দিল্লীৰ বোমা বিস্ফোৰণ
দিল্লীৰ লালকিল্লাৰ ওচৰত এখন চলন্ত গাড়ীত হোৱা বোমা বিস্ফোৰণে ভাৰতৰ ৰাজধানী চহৰখনকে কঁপাই যোৱাৰ পৰিপ্ৰেক্ষিতত শান্তিপূৰ্ণ চহৰখনৰ শান্তি বিনষ্ট হৈ পৰিছে৷ ইয়াৰ প্ৰায় এটা দশকৰ পূৰ্বে দেশৰ ৰাজধানী চহৰখনত এনে বোমা বিস্ফোৰণ কঁপি উঠিছিল৷ বৰ্তমানৰ বোমা বিস্ফোৰণত প্ৰায় ১০জন লোক নিহত হোৱাৰ বিপৰীতে বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাত হতাহত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক ষড়যন্ত্ৰ আখ্যা দিয়াৰ বিপৰীতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাত জড়িত সকলোকে কঠোৰতম শাস্তি বিহাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ ঘটনাৰ লগত জড়িত গাড়ীখনৰ সৈতে কাশ্মীৰৰ পুলৱামা জিলাৰ চিকিৎসক উমৰ-উন-নবী নামৰ লোক এজন জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে৷ শেহতীয়া দিনসমূহত সংঘটিত পৰিঘটনাসমূহৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে, এই বোমা বিস্ফোৰণত মৃত্যু হোৱা সন্দেসহজনক লোকজনৰ সৈতে দেশত সন্ত্ৰাসবাদী আক্ৰমণৰ যড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন হোৱা লোকসকলৰ এক সু-সম্পৰ্ক আছে৷ এই ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহে অধিক তথ্য ৰাজহুৱা নকৰালৈকে যিকোনো সিদ্ধান্তত উপনীত হোৱাটো সমীচীন নহ’ব৷ দেশত সৃষ্টি হোৱা এনে পৰিৱেশৰ সময়ত সকলোৱে বোকা ছটিওৱাৰ ৰাজনীতিৰ পৰা বিৰত থাকি চৰকাৰ, বিৰোধী, নাগৰিক সমাজ আদি সকলো পক্ষই দেশত শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ বৰ্তাই ৰখাতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰা উচিত৷
দিল্লীৰ এই বোমা বিস্ফোৰণে বহুকেইটা কথাৰ ইংগিত দি গ’ল৷ এই দুৰ্ভাগ্যজনক ঘটনাৰ ফলাফল যিয়ে নোলাওক কিয়, কিন্তু দেশত এনে অপৰাধমূলক মানসিকতা নিৰ্মূল মুঠেও হোৱা নাই৷ প্ৰকৃতাৰ্থত, ইয়াৰ প্ৰকৃতিহে সলনি হৈছে৷ নিৰাপত্তা বা তদন্তকাৰী সংস্থাসমূহে যি ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদৰ উত্থানৰ বিষয়ে উল্লেখ কৰিছে, সেয়া হৈছে এনে পৰিৱৰ্তনৰ অংশবিশেষ৷ পূৰ্বতে প্ৰত্যক্ষ কৰা পৰম্পৰাগত উগ্ৰপন্থী, সন্ত্ৰাসবাদী কৌশল বা কৰ্মকাণ্ডৰ বাহিৰেও বৰ্তমান সময়ত দেশৰ নিৰাপত্তাৰ লগত জড়িত সংস্থাসমূহে দাবী কৰিছে যে, শিক্ষাবিদ, গৱেষক, ছাত্ৰ-ছাত্ৰী আদিকো আকৰ্ষণ কৰিছে৷ যদিহে এই দাবী প্ৰকৃতপক্ষে সঁচা, তেনেহ’লে দেশে অদূৰ ভৱিষ্যতে ভয়ংকৰ পৰিণামৰ মুখামুখি হ’ব লাগিব৷ গতিকে নিৰাপত্তাৰ লগত জড়িত সংস্থাসমূহৰ লগতে আইনেও এনে পৰিকল্পনাকাৰী লোকসকলক কঠোৰতম শাস্তি প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে৷
এটা কথা সত্য যে, বিগত সময়ছোৱাত কেন্দ্ৰীয় আৰু ৰাজ্যিক বাহিনীসমূহে দেশৰ নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ স্বাৰ্থত ব্যাপক পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ উল্লেখ্য, এই ঘটনাৰ লগত জড়িত বহুকেইজন সন্দেহজনক লোকক ইতিমধ্যে নিৰাপত্তা সংস্থাসমূহে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ সোধা-পোছা অব্যাহত ৰাখিছে৷ একেদৰে, সেই ব্যক্তিসমূহৰ পৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু অন্যান্য সামগ্ৰী উদ্ধাৰৰ ফলত ৰাসায়নিক সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাব্য অধিক বিপজ্জনক ষড়যন্ত্ৰ ৰোধ কৰিবলৈ দেশৰ নিৰাপত্তা সংস্থাসমূহ সফল হ’ল বুলি উল্লেখ কৰিব পাৰি৷ কিন্তু ইমানৰ পাছতো দিল্লীৰ বোমা বিস্ফোৰণত চোৰাংচোৱা সংস্থাসমূহ ক’ৰবাত বিফল হ’ল নেকি, সেয়াও পুংখানুপুংখভাৱে বিচাৰ কৰা উচিত৷ যি কি নহওক, দ্ৰুত আৰু স্বচ্ছ তদন্তৰ পাছত চৰকাৰে নাগৰিকক আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ সাৰ্বজনীনভাৱে সন্ত্ৰাসবাদীৰ মূল উদ্দেশ্য হৈছে সামাজিক বিশৃংখলতাৰ সূচনা কৰা আৰু ৰাষ্ট্ৰৰ বৈধতাক ক্ষতিগ্ৰস্ত কৰা৷ কিন্তু ইয়াৰ বিপৰীতে, সন্ত্ৰাসবাদবিৰোধী এক ফলপ্ৰসূ কৌশলেও সামাজিক সম্প্ৰীতিৰ প্ৰসাৰ ঘটাব লাগিব আৰু ৰাষ্ট্ৰৰ বৈধতাক শক্তিশালী কৰিব লাগিব৷






