গণতন্ত্ৰৰ হুমুনিয়াহ
আমি প্ৰায়েই এনে এখন চৰকাৰেই নিৰ্বাচিত কৰো, যিখন চৰকাৰ নিৰ্বাচিত হোৱাৰ পাছত জনতাৰ প্ৰায়বোৰ কথা, সমস্যা আৰু দাবীক আওকান কৰে৷ চৰকাৰখনে নিজকে অধিক জ্ঞানী আৰু তেওঁলোকে লোৱা সকলো সিদ্ধান্তই শুদ্ধ বুলি ভাবে বা জনতাক ভাবিবলৈ বাধ্য কৰায়৷ কাৰণ নিৰ্বাচিত হোৱাৰ পিছত জনতাৰ হাতত চৰকাৰক জবাবদিহি কৰিবলৈ একো উপায় নাথাকে৷ আমাৰ সংবিধানেও ইয়াৰ একো দিহা দিয়া নাই৷ ইয়াক হয়তো সংবিধানৰ এক বিসংগতি বুলিবও পাৰিা৷ কাৰণ, ৰাইজৰ দ্বাৰা, ৰাইজৰ বাবে, ৰাইজৰ চৰকাৰত ৰাইজৰ একো অধিকাৰেই নাথাকে বুলব পাৰি৷ নিৰ্বাচন হোৱাৰ পাছত মাত্ৰ কেইজনমান নেতাৰ হাতলৈ সকলো অধিকাৰ গুচি যায়৷ পুণৰ নিৰ্বাচন নোহোৱালৈকে সেইসকল নেতাই নিজকে সৰ্বেসৰ্বা বুলি ভাবে আৰু সংবিধানক প্ৰায়ে আওকান কৰে৷ কাৰণ ৰাইজক আওকান কৰা মানেই সংবিধানক আওকান কৰা৷ যদিও দেশত গণতন্ত্ৰৰ প্ৰচলন আছে বুলি ধৰা যায়, দেশৰ কোনোটো সিদ্ধান্ততে ৰাইজৰ অধিকাৰ নাথাকে৷ কেৱল চৰকাৰেহে নিৰ্ণয় কৰিব কৰিব পাৰে কোনবোৰ ব্যৱস্থা কেনেকৈ চলিব, কোনবোৰ আইন ভাল, কোনবোৰ বেয়া ইত্যাদি৷ লাগিলে সেইবোৰ ৰাইজৰ মত আৰু চিন্তাৰ বিপক্ষেই নাযাওক কিয়৷ আমাৰ প্ৰজাতন্ত্ৰত চৰকাৰ এখন নিৰ্বাচনহে কৰিব পাৰি, কিন্তু চৰকাৰে মইমতালি দেখুৱাই জনতাৰ মূৰত উঠি নাচিলেও চৰকাৰখন ভাঙিব নোৱাৰি বা কাকো শাস্তি দিব নোৱাৰি৷ ই গণতন্ত্ৰত এক পৰিতাপৰ কথা৷ সেয়ে নিৰ্বাচিত চৰকাৰে জনতালৈ ভয় নকৰে আৰু বহু জনবিৰোধী কাম-কাজ স্ব-ইচ্ছাই কৰি যাব পাৰে৷ ই গণতন্ত্ৰৰ সৌষ্ঠৱ কোনো মতে নবঢ়ায়৷
নিৰ্বাচিত চৰকাৰ এখনে আমাৰ দেশত যিবোৰ নতুন আইন বা বিল আনে, সেইবোৰৰ কোনোটোৱেই জনতাৰ সৰ্বসন্মতিক্ৰমে অনা নহয়৷ সেইবোৰত জনতাৰ বাবে প্ৰয়োজনীয় উপাদান থাকিলেও বহুক্ষেত্ৰত চৰকাৰে নিজৰ অথবা দলৰ সুবিধাৰ কাৰণেহে বহু নতুন আইন বা বিল অনা দেখা যায়৷ তেনে বহু আইনে আকৌ চৰকাৰৰ আশিস¸ধন্য বহু পুঁজিপতিকহে সহায় কৰে৷ উদাহণস্বৰূপে ইলেক্ট’ৰেল বণ্ডৰ যোগেদি ৰাজনৈতিক দলে চান্দা লাভ কৰিবলৈ যি সুবিধা বিজেপি চৰকাৰে কৰি লৈছিল, তাত জনতাৰ কোনো স্বাৰ্থ নাছিল৷ কেৱল ৰাজনৈতিক দলৰ স্বাৰ্থহে তাত নিহিত আছিল৷ ইয়াৰ পৰিণতি কিদৰে দেশৰ জনতাই ভোগ কৰিছে সেয়া সচেতনসকলে অনুধাৱন কৰিব পৰিছে যদিও বহুতে নাই পৰা৷ এনেবোৰ আইন বা বিলে জনতাক দুৰ্ভাগ ভুগোৱাহে দেখা যায়৷
এবাৰ ক্ষমতা লাভ কৰাৰ পাছত প্ৰায় সকলো দলৰ চৰকাৰেই ওভতগোৰে নাচিবলৈ ধৰে৷ কিন্তু বিজেপিৰ ক্ষেত্ৰত এই নাচ অধিক উন্মাদ যেন অনুভব হৈছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে গণতন্ত্ৰৰ সকলো স্তম্ভত এনেকৈ আঘাত হানিছে যে এখন গণতান্ত্ৰিক দেশত জীৱন নিৰ্বাহ কৰাৰ দৰে কাৰো অনুভব নহয়৷ ই অপ্ৰিয় হ’লেও সত্য যে বিজেপি চৰকাৰৰ শাসন কালত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাতকৈ অধিক অৱনতি ঘটিছে দেশৰ পৰিস্থিতি৷ কাৰণ জৰুৰীকালীন অৱস্থা চলিছিল কিছুমান দিনৰ বাবে আৰু বিজেপিৰ শাসনকালত অঘোষিত জৰুৰীকালীন অৱস্থা বছৰ বছৰ ধৰি চলি আছে৷ ই দেশৰ সংবিধানৰ প্ৰতি ভয়ানক ভাবুকি আৰু অধিক বেয়া দিনৰ আগতীয়া জাননী মাথোন৷






