প্ৰশান্ত কিশোৰ-M4-সুশাসন, বিহাৰ
৬ আৰু ১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ বাবে ভোট গ্ৰহণ হ’ব আৰু ১৪ নৱেম্বৰত ভোট গণনা হ’ব৷ নিৰ্বাচনত জয়ী হ’বলৈ M4 [চাৰিটা ‘এম’]ৰ দৰকাৰ৷ ‘মেছেঞ্জাৰ’ [বাৰ্তাবাহক নেতা], ‘মেছেজ’ [সঠিক বাৰ্তা], ‘মেচিন’ [সংগঠন] আৰু ‘মেকানিক’ [কৰ্মী]৷ বৰ্তাবাহক বা নেতাজনৰ গ্ৰহণযোগ্যতা থাকিলেহে তেওঁ দলৰ দলৰ বাৰ্তা জনগণৰ ওচৰলৈ লৈ যাব পাৰিব৷ দলটোক জনগণৰ গ্ৰহণযোগ্য সঠিক বাৰ্তা এটা লাগিব৷ নেতাজন আৰু তেওঁৰ বাৰ্তা ভোটাৰৰ ওচৰলৈ কঢ়িয়াই নিবলৈ এটা সংগঠন আৰু সেই সংগঠনটো চলাবলৈ কৰ্মী লাগিব৷ এই M4 তত্ত্বৰ প্ৰবক্তা প্ৰশান্ত কিশোৰ এজন প্ৰখ্যাত নিৰ্বাচন ৰণকৌশলবিদ৷ ২০১৪ চনৰ নৰেন্দ্ৰ মোদীৰ উত্থান আৰু বিজেপিৰ চমকপ্ৰদ জয়ৰ আঁৰত এইজন লোকৰ ৰণকৌশলৰ যথেষ্ট অৱদান আছে৷ প্ৰশান্ত কিশোৰৰ সফলতাৰ তালিকাখন দীঘলীয়া৷ ২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত নীতীশ কুমাৰ, ২০১৭ চনৰ পঞ্জাবৰ বিধানসভা নিৰ্বাচনত কেপ্টেইন অমৰিন্দৰ সিং, ২০১৯ৰ অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত জগমোহন ৰেড্ডী, ২০২০ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল, ২০২১ চনৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জী প্ৰশান্ত কিশোৰৰ ৰণকৌশলৰ জৰিয়তে জয়ী হৈ মূখ্যমন্ত্ৰী হৈছে৷ ২০১৪ চনৰ পাছত প্ৰশান্ত কিশোৰে কেতিয়াও বিজেপি দলৰ বাবে নিৰ্বাচনী ৰণকৌশল ৰচনা কৰা নাই৷
প্ৰশান্ত কিশোৰে ৰণকৌশল ৰচনা কৰিলেই এটা দল নিৰ্বাচনত জয়ী হয় নেকি? কিশোৰে নিজেই এই কথা অস্বীকাৰ কৰিছে৷ জয়ী হ’বলৈ প্ৰয়োজনীয় বাস্তৱ পৰিস্থিতি আৰু উপাদান থকা দলকহে তেওঁৰ ৰণকৌশলে জয়ী কৰাব পাৰে৷ ২০১৭ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত কিশোৰে কংগ্ৰেছ দলৰ ৰণকৌশল ৰচিছিল যদিও সেই নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় ঘটিছিল৷ প্ৰশান্ত কিশোৰৰ ৰণকৌশল মতে নিৰ্বাচনত জয়ী হ’বলৈ চ্ছ্ৰত্ত [চাৰিটা ‘এম’]ৰ অন্ততঃ তিনিটা সঠিক আৰু শক্তিশালী হ’বই লাগিব৷ সঠিক বাৰ্তা, সংগঠন আৰু কম¹ থাকিলে এজন নেতা অবিহনেও দল এটা নিৰ্বাচনত জয়ী হ’ব পাৰে৷
এতিয়া প্ৰশান্ত কিশোৰ নিজেই বিহাৰত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰিছে৷ তেওঁ জন সুৰাজ পাৰ্টী প্ৰতিষ্ঠা কৰিছে৷ তেওঁ এই দলটোৰ মূল তথা অবিসম্বাদী নেতা৷ তেওঁ এতিয়া আনৰ হৈ ৰণকৌশল ৰচনা নকৰে৷ তেওঁ নিজেই এজন ৰাজনীতিবিদ৷ এসময়ত নৰেন্দ্ৰ মোদীৰ ফেচবুক একাউণ্ট পৰিচালনা কৰা, মোদীৰ ভাষণ লিখা প্ৰশান্ত কিশোৰ এতিয়া বিজেপি আৰু মোদীৰ তীব্ৰ সমালোচক৷ জন সুৰাজ দলে বিহাৰৰ নিৰ্বাচনত কেনেকুৱা ফলাফল লাভ কৰিব তাক লৈ বিশেষ জল্পনা-কল্পনা হৈছে৷ এই দলে ১০খনতকৈও কম আসন পাব বুলি আৰু ১৫০খন আসনো পাব পাৰে বুলি আলোচনা-বিলোচনা হৈছে৷ জন সুৰাজ দলে বিহাৰৰ ২৪৩খন আসনৰ আটইকেইখনতেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ স্বয়ং প্ৰশান্ত কিশোৰেও তেওঁলোকে কিমানখন আসনত জয়ী হ’ব তাৰ ভৱিষ্যদ্বাণী কৰা নাই৷ প্ৰশান্ত কিশোৰে বিহাৰৰ সাধাৰণ জনতাক জাত-পাতৰ নামত ভোট দিয়াৰ সলনি এইবাৰৰ নিৰ্বাচনত তেওঁলোকৰ নিজৰ আৰু সন্তানৰ ভৱিষ্যতৰ কথা ভাবি ভোট দিবলৈ আহ৩ান জনাইছে৷ বিহাৰৰ ৰাজনীতি জাত-পাত-ধৰ্মআশ্ৰিত৷ উচ্ছ বৰ্ণৰ ভোট কোনে পাব, নিম্ন বৰ্ণৰ ভোট কোনে পাব, ব্ৰাহ্মণ-ঠাকুৰ কাৰ স’তে আছে, যাদৱ-কুৰ্মী-মুছলমান কাৰ স’তে আছে, দলিত কাৰ স’তে আছে আদি সমীকৰণে বিহাৰৰ নিৰ্বাচনৰ ফলাফল নিৰ্ণয়ৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ তেনে এখন ৰাজ্যত প্ৰশান্ত কিশোৰৰ জন সুৰাজ পাৰ্টীয়ে শিক্ষা, সংস্থাপন, উন্নয়ন আদিবিষয়ক মূল বিষয়ৰূপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে আৰু ৰাইজকো এইসমূহক মূল বিষয়ৰূপে লৈ নিজৰ বিধায়ক নিৰ্বাচিত কৰিবলৈ আহ৩ান জনাইছে৷ ইয়াৰ লগতে প্ৰশান্ত কিশোৰে পূৰ্বতে ৰাজনীতিৰ স’তে সম্পৰ্ক নথকা তথা নিজৰ নিজৰ পেছাদাৰী জীৱনত বিভিন্ন ক্ষেত্ৰত ৰাইজলৈ উল্লেখযোগ্য সেৱা আগবঢ়াই ৰাইজৰ আস্থা-বিশ্বাস আৰn সন্মান আদায় কৰা লোকক দলৰ টিকট দি এক নতুন ধাৰাৰ সূচনা কৰিবলৈ চেষ্টা কৰিছে৷ প্ৰশান্ত কিশোৰে তেওঁৰ দলে লাভ কৰা প্ৰতিটো টকাৰ হিচাপো ৰাজহুৱাভাৱে ঘোষণা কৰিছে৷
বিহাৰ নিৰ্বাচনত প্ৰশান্ত কিশোৰ আৰু জন সুৰাজ পাৰ্টীয়ে কি ফলাফল দেখুৱাব? খবৰ ৰখাসকলৰ বহুতে ভাবে বিহাৰৰ মূল যুঁজখন তেজস্বী যাদৱ-ইণ্ডিয়া জোঁট আৰু নীতীশ কুমাৰ-এনডিএ জোঁটৰ মাজতহে হ’ব আৰু প্ৰশান্ত কিশোৰে এই দুয়োটা জোঁটৰ কোনটো জোঁটৰ ভোট কাঢ়ি আনি আনটো জোঁটক সহায় কৰে, সেয়াহে লক্ষণীয় হ’ব৷ বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি জটিল আৰু তাত সম্পূৰ্ণ সু-উদ্দেশ্যেৰে ৰাজনীতি কৰিবলৈ অহা সকলো শেষত গৈ কাৰোবাৰ ভোট কাটি আন কাৰোবাক জয়ী কৰোৱাৰ এজেণ্ট হৈ পৰাৰ সম্ভাৱনা থাকে৷ প্ৰশান্ত কিশোৰ আৰু জন সুৰাজ পাৰ্টীৰ ভূমিকা কি হ’ব? পাৰিবনে তেওঁলোকে বিহাৰৰ ৰাজনীতিৰ নতুন ইতিহাস লিখিবলৈ?






