ছাৰ ২.০
ভাৰতৰ নিৰ্বাচন আয়োগে ইতিমধ্যেই ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী ঘোষণা কৰিছে৷ বিহাৰৰ পাছতে অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ দ্বাৰা পশ্চিম বংগ, তামিলনাডু, কেৰালাকে ধৰি ১২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰি এখন শুদ্ধ আৰু পৰিষ্কাৰ ভোটাৰ তালিকা প্ৰস্তুত কৰি তোলা হ’ব৷ অযোগ্য আৰু প্ৰব্ৰজনকাৰী ভোটাৰসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি এখন শুদ্ধ আৰু কাৰ্যকৰী ভোটাৰ তালিকা প্ৰস্তুত কৰি তোলাটোৱে আছিল বিহাৰত অনুষ্ঠিত বিশেষ নিবিড় পুনৰীক্ষণৰ মূল উদ্দেশ্য৷ কিন্তু এই পুনৰীক্ষণ কাৰ্যসূচী সম্পন্ন কৰিবলৈ যাওঁতে নিৰ্বাচন আয়োগে খৰখেদা কৰাৰ লগতে ইয়াত কিছুমান পদ্ধতিগত আসোঁৱাহ ৰৈ যোৱাৰ ফলতে ৰাজ্যখনৰ ভোটাৰসকলে ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল৷ যদিও পৰৱৰ্তী সময়ত উচ্ছতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত এই আসোঁৱাহসমূহ কিছু পৰিমাণে নিৰাময় কৰা হৈছিল বা গুৰুতৰ পদ্ধতিগত সমস্যাসমূহ নিৰ্মূল কৰা হৈছিল; তৎসত্ত্বেও এই কাৰ্যই ব্যাপক ৰাজনৈতিক আক্ৰমণৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে এইদৰে প্ৰস্তুত হোৱা ভোটাৰ তালিকাখনেই যে একেবাৰে শুদ্ধ আৰু নিখুঁত, তাক ন-দি ক’ব নোৱাৰি৷
নিৰ্বাচন আয়োগে এইবাৰ উল্লেখ কৰিছে যে, নতুনকৈ অনুষ্ঠিত হ’বলগীয়া বিশেষ নিবিড় পুনৰীক্ষণ পূৰ্বৰ তুলনাত বিভিন্ন দিশৰ পৰা পৃথক হ’ব৷ এইবাৰৰ বিশেষ নিবিড় পুনৰীক্ষণত শুনানি আৰু বিৱৰণসমূহৰ পুংখানুপুংখ বিশ্লেষণৰ বাবে ৫৪ দিনৰ এক দীঘলীয়া সময় প্ৰদান কৰা হ’ব৷ একেদৰে, এই পুনৰীক্ষণৰ গণনা প্ৰ-পত্ৰত কিছুমান নতুন দিশ সন্নিৱিষ্ট কৰা হ’ব৷ অৱশ্যে, বিহাৰত অনুষ্ঠিত পুনৰীক্ষণ প্ৰক্ৰিয়াৰ দৰে এইবাৰৰ পুনৰীক্ষণতো আধাৰ কাৰ্ডক নাগৰিকত্ব প্ৰমাণৰ প্ৰমাণ পত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ভোটাৰসকলে ইয়াক কেৱল পৰিচয়-পত্ৰ হিচাপেহে ব্যৱহাৰ কৰিব পাৰিব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ভোটাৰসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে, যাৰ বাবে ইয়াক লৈ বিহাৰৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি বহুতো বিশ্লেষকে আশংকা প্ৰকাশ কৰিছে৷ মুখ্য নিৰ্বাচন আয়ুক্তজনৰ মতে, এইবাৰৰ বিশেষ নিবিড় পুনৰীক্ষণৰ সময়ত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰ-পত্ৰ গ্ৰহণ আৰু পুনৰীক্ষণ কৰাৰ সময়ত কোনোধৰণৰ নথি প্ৰদান কৰিব নালাগিব৷ ইয়াৰ বিপৰীতে, ভোটাৰসকলে তেওঁলোকৰ ২০০২-০৪ চনত ভোটাৰ তালিকাত থকা নিজৰ তথ্য বা আত্মীয়ৰ তথ্য প্ৰ-পত্ৰসমূহত উল্লেখ কৰিলেই হ’ব৷
আপাত দৃষ্টিত এই গোটেই প্ৰক্ৰিয়াটো সহজ যেন অনুভৱ হ’লেও ক্ষেত্ৰভিত্তিক পুনৰীক্ষণৰ সময়ত যে বিভিন্ন পদ্ধতিগত আসোঁৱাহসমূহে প্ৰকৃত ভোটাৰসকলক হাৰাশাস্তি নকৰিব, তাক নুই কৰিব নোৱাৰি৷ এই পুনৰীক্ষণৰ সময়ত ভোটাৰসকলে নিজৰ নাগৰিকত্ব প্ৰতিপন্ন কৰিব লগা কথাটোৱে সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় লোকসকলক গভীৰভাৱে অসন্তুষ্ট কৰি তুলিব৷ কাৰণ ভোটাৰ তালিকাত নামৰ অন্তৰ্ভুক্তি বা কৰ্তন এটা পৃথক বিষয় আৰু নাগৰিকত্বৰ পৰীক্ষণ এটা পৃথক বিষয়৷ নাগৰিকত্ব প্ৰতিজন ব্যক্তিৰ বাবেই এটা আৱেগিক বিষয়, যিটোৰ সম্পৰীক্ষণ কৰি এটা যথাযথ উত্তৰ পাবলৈ যথেষ্ঠ সময়ৰ প্ৰয়োজন৷ ঠিক একেদৰে, সাংবিধানিকভাৱে নিৰ্বাচন আয়োগে কোনো এজন ব্যক্তিৰ নাগৰিকত্ব পৰীক্ষা কৰিব পাৰে নে নোৱাৰে, সেয়া এক অত্যন্ত বিতৰ্কিত বিষয়৷ বিহাৰৰ বিশেষ নিবিড় পুনৰীক্ষণৰ অভিজ্ঞতাৰ পৰা দেখা যায় যে, ৰাজ্যখনৰ যিসকল ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ল, তাৰ কাৰণ অদ্যাপি নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা নাই৷ একেদৰে, ৰাজ্যখনত ভোটাৰ তালিকা পুনৰীক্ষণৰ দ্বাৰা কিমান বহিৰাগত নাগৰিকক চিনাক্ত কৰা হ’ল, তাৰো কোনো তথ্য ৰাজহুৱাভাৱে পাবলৈ নাই৷ এনে পৰিস্থিতিত ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বিষয়ে ঘোষণা হোৱাৰ লগে লগে দেশৰ ৰাজনীতিৰ বতাহ গৰম হৈ পৰিছে৷ বিৰোধী দলসমূহে উল্লেখ কৰিছে যে, ইয়াৰ দ্বাৰা বিৰোধী দল শাসিত ৰাজ্যসমূহত এক বৃহৎসংখ্যক ভোটাৰৰ নাম ভোটাৰ তালিকাৰ কৰ্তন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে৷ এনে অৱস্থাত এই সমগ্ৰ ব্যৱস্থাটো যাতে অতিশয় নিকা আৰু স্বচ্ছ ৰূপত কৰিব পৰা যায়, তাৰ বাবে নিৰ্বাচন আয়োগ তৎপৰ হ’ব লাগিব৷ অন্যথা দেশৰ সমগ্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক অধিক সন্দেহৰ গৰাহলৈ ঠেলি দিব৷






