উক্তি-বক্ৰোক্তি
এটাই দুখ যে তেওঁ নিজেই নেদেখিলে, যি তেওঁৰ সপোন আছিল৷ অসমীয়া চিনেমা ৰাতিপুৱা চ্ছ্ৰ.২৫ পৰা লাগিছে, আন কোনো চিনেমা লগা নাই৷ অকল অসমীয়া চিনেমা সকলোতেই লাগিছে৷ তেওঁৰ টীমটোৱেও তেওঁৰ অনুপ্ৰেৰণাতে গোটেই কামখিনি ইমান সুন্দৰকৈ একাগ্ৰতাৰে কৰিছে, তেওঁলোকৰ কাৰণে ধন্যবাদ শব্দটো বৰ সৰু ক’বলৈ৷ আশা কৰিছোঁ, অসমীয়া চিনেমা উদ্যোগটো এনেদৰে আগবাঢ়ি যাব৷ যেন ইয়াতকৈ কমি নাযায়, বাঢ়িহে যায়৷
– জুবিনৰ ভগ্নী পামী বৰঠাকুৰ
জুবিন ক্ষেত্ৰৰ ওচৰত অশোক সিংঘালে মাটি লৈছে৷ মই অশোক সিংঘালক স্পষ্টকৈ কৈছোঁ– যদি মাটি আছে অশোকদা, এৰি দিয়ক মাটিটো৷ নহ’লে আপোনাৰ মাটিটো আমি দখল কৰি ল’ম৷ অসমীয়া মানুহ হওক, অশোক সিংঘাল হওক আমি কাকো জুবিন ক্ষেত্ৰৰ ওচৰত মাটি ল’বলৈ নিদিও৷ এইটো ট্ৰাইবেল বেŒI×ৰ মাটি৷ অশোক সিংঘাল বাহিৰৰ পৰা আহিছে, অসমৰ গোটেই মাটি দখল কৰিছে, বিল্ডিং সাজিছে৷ আপুনি মাটি এৰি নিদিলে আপোনাক অসমৰ পৰা দলিয়াই পেলাম৷
– শিৱসাগৰৰ বিধায়ক অখিল গগৈ
তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱাকৈয়ে হত্যাকাণ্ড বুলি মুখ্যমন্ত্ৰীয়ে কেনেকৈ গ’ম পালে? মুখ্যমন্ত্ৰীৰ ইচ্ছামতেই এছআইটি চলি আছে নেকি?
– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ
এছআইটি বহু ভাল কথাত আগবাঢ়িছে৷ বহুত ভাল তথ্য, বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে৷ মই ভাবো, দহ ডিচেম্বৰৰ ভিতৰত জুবিনৰ ঘটনাক সম্পূৰ্ণৰূপে ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম৷ ক’ৰবাত ক’ৰবাত অসমৰ ৰাইজ আচৰিত হ’ব, অলপ অলপ দুখো পাব, কষ্টও পাব, খঙো উঠিব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
‘ৰৈ ৰৈ বিনালে’ সকলোৱে চাব৷ জুবিনদাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল৷ জে’লৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে৷ মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম৷ এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়ে থাকিব৷
– বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম
তেওঁৰ মৃত্যুৰ খবৰ শুনি খুব কষ্ট পাইছোঁ৷ কিন্তু মোৰ ওচৰত তেওঁৰ পৰিয়ালৰ কাৰো নম্বৰ নাই৷ সেয়ে যোগাযোগ কৰিব পৰা নাই৷ সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া জনাইছোঁ৷ তেওঁৰ প্ৰতি ভালপোৱাটো যাতে অন্ধত্বত পৰিণত নহয়৷ মৃত্যুক ইভেKI× বনোৱা বা টিআৰপি তোলাৰ মাধ্যম কৰাটো ঠিক নহয়৷
– পশ্চিমবংগৰ গায়ক নচিকেতা






