Logo
image

উক্তি-বক্ৰোক্তি

বিহাৰৰ জনতাই গামোচাৰে ধুলি জোকাৰি উৰুৱাই দিলে৷ তেওঁলোকক মই ধন্যবাদ জনাইছোঁ৷ মোৰ ভয় হয়, এই বিপৰ্যয়ৰ পাছত কংগ্ৰেছ দলটো ভাগি টুকুৰা টুকুৰ হৈ পৰে নেকি?

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিহাৰত যি আমাক ভোটদান কৰিলে তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ৷ প্ৰথমৰ পৰাই এই নিৰ্বাচন নিকাভাৱে হোৱা নাছিল বাবেই আমি জিকিব নোৱাৰিলোঁ৷ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুদ্ধ অব্যাহত থাকিব৷ বৰং এই যুঁজ আৰু জোৰদাৰ হ’ব৷ 

– কংগ্ৰেছ নেতা ৰাহুল গান্ধী

বিজেপিক হৰুৱাবলৈ এতিয়াও সাজু নহয় বিৰোধী৷ মই সকলো বিৰোধী দললৈ চিঠি প্ৰেৰণ কৰিছোঁ৷ আমি সকলোৱে একেলগে বহি সকলোবোৰ সিদ্ধান্ত এতিয়াই ল’ব লাগিব৷ বিৰোধী দলসমূহে একেলগে কাম কৰিলেহে অসমত বিজেপি হাৰিব৷ 

– শিৱসাগৰৰ বিধায়ক অখিল গগৈ

মই ৰাজনীতি এৰি দিছোঁ৷ মোৰ পৰিয়ালকো অস্বীকাৰ কৰিছোঁ৷ এতিয়াৰ পৰা যাদৱ পৰিয়াল আৰু ৰাজনীতিৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই৷ মোক সঞ্জয় যাদৱ আৰু ৰামিজে কেতিয়াবাই সকলো ত্যাগ কৰিবলৈ কৈছিল৷ 

– লালুপ্ৰসাদ যাদৱৰ জীয়ৰী ৰোহিণী আচাৰ্য


বিহাৰ গ’ল৷ এতিয়া অসম৷ মহাজোঁট বিফল হোৱা নাই, আচলতে বিফল হৈছে কংগ্ৰেছ৷ মহাজোঁটৰ পৰা আমাক কিয় আঁতৰালে সেয়া আজিও নাজানিলোঁ৷ এইবাৰ এআইইউডিএফে অকলেই নিৰ্বাচন খেলিব৷ 

–বদৰুদ্দিন আজমল

২০২০ত মই যিটো পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ, তেতিয়া সকলো ৰাজনৈতিক দলেই আমি শেষ হৈ গ’লো বুলি ঘোষণা কৰিছিল৷ ২০২২ত আমাক নিশ্চিহ্ন হোৱা বুলি কৈছিল৷ কিন্তু মই পিতৃৰ উত্তৰাধিকাৰ আগবঢ়াই নিছোঁ৷ আমি পৰাজিত হোৱা নাই, সেয়া প্ৰমাণ হৈছে৷ 

– বিহাৰৰ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান

ৰাজহুৱা সেৱা এক অনিৰ্বান যাত্ৰা, ইয়াৰ কোনো শেষ নাই৷ ৰাজহুৱা সেৱাত উত্থান-পতন অৱশ্যম্ভাৱী৷ পৰাজয়ত দুখ কৰিলে নহ’ব, বিজয়ত অহংকাৰ কৰিলে নহ’ব৷ আৰজেডি গৰীব মানুহৰ দল৷ উত্থান-পতনৰ মাজেৰে আমাৰ যাত্ৰা অব্যাহত থাকিব৷ 

– আৰজেডিৰ মুৰব্বী তেজস্বী যাদৱ

অসমেই হওক বা বিহাৰেই হওক, কোনো ভোটাৰে ৰাজ্য বা দেশ শাসনৰ গুৰুদায়িত্ব চেঙেলীয়া ল’ৰাৰ হাতত কেতিয়াও তুলি নিদিয়ে৷ সেয়া বিহাৰত প্ৰমাণিত হ’ল৷

– কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

মই গোলাম নেকি? মই বাধাত নাথাকোঁ৷ মোৰ ইচ্ছা আছিল বিহাৰত গৈ কাম কৰাৰ, গোলামী কৰাৰ ইচ্ছা নাই৷ আইপিএছ হৈ থাকিলে সীমাৰ মাজত থাকি কাম কৰিব লাগে৷ বিধায়ক হ’লে পোনেপোনে নিৰ্দেশ দিব পাৰিম৷

– বিধায়ক হোৱা প্ৰাক্তন আইপিএছ আনন্দ মিশ্ৰ