Logo
image

দিল্লীৰ বোমা বিস্ফোৰণ

কৌ এবাৰ দেশৰ ৰাজধানী দিল্লী বোমা বিস্ফোৰণত কঁপি উঠিল৷ ১৩জনকৈ লোকে প্ৰাণ হেৰুৱালে৷ আন বহুতো আহত হ’ল, তেওঁলোকৰ মাজৰ বহুজন জীৱনলৈ পংগু হৈ ৰ’ব৷ নিহত আৰু আহতসকলে, তেওঁলোকৰ পৰিয়ালে জীৱনত কেতিয়াও এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি নাপাব যে এইসকলক কিয় হত্যা কৰা হ’ল, কিয় ঘুণীয়া কৰা হ’ল? স্বয়ং সন্ত্ৰাসবাদীসকলেও এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব, কাৰণ যিসকলক হত্যা কৰা হ’ল বা ঘুণীয়া কৰা হ’ল, সেইসকলৰ স’তে সন্ত্ৰাসবাদীসকলৰ কোনো শত্ৰুতা নাই৷ বোমা বিস্ফোৰণৰ সময়ত দুৰ্ভাগ্যজনকভাৱে সেই স্থানত থকাসকল এই সন্ত্ৰাসবাদী কাৰ্যৰ বলি হ’ল৷ দিল্লী মহানগৰীৰ যিকোনো এজন লোক আনকি ভাৰতৰ বা পৃথিৱীৰ যিকোনো এজন লোক সেই সময়ত বোমা বিস্ফোৰণ হোৱা স্থানত থাকিব পাৰিলেহেঁতেন৷ অৰ্থাৎ সমগ্ৰ পৃথিৱীৰ সকলো লোক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে৷ ই হ’ল সন্ত্ৰাসবাদৰ আটাইতকৈ ভয় লগা বৈশিষ্ট্য৷ সেয়েহে সন্ত্ৰাসবাদী সন্ত্ৰাস বিয়পোৱাত ইমান সফল হয়৷ প্ৰত্যেকজন মানুহৰ মনত শংকা জাগে– তেওঁ বা তেওঁৰ আত্মীয় তথা প্ৰিয়জন সন্ত্ৰাসৰ বলি হ’ব পাৰে৷ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত তেওঁ বা তেওঁৰ আত্মীয় আৰু প্ৰিয়জন ঘৰলৈ উভতি নাহিবও পাৰে৷ তেওঁ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ব পাৰে৷

দিল্লী ভাৰতৰ ৰাজধানী৷ দিল্লীত ঘটা সন্ত্ৰাসবাদী ঘটনাই সমগ্ৰ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰে আৰু চৰকাৰ আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়৷ সন্ত্ৰাস বিয়পাই দেশ আৰু চৰকাৰক অস্থিৰ কৰাৰ লগতে সন্ত্ৰাসবাদীৰ আন এক প্ৰধান উদ্দেশ্য হ’ল পৃথিৱীজোৰা দৃষ্টি আকৰ্ষণ কৰা– বিশেষকৈ প্ৰচাৰ মাধ্যমৰ৷ ১৯৯৬, ১৯৯৭, ২০০০, ২০০১, ২০০৫, ২০০৮, ২০১১ আৰু এতিয়া ২০২৫ চনত দিল্লীত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণ ঘটাইছে৷

এতিয়া সন্ত্ৰাসবাদৰ স’তে ইছলাম ধৰ্ম যেন এৰাব নোৱৰাকৈ সাঙোৰ খাই পৰিছে৷ নিঃসন্দেহে  সৰহসংখ্যক মুছলমান সন্ত্ৰাসবাদী নহয়, সমগ্ৰ পৃথিৱীৰ নগণ্যসংখ্যক মুছলমানহে সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে জড়িত৷ কিন্তু প্ৰায় সকলো সন্ত্ৰাসবাদী ইছলামধৰ্মী হোৱাৰ বাবে আৰু পৃথিৱীৰ বহু দেশ এই মুছলমান সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হোৱাৰ বাবে এই সন্ত্ৰাসবাদে ইছলামিক সন্ত্ৰাসবাদ আখ্যা পাইছে৷ সন্ত্ৰাসবাদীসকলে ইছলাম ধৰ্মক সন্ত্ৰাসবাদী কাৰ্যৰ বাবে ব্যৱহাৰ কৰিছে৷ গৰিষ্ঠসংখ্যক মুছলমান তেওঁলোকৰ ধৰ্মক সন্ত্ৰাসৰ আহিলাৰূপে ব্যৱহাৰ কৰাৰ বিৰোধী, কিন্তু ইছলামিক সন্ত্ৰাসবাদ আজি পৃথিৱীৰ আৰু ভাৰতৰো এক ভয়ংকৰ সত্য আৰু এমুঠিমান সন্ত্ৰাসবাদীয়ে ইছলাম ধৰ্মৰ নামত বীভৎস হত্যালীলা চলাই আছে৷ কাশ্মীৰৰ বিচ্ছিন্নতাবাদী আন্দোলন– সশস্ত্ৰই হওক বা নিৰস্ত্ৰ গণতান্ত্ৰিক আৰু অহিংসই হওক এটা সময়লৈ জাতীয়তাবাদী ভাবধাৰাৰে প্ৰণোদিত আছিল, কিন্তু ক্ৰমান্বয়ে সেই বিদ্ৰোহত কট্টৰ ইছলামী ধৰ্মীয় শক্তিসমূহৰ প্ৰতিপত্তি বাঢ়ি আহিল আৰু সি জাতীয়তাবাদী বিদ্ৰোহৰ পৰিৱৰ্তে এক ইছলামিক জিহাদী আন্দোলনত পৰিণত হ’ল৷ 

দিল্লী বিস্ফোৰণৰ পাছত ব্যাপক হাৰত প্ৰচাৰ হৈছে যে উচ্চ শিক্ষিত মুছলমানো সন্ত্ৰাসবাদী কাৰ্যত জড়িত হৈ পৰিছে৷ কাৰণ এই সন্ত্ৰাসবাদী কাৰ্যৰ সৈতে কেইবাজনো ডাক্তৰৰ নাম জড়িত হৈ পৰিছে৷ কিন্তু ইছলামিক সন্ত্ৰাসবাদ কোনোকালেই অশিক্ষিত দুখীয়া মুছলমানৰ কাম নাছিল৷ সদায়েই উচ্ছ শিক্ষিত, প্ৰতিপত্তি থকা, মধ্যবিত্ত আৰু ধনী শ্ৰেণীৰ লোকৰ মাজৰ পৰাই সন্ত্ৰাসবাদীৰ জন্ম হৈছে৷ ওচামা বিন লাডেন এজন শিক্ষিত অতি ধনী লোক আছিল৷ আমেৰিকাৰ ইছলামিক সন্ত্ৰাসবাদী কাৰ্যত জড়িত সন্ত্ৰাসবাদীসকল শিক্ষিত লোক৷ অকল শিক্ষিত লোকেই নহয়, পাকিস্তানৰ দৰে কিছুমান দেশৰ চৰকাৰেও সন্ত্ৰাসবাদ বিয়পোৱা কামটো এক কূটনৈতিক কৌশলৰ ৰূপ দিছে৷

ছৌদি আৰবে সমগ্ৰ ভাৰতকে আদি কৰি সমগ্ৰ পৃথিৱীলৈ কট্টৰপন্থী ইছলাম ধৰ্ম ৰপ্তানি কৰাত আগভাগ লৈ আছে৷ কিন্তু নিজৰ দেশত কোনো কট্টৰপন্থী ইছলামিক কাৰবাৰ হ’বলৈ দিয়া নাই৷ ছৌদি আৰবৰ ছাউড ৰাজবংশই দেশখনত নিজৰ কঠোৰপন্থী ৰাজতন্ত্ৰ চলাই আছে৷ তেওঁলোকৰ বাবে ইছলাম ধৰ্ম নিজৰ ৰাজতন্ত্ৰ অক্ষুণ্ণ ৰখাৰ এক আহিলা৷

ভাৰতে ইছলামিক সন্ত্ৰাসক এঘৰীয়া কৰিব লাগিব আৰু তাকে কৰিবলৈ ভাৰতৰ মুছলমানক, যিসকলৰ প্ৰায় আটাইখিনিয়েই ইছলামৰ নামত হোৱা সন্ত্ৰাসবাদী কাৰ্যৰ বিৰোধী, আস্থাত ল’ব লাগিব৷