বিহাৰে কি শিকালে?
শেহতীয়াকৈ বিহাৰৰ নিৰ্বাচনৰ ফলাফল ৰাজনৈতিকভাৱে সচেতন লোকৰ বাবে আ(ৰ্যকৰ হৈ পৰিছে৷ বিৰোধী এইবাৰ বিহাৰত যথেষ্ট আশাবাদী আছিল যদিও মূৰকত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই এনডিএ-ই অভূতপূৰ্ব ফলাফল দেখুৱায় আৰু নীতিশ কুমাৰ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰে৷ ই বিহাৰৰ বাবে এক ঐতিসাহিক ঘটনা৷ বিৰোধীয়ে ইমান কষ্ট কৰিও বিহাৰত ফল নোপোৱাটোৱে গণতন্ত্ৰৰ প্ৰতি আস্থা থকা সকলো লোককে কিছু চিন্তাত পেলাইছে৷ এছ আই আৰৰ যোগেদি প্ৰায় ষাঠি লাখৰো অধিক ভোটাৰৰ নাম কৰ্তন আৰু বিৰোধী দলপতি ৰাহুল গান্ধীয়ে উদঙাই দিয়া ভোট চুৰি প্ৰসংগই বিহাৰ নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি অভিযোগ উঠিছে৷ সি বিৰোধী পক্ষতেই হওক বা ৰাজনৈতিক ভাবে সচেতন লোকৰ মাজতে হওক বিহাৰৰ নিৰ্বাচন বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে৷ বিহাৰৰ দৰে এখন বিশাল ৰাজ্যত বিধান সভা নিৰ্বাচনৰ ফলাফল ইমান বেছি একপক্ষীয় হ’ব বুলি হয়তো কোনেও ভাবিব পৰা নাছিল৷ বিহাৰৰ নিৰ্বাচনৰ ফলাফলে বিৰোধীক কেৱল ৰাজনৈতিক বিফলতাৰ সোৱাদেই দিয়া নাই, ই সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক ধাৰাৰ এক পূৰ্বাভাসো সমানে দাঙি ধৰিছে৷ বিৰোধীয়ে নিৰ্বাচনত জয়ী হ’ল বুলি লভা আত্মপ্ৰত্যয়ৰ যে গভীৰতা তেনেই নাই সেই কথা বিহাৰৰ নিৰ্বাচনৰ পৰা শিকা উচিত ৷
বিহাৰৰ নিৰ্বাচনৰ কিছুমাহ আগেয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিয়ে বিগত সময়ত বিভিন্ন নিৰ্বাচনত এক ব্যতিক্ৰমী পদ্ধতিৰে লাখ লাখ ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈছে বুলি অভিযোগ তোলাই নহয়, তথ্য সহকাৰে সেইবোৰ ৰাজহুৱা কৰি কংগ্ৰেছৰ সেই অভিযোগ সত্য বুলিও দাবী কৰিছিল৷ ভাৰতীয় গণতন্ত্ৰত ই এক অতিকে দোষণীয় কাম, যি কাম বিজেপিয়ে নিৰ্বাচন আয়োগৰ সহযোগত সম্পন্ন কৰিছিল বুলি ৰাহুল গান্ধীয়ে অভিযোগ আনিছে৷ প্ৰকৃততে সেয়া অভিযোগ নহয়, মহা অভিযোগ৷ আনকি তেওঁলোকে এই বুলিও দাবী কৰিছিল যে নৰেন্দ্ৰ মোদী ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে৷ কৰ্ণাটক, হাৰিয়ানা, মধ্যপ্ৰদেশত ব্যাপক হাৰত ভোট চুৰি হৈছিল৷ দেশৰ সাধাৰণ নিৰ্বাচনতো একেই প্ৰক্ৰিয়া সংঘটিত কৰা হৈছিল৷ ৰাহুল গান্ধীয়ে উত্থাপন কৰা দাবী কেৱল দাবী নাছিল, তথ্য আৰু প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছিল৷ কিন্তু অতি আচৰিত কথাটো আছিল ভোট চুৰি কৰি নৰেন্দ্ৰ মোদী দেশৰ প্ৰধান মন্ত্ৰী হৈছে বুলি অভিযোগ দিয়াৰ পাছতো ৰাহুল গান্ধীৰ ওপৰত কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ এই ভোট চুৰি কাণ্ডত নিৰ্বাচন আয়োগ আৰু মুখ্য নিৰ্বাচনী বিষয়া জৰিত থকা বুলি অভিযোগ অনাৰ পাছতো ৰাহুল গান্ধীৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ আনহে নালাগে, মানহানি গোচৰ এটাও ৰুজু কৰা নহ’ল৷ ই বৰ আ(ৰ্যকৰ ঘটনা৷ ভোট চুৰিৰ অভিযোগ আনি যদিও ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক পোনপটীয়াকৈ জগৰীয়া কৰিছিল, নিৰ্বাচন আয়োগে কিন্তু ইয়াৰ কোনো পোনপটীয়া উত্তৰ দিয়া নাছিল৷ তাৰ পৰিৱৰ্তে বিজেপিয়ে নিৰ্বাচন আয়োগৰ হৈ মাত মতা দেখা গৈছিল আৰু নিৰ্বাচন আয়োগৰ সৈতে থিয় দি ৰাহুল গান্ধীৰ অভিযোগ অসত্য বুলি দাবী কৰিছিল৷ যদিও ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্যুত্তৰত কোনো তথ্য প্ৰমাণ আগবঢ়াব পৰা নাছিল, ইও কম আ(ৰ্যকৰ কথা নাছিল৷ প্ৰশ্ন হয় বিজেপি আৰু দেশৰ নিৰ্বাচন আয়োগক ভোট চুৰি অভিযোগত দোষী সজোৱাৰ পাছত বিজেপি বা নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ অভিযোগ খণ্ডন কৰি কিয় একো আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে? ই কিন্তু উদ্বেগৰ কাৰণ৷
বিহাৰত ভোট চুৰি হৈছে নে নাই সেয়া এতিয়াও বিৰোধীয়ে বা অন্য মহলে মুকলিকৈ কোৱা নাই৷ কিন্তু যদিহে ভোট চুৰি কৰি বিজেপি বিগত নিৰ্বাচনবোৰত জয়ী হৈ আহিছে তেন্তে ই গণতন্ত্ৰৰ বাবে অতিকে ভয়ানক ঘটনা৷ দেশৰ সৰ্বোচ্ছ প্ৰতিষ্ঠানবোৰত যদি বিজেপিৰ হৈ কাম কৰা বিষয়া নাথাকে তেন্তে এনে কাম কেতিয়াও সম্ভৱ নহয়৷ যদি হৈছে তেন্তে দেশৰ গণতন্ত্ৰ কিন্তু সঁচাকৈ সংকটত পৰিছে৷ আহিব লগা সময়ত ই বিনাশ আনিব৷ যদি ভোট চুৰিৰ অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে দেশত গণতন্ত্ৰৰ ঠাইত একনায়কত্ববাদী শাসন চলিব আৰু প্ৰজাৰ ভায়ানক অনিষ্ট সাধন হব৷ যদি ভোট চুৰি কৰি চৰকাৰ গঠন কৰা সম্ভব, তেন্তে বিজেপিক ইমান সহজে পৰাস্ত কৰা সম্ভব নহ’ব৷ যদি সেয়াই হয় আজি যিসকলে বিজেপি জয়ী হোৱা আনন্দত মতলীয়া হৈছে সেইসকলেই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিব৷ কিন্তু সময়ে একেবোৰ কাম বহু দিনলৈ হৈ থাকিবলৈ নিদিয়ে৷ সকলোৰে অন্তিম সময় আহে৷ Time is the best healer. এদিন সকলো ঠিক হৈ যায়৷ যদি সঁচাই ভাৰতৰ গনতন্ত্ৰ সংকটত পৰিছে, তাৰো এদিন ভাল দিন নি(য় আহিব৷






