভাত এনডিএত থকা হ’ব নে নহয় সেইটো আলোচনাৰ বিষয়বস্তু নাছিল৷ কিন্তু উক্ত আলোচনা পৰ্বৰ মাজতে বিভিন্ন জিলা কমিটিৰ বিষয় ববিয়া সকলে এনডিএৰ পৰা আঁতৰি আহিবলৈ পৰামৰ্শ দিয়াৰ লগতে প্ৰস্তাৱ আগবঢ়ায়৷ কিন্তু কালিৰ সভাত এনডিএৰ পৰা ওলাই অহা সংক্ৰান্তত কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷ তেওঁ লগতে কয় যে পৰৱৰ্তী নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া ইউপিপিএলৰ অধিবেশনতহে আলোচনা কৰি এনডিএত থকা হয় নে নহয় সিদ্ধান্ত লোৱা হ’ব৷ এনডিএৰ পৰা ওলালে কি হ’ব, নোলালে কি হ’ব৷ ওলালে ক’ত যাব, ক’ত নাযাব সকলো আলোচনা অধিৱেশনতে হ’ব বুলি কয়৷ ইফালে বিগত বিটিআৰ নিৰ্বাচনত কি কাৰণত পৰাজয় বৰণ কৰিব লগীয়া হ’ল তাক লৈও পৰ্যালোচনা হোৱা বুলি জানিব দিয়ে পাৰিষদ গৰাকীয়ে৷ উক্ত পৰ্যালোচনা বৈঠকত সভাপতি প্ৰমোদ বড়োৰ উপৰিও কাৰ্যকৰী সভাপতি, সম্পাদক সকল, জিলা কমিটিৰ বিষয় ববিয়া সকল উপস্থিত আছিল বুলি জানিব দিয়ে পাৰিষদ ধনঞ্জয় বসুমতাৰীয়ে৷ হয়তো বৰ্তমানৰ দৰেই স্থিতি থাকিলে ডিচেম্বৰত ইউপিএল দল এনডিএৰ পৰা ওলাই আহিব পাৰে৷ ইউপিপিএলৰ মন্ত্ৰী ইউ জি ব্ৰহ্ময়ো কৰিব পাৰে পদত্যাগ৷ উল্লেখ্য যে আজি ইউ জি ব্ৰহ্মৰ উপস্থিতিত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে বিটিচি চীফ হাগ্ৰামা মহিলাৰী আৰু ডেপুটী চীফ ৰিহণ দৈমাৰীক কেবিনেট মৰ্যদা প্ৰদান কৰে৷ সেই ইউ জি ব্ৰহ্মকে ভোটৰ সভাত হাগ্ৰামা মহিলাৰীয়ে আণ্ডাৰ গ্ৰাউণ্ড বুলি মস্কৰা কৰিছিল৷
এন ডি এৰ সতে সম্পৰ্ক ছেদৰ কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই: ৰাজু নাৰ্জাৰী
‘আমাৰ অসম’ৰ কোকৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ ‘এন ডি এৰ সতে সম্পৰ্ক ছেদৰ কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই৷ এই সন্দৰ্ভত যিবোৰ বাতৰি ওলাইছে সেয়া উৰাবাতৰি, অপপ্ৰচাৰ’– এই মন্তব্য ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৰ৷ প্ৰকাশ যে আজি কোকৰাঝাৰত তেওঁ সংবাদ মাধ্যম তথা চচিয়েল মিডিয়াত বহুলভাৱে এনডিএ ৰ সতে মিত্ৰতা ভংগ সন্দৰ্ভত এতিয়ালৈকে দলৰ মজিয়াত কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই৷ বুলি তেওঁ স্পষ্ট কৰি দি সংবাদ মেলত কালি চিৰাঙৰ বিজনী পানবাৰীত যিখন বৈঠক অনুষ্ঠিত হৈছিল সেইখন জিলা পৰ্যায়ৰহে বৈঠক আছিল৷ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ফলাফলক পৰ্যালোচনা কৰাৰ লগতে আগন্তুক দিনত কি কৰা উচিত বা আমি কেনেকৈ আগুৱাই যাম তাৰ ওপৰত আলোচনা কৰা হৈছে বুলি জানিব দিয়ে৷ উক্ত বৈঠকত এন ডি এৰ মিত্ৰতা ভংগ সন্দৰ্ভত আলোচনাৰ কোনো এজেণ্ডা গ্ৰহণ কৰা হোৱা নাছিল বুলি জানিব দি তেওঁ ২০২৬ চনলৈ অসম চৰকাৰ আৰু ২০২৯ চনলৈ নতুন দিল্লীত এন ডি এ চৰকাৰৰ সতে মিত্ৰতাৰ কমিটমেণ্ট আছে বুলি পুনৰ বাৰ স্পষ্ট কৰি দিয়ে৷ তেওঁ বিটিচিত ২০২৫ লৈ মিত্ৰতা আছিল আৰু নিৰ্বাচনত দুয়োটা দলে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হ’ল বুলি মন্তব্য কৰে৷ তেওঁ এতিয়ালৈকে মিত্ৰতা ভংগ হ’ব লগীয়া কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই যদিহে তেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হ’লে আমি চিন্তা কৰিব লাগিব গতিকে সংবাদ মাধ্যমে এই বোৰ কি উদ্দেশ্যে প্ৰচাৰ কৰিছে তেওঁলোকেহে জানিব৷ সংবাদ মাধ্যমৰ আগত অহা ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ইউপিপিএলৰ ত্ৰি-বাৰ্ষিক অধিৱেশনত আগন্তুক চ্ছ চনৰ ৰ বিধানসভা নিৰ্বাচনকলৈ ৰণনীতি প্ৰস্তুত কৰা হ’ব বুলি সদৰি কৰে৷ তেওঁ বিটিচি নিৰ্বাচনত ইউপিপিএলে ৬ লাখ ১৬ হেজাৰ ভোট লাভ কৰিছিল৷ গতিকে ভোট বৃদ্ধি কৰিৱৰ বাৱে ৰননীতি গ্ৰহণ কৰিলৈ ৰ নৱেম্বৰৰ পৰা এসপ্তাহ যোৰা কাজিগাওৰ পৰা গহপুৰলৈ মটৰচাইকেল সমদলৰে দলটোক সক্ৰিয় কৰাৰ গুৰুত্ব প্ৰদান কৰা হব বুলি তেওঁ দোহাৰে৷ ইউপিপিএল দল ২০২৬ বিধানসভা নিৰ্বাচনৰ আগত অধিক শক্তিশালী হব বুলি দাবী কৰি ৰাজু নাৰ্জাৰীয়ে সংবাদ মাধ্যমক ইউপিপিএল দল কাৰ লগত থাকিব বুলি নহয় ইউপিপিএল দলৰ লগত কোন থাকিব বুলি সুধিব পৰাকৈ তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈ দলটোৰ ভেটি শক্তিশালী কৰি তোলা হ’ব বুলি দাবী কৰে৷ তেওঁ বিৰোধীপক্ষত থকা বাবে এতিয়া সময় পাইছে দলটোক অসমৰ ভিতৰত আৰু বাহিৰতো উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত এক শক্তিশালী দল হিচাপে পৰিগণিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি আগন্তুক বিধানসভা নিৰ্বাচন কেনেকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সকলো কাৰ্যপন্থা গ্ৰহণ কৰা হ’ব বুলি জানিব দিয়ে আৰু শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ পুনৰ ৰাইজৰ মাজত সোমাই পৰিব বুলি দাবী কৰে৷






