Logo
image

খাকী

খাকী৷ এই শব্দটো উচ্চাৰণ কৰাৰ লগে লগে সাধাৰণতে চকুৰ আগত ভাহি উঠা ছবিখন হৈছে আৰক্ষীৰ৷ খাকী মানেই যেন আৰক্ষী/ কিন্তু মজাৰ কথাটো হ’ল যে সমগ্ৰ ভাৰতৰ আৰক্ষীৰ পোছাক কিন্তু আজিও একে নহয়৷ পশ্চিম বংগৰ কলকাতা আৰক্ষীয়ে খাকী পোছাক কেতিয়াও পিন্ধা নাছিল বা এতিয়াও নিপিন্ধে৷ তেওঁলোকৰ পোছাক বগা৷ ঠিক অসমৰ যান-বাহন আৰক্ষীৰ পোছাকযোৰৰ দৰে৷ কেৱল সেয়াই নহয়, পুডুচেৰী আৰক্ষীৰ কনিষ্টবলসকলে খাকী ইউনিফৰ্মৰ লগত উজ্জ্বল ৰঙা ৰঙৰ টুপী পৰিধান কৰে৷ তেলেংগানাৰ যান-বাহন আৰক্ষীয়ে পিন্ধে খাকী পেণ্ট আৰু বগা চোলা৷ নীলা আৰু বগা ৰঙৰ সাজ-পোছাক পৰিধান কৰে দিল্লীৰ যান-বাহন আৰক্ষীয়ে৷ গতিকে খাকী পোছাক বুলি ক’লেই যদিওবা ভাৰতৰ আৰক্ষীৰ ছবিখনেই চকুৰ আগত ভাহি উঠে, কিন্তু কাৰ্যতঃ তেনেকুৱা নহয়৷ বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ পোছাকত ক’ৰবাত নহয় ক’ৰবাত অলপ হ’লেও ভিন্নতা আছে৷ আচলতে ৰাজ্য এখনৰ আৰক্ষীৰ পোছাকৰ ৰং কি হ’ব, ডিজাইন কি হ’ব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ আইনসংগতভাৱে প্ৰত্যেকখন ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ ওপৰত থাকে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰে৷ সেয়েহে আজিও ৰাজ্যভেদে এই ভিন্নতা৷

কিন্তু খুব সোনকালেই এই ভিন্নতা আঁতৰিব৷ আৰক্ষীৰ পোছাকৰ ৰং কি হ’ব, ডিজাইন কি হ’ব সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ হাতত আৰু নাথাকিব৷ ‘এক ৰাষ্ট্ৰ' এক আৰক্ষীৰ পোছাক’ নীতি এইবাৰ সমগ্ৰ ভাৰতত কাৰ্যকৰী কৰিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে৷ ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত প্ৰথমে কাৰ্যকৰী কৰা হ’ব এই নীতি৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সম্পৰ্কীয় নিৰ্দেশনাও জাৰি কৰিছে৷ সেই অনুসৰি সমগ্ৰ দেশৰ আৰক্ষীৰ এটাই ৰঙৰ পোছাক হ’ব– খাকী৷ বহুতৰে মনত প্ৰশ্ন এটা হয়তো আহে যে ভাৰতৰ আৰক্ষীৰ এই খাকী পোছাকযোৰৰ কি এনে ইতিহাস আছে যাৰ বাবে সকলো ৰং বাদ দি কেৱল খাকী ৰঙেৰেই জনা যায় আৰক্ষীক৷ খুব আমোদজনক এই ইতিহাস৷ ব্ৰিটিছৰ শাসনকালৰ প্ৰথমাৱস্থাত ভাৰতত ব্ৰিটিছ সেনাসকলৰ পোছাক খাকী নাছিল৷ আছিল বগা৷ এনেয়েও বগা ৰংটো আছিল ব্ৰিটিছ চাহাবসকলৰ প্ৰিয় ৰং৷ পিছলৈ দেশৰ আইন-শৃংখলা আৰু নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰিবলৈ ব্ৰিটিছে ভাৰতত আৰক্ষী নিযুক্তিৰ ব্যৱস্থা কৰে আৰু তেতিয়াও তেওঁলোকৰ পোছাক বগাই আছিল৷ কিন্তু সমস্যাটো আহিল তেতিয়াহে যেতিয়া ব্ৰিটিছ সেনা বা আৰক্ষীয়ে ভাৰতৰ ধূলি-বালিময় এক পৰিৱেশৰ মাজত কাম কৰিবলগীয়া হ’ল আৰু বগা পোছাকযোৰ খুব সোনকালেই লেতেৰা হ’বলৈ আৰম্ভ কৰিলে৷ অনস্বীকাৰ্য যে ইংৰাজসকলে সদায় পোছাকৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল৷ ব্ৰিটিছ শাসনকালত উত্তৰ-পশ্চিম সীমান্তৰ গৱৰ্নৰৰ এজেণ্ট আছিল হেনৰী লৰেন্স নামৰ এজন বগা চাহাব৷ ১৮৪৬ চনত তেৱেঁই লাহোৰত ক’ৰ্পছ অৱ গাইডছ প্ৰতিষ্ঠা কৰিছিল৷ তেওঁৰ বিষয়াসকলেও বগা ইউনিফৰ্মৰ ক্ষেত্ৰত একেই সমস্যাৰ সন্মুখীন হৈছিল৷ সোনকালে লেতেৰা হোৱাৰ সমস্যা৷ সেই সময়তেই এদিন হেনৰীৰ চকুত পৰিল খাকী ৰঙৰ ছাৰ্ট-পেণ্ট পিন্ধা এজন সেনা বিষয়াক৷ তেওঁ মন কৰিলে যে এই ৰংটোৱে সহজেই কাপোৰৰ মলিয়ন ৰূপটো ঢাকিব পাৰে৷ কথাটোৱে হেনৰী লৰেন্সক চুই গ’ল৷ তাৰেই পৰিণতিত ব্ৰিটিছ বিষয়া হেনৰীয়ে ১৮৪৭ চনত খাকী ৰংটোক আৰক্ষীৰ ইউনিফৰ্মৰ চৰকাৰী ৰং হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে৷ সমস্যা পিছে তেতিয়াও আঁতৰ নহ’ল৷ এনে এটা ৰঙৰ কাপোৰ তৈয়াৰ কৰিবলৈ পৰ্যাপ্ত ৰঙৰ অভাৱ ঘটিল৷ সেয়ে প্ৰথম অৱস্থাত খাকী ৰং প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হ’ল খয়াৰজাতীয় এবিধ বিশেষ গছৰ এঠা৷ সেয়াই আৰম্ভণি৷ ব্ৰিটিছে ভাৰত এৰি থৈ যোৱা ৭৮ বছৰ পাৰ হ’ল৷ ভাৰতে ইতিমধ্যে ব্ৰিটিছে প্ৰস্তুত কৰি থৈ যোৱা বহু আইন সলাই পেলালে, বিলুপ্ত কৰিলে, ব্ৰিটিছ যুগৰ বহু স্মাৰক চিৰদিনৰ বাবে নাইকিয়াও কৰিলে৷ কিন্তু খাকীক এৰিব নোৱাৰিলে৷ খাকী মানেই পুলিচ/ ভাৰতীয় মানুহৰ মনোজগতত এই ৭৮ বছৰে খাকীয়ে এনেধৰণে গোজ পুতি বহি ল’লে যে ইয়াক এতিয়া আঁতৰাই পেলোৱা যেন কঠিন হৈ পৰিল৷ যাৰ বাবে এতিয়া সমগ্ৰ দেশতে কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে ‘এক ৰাষ্ট˜ এক আৰক্ষীৰ পোছাক’ নীতি৷ খাকী আৰু আৰক্ষী– যেন ইটো সিটোৰ পৰিপূৰক/