আকৌ বিৰোধী ঐক্য
সকলো ঠিকে-ঠাকে থাকিলে আজিৰ দিনটোত অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহে দীৰ্ঘ বিৰতিৰ পাছত আকৌ এবাৰ একেলগে বহি আলোচনাত মিলিত হোৱাৰ কথা৷ অৱশ্যে আক্ষৰিক অৰ্থত ইয়াক বিৰোধী ঐক্যৰ বৈঠক বুলিব নোৱাৰি৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কেইটামান ৰাজনৈতিক দলৰ সভাপতিক আমন্ত্ৰণ জনাই বুধবাৰে সন্ধিয়া অসম বিধানসভা সচিবালয়ৰ সভাকক্ষত এক চাহমেলৰ আয়োজন কৰিছে৷ এনেধৰণৰ কচৰৎ যোৱা সময়খিনিত বহুবাৰ চলা দেখা গৈছিল বিৰোধী পক্ষত৷ কিন্তু প্ৰতিবাৰেই তাৰ ফলাফল আছিল শূন্য৷ সেয়া লাগিলে উপ-নিৰ্বাচনৰ ক্ষেত্ৰতে হওক, পঞ্চায়ত নিৰ্বাচনতে হওক কিম্বা লোকসভা নিৰ্বাচনতেই হওক৷ সেই সকলো আছিল ভোটৰ ৰাজনীতি বা ভোটৰ সময়ত হোৱা সমীকৰণ৷ কিন্তু ৰাজনীতি হৈছে এনেকুৱা এটা বিষয় য’ত কোনো স্থায়ী শত্ৰু বা মিত্ৰ নাথাকে৷ উদাহৰণ হিচাপে বেছি দূৰলৈ যোৱাৰ প্ৰয়োজনেই নাই৷ সৌ সিদিনা হৈ যোৱা বিটিচিৰ নিৰ্বাচনেই ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ যি প্ৰমোদ বড়ো আৰু তেওঁৰ দল কেইটামান দিনৰ আগলৈকে বিজেপিৰ সৰু ভাইস্বৰূপ আছিল, আজি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ শাসনভাৰ লোৱাৰ লগে লগে প্ৰমোদ বড়ো বিজেপিৰ চ’ৰাঘৰৰ পৰা আঁতৰিবলগীয়া হ’ল৷ তাৰ ঠাইত বহিল হাগ্ৰামা মহিলাৰী৷ অথচ এটা সময়ত প্ৰমোদ বড়োক সংগী হিচাপে বাছি লোৱাৰ পাছতেই বিজেপিয়ে তাৎক্ষণিকভাৱে সম্পৰ্ক ছেদ কৰিছিল হাগ্ৰামা মহিলাৰীৰ সৈতে৷ ৰাজনীতিত এইধৰণৰ ঘটনা চলি থাকে৷ এয়া কোনো নতুন কথা নহয়৷
বিটিচিৰ ৰাজনীতিত যিধৰণৰ মিত্ৰতাৰ সমীকৰণ চলিছে, সেই সমীকৰণৰ লগত অৱশ্যে ৰাজ্যৰ বিৰোধী শক্তিসমূহে চলাই থকা মিত্ৰতাৰ কচৰতৰ মিল নাই৷ এই যে বিৰোধী এক হৈ থকাৰ এক দীৰ্ঘদিনীয়া কুচকাৱাজ, সি বাৰে বাৰে ব্যৰ্থ হয় কিয়? ড॰ হীৰেন গোহাঁইকে ধৰি ৰাজনীতিৰ স’তে জড়িত নোহোৱা একাংশ ব্যক্তিয়েওতো বাৰম্বাৰ চেষ্টা চলাইছে বিৰোধী ঐক্যক শক্তিশালী কৰিবলৈ৷ তৎসত্ত্বেও সেয়া সম্ভৱ হৈ উঠা নাই কিয়? প্ৰশ্নটো সেইটোৱেই৷ বিহালীৰ উপ-নিৰ্বাচনৰ সময়ত যেতিয়া গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা নাছিল, তেতিয়াই বিৰোধী ঐক্য নামৰ বাঁহডাল প্ৰথমবাৰলৈ ফাঁট মেলিছিল৷ ‘ঐক্য’ৰ ৰছীডালত বান্ধ খাই থকা আন দলসমূহতো বাদেই, নিজৰ দল কংগ্ৰেছৰো সেই সময়ৰ ৰাজ্যিক সভাপতি আৰু জ্যেষ্ঠ নেতাসকলক সামান্যতমো সন্মান প্ৰদৰ্শন নকৰি একমাত্ৰ নিজৰ অহমিকা প্ৰকাশ কৰিবলৈকে দিল্লীৰ দলীয় নেতৃত্বক পতিয়ন নিয়াই এইজন গৌৰৱ গগৈয়েই বিৰোধীৰ সকলো প্ৰচেষ্টাক নস্যাৎ কৰি বিহালীৰ উপ-নিৰ্বাচনত নিজাকৈ প্ৰাৰ্থী দিছিল৷ ফলত তেতিয়াই থিয়ৈ থিয়ৈ ফালিছিল ‘বিৰোধী ঐক্য’ নামৰ বাঁহডাল৷ তাৰ পৰৱৰ্তী পৰ্যায়ত বিৰোধী ঐক্য বোলা ধাৰণাটোৰ কাৰ্যতঃ কিবা অস্তিত্ব আছে বুলি ধাৰণা কৰাটো একপ্ৰকাৰ যথেষ্ট কঠিন হৈ পৰিল৷ কিয়নো কংগ্ৰেছৰ একাংশ শীৰ্ষ নেতা আৰু অখিল গগৈৰ মাজত মুকলিকৈ যিবোৰ তুচ্ছ-তাচ্ছিল্যসূচক কথা-বতৰা চলিল, সিয়ে স্পষ্ট কৰি দিলে যে এই মিত্ৰতাৰ ধাৰণাটোৰ আঁৰত প্ৰকৃততে কি চলি আছে৷
এতিয়া পুনৰ বিৰোধী ঐক্যৰ উকমুকনি আৰম্ভ হৈছে৷ অতি লক্ষণীয়ভাৱে এইবাৰ এইক্ষেত্ৰত আগভাগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে, যাৰ অহমিকা আৰু আকোৰগোঁজ স্বভাৱৰ বাবে এটা সময়ত থানবান হৈছিল এই বিৰোধী ঐক্য বোলা ধাৰণাটো৷ তাতোকৈ ডাঙৰ কথাটো হ’ল– এই সময়ত ঐক্যবদ্ধ বিৰোধীৰ উমৈহতীয়া ইছ্যু কি হ’ব সেইটোহে৷ প্ৰতিবাৰৰ দৰে আসন ভাগ-বাটোৱাৰাৰ সময়ত বিৰোধী ঐক্য নামৰ ধাৰণাটোৰ নাম-গোন্ধ নোহোৱা হ’ব নেকি, সেইটোও চিন্তা কৰিবলগীয়া বিষয়৷ গৌৰৱ গগৈ বা কংগ্ৰেছে যদি ভাবিছে যে অসমৰ আটাইতকৈ অৰাজনৈতিক ব্যক্তিজনৰ মৃত্যুক লৈ যি ৰাজনৈতিক ধুমুহা আৰম্ভ হৈছে তাকেই উমৈহতীয়া ইছু্য কৰি বিৰোধী ঐক্য বোলা ধাৰণাটো পুনৰ প্ৰতিষ্ঠা কৰিব পাৰিব; তেন্তে সেইটো ফৰ্মূলাই কাম নিদিয়াৰ সম্ভাৱনাই অধিক৷ তেন্তে এই সময়ত অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক একেডাল ডোলেৰে বান্ধিব পৰাৰ উপায় কি আছে, যিয়ে বিজেপিৰ বাবে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিব পাৰিব! বিৰোধী ঐক্যৰ নামত যদি এইবাৰো কেৱল চাহ-মিঠাই খায়েই চৰ্বিত-চৰ্বন কৰা হয়, তেন্তে পৰিণামো যে সেই আগৰ দৰেই হ’ব সেয়াও নিশ্চিত৷ সেয়ে এইবাৰ আগভাগ যিহেতু গৌৰৱ গগৈয়ে নিজেই লৈছে, গতিকে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এনে এটা ফৰ্মূলা উলিয়াওক যিয়ে বিজেপিকো চিন্তিত কৰি তুলিব পাৰে, উদ্বিগ্ন কৰি তুলিব পাৰে৷ তেনে পদক্ষেপেহে গৌৰৱ গগৈৰ ৰাজনৈতিক পৰিপক্বতাৰ পৰিচয় দিব৷






