Logo
image

বিহাৰৰ নিৰ্বাচন

সদ্যসমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু জনতা দল (ইউনাইটেড) নেতৃত্বধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (এনডিএ)ই যি অভূতপূৰ্ব সফলতা অৰ্জন কৰিলে, ই দেশৰ ৰাজনৈতিক মহলক হতচকিত কৰি তুলিছে৷ এই মৰ্চাই দুই শতাধিক আসন লাভ কৰি যি প্ৰচণ্ড শক্তিৰে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিলে, ই এই মৰ্চাৰ ওপৰত বিহাৰৰ জনসাধাৰণৰ প্ৰগাঢ় আস্থাকে প্ৰতিফলিত কৰিলে৷ এনডিএৰ ওপৰত জনসাধাৰণে প্ৰদৰ্শন কৰা এই আস্থাই এটা সময়ৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ’ব বুলি অনুমান কৰা নিৰ্বাচনটোক একপক্ষীয় কৰি তুলিলে৷ তদুপৰি এনডিএৰ এই অভাৱনীয় সফলতাই ইয়াৰ সহযোগী দলসমূহৰ মাজত থকা সঠিক সমন্বয় আৰু উপযুক্ত ৰণকৌশলকো প্ৰতিফলিত কৰিলে৷ এই বিজয়ৰ বাবে মৰ্চাৰ সহযোগী প্ৰতিটো সৰু-বৰ দলেই কৃতিত্বৰ অধিকাৰী৷

সু-শাসন বাবু আৰু ৰাজ্যখনৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে এইবাৰৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী নীতীশ কুমাৰক নিৰ্বাচনী প্ৰচাৰৰ মূল ব্যক্তি হিচাপে প্ৰক্ষেপ কৰাটোৱে আছিল এনডিএৰ আটাইতকৈ উচিত সিদ্ধান্ত৷ একেৰাহে পঞ্চমটো কাৰ্যকালৰ দুৱাৰডলিত উপনীত হোৱা নীতীশ কুমাৰৰ শক্তিশালী উপস্থিতিয়ে শাসনাধিষ্ঠিত সমগ্ৰ মৰ্চাটোকে আন দল বা মৰ্চাসমূহতকৈ অধিক শক্তিশালী অগ্ৰগতি প্ৰদান কৰিছিল৷ এইবাৰৰ নিৰ্বাচনত অধিক ভোটাৰৰ অংশগ্ৰহণ, বিশেষকৈ মহিলা ভোটাৰৰ অধিক অংশগ্ৰহণে নিশ্চিতভাৱে এনডিএৰ বিজয়ত সহায় আগবঢ়ালে৷ নীতীশ কুমাৰ চৰকাৰৰ মহিলা অনুকূল আঁচনিসমূহ আৰু চৰকাৰে ১.৫ কোটিৰো অধিক মহিলালৈ বিতৰ্কিতভাৱে নগদ ধন হস্তান্তৰ কৰাটো– এই দুটাই হয়তো এনডিএৰ নিৰ্বাচনৰ জয়লাভৰ মূল কাৰক আছিল৷ তদুপৰি, নীতীশ কুমাৰৰ নেতৃত্বত ৰাজ্যখনৰ আন্তঃগাঁথনিৰ বিকাশ, জনকল্যাণমূলক আঁচনি আৰু লালু প্ৰসাদৰ দিনৰ জংঘলৰাজৰ পৰা মুক্তি আদিয়েও ভোটাৰক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ একেদৰে, প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বিজয়ী মৰ্চাটোৱে উচ্চ, পিছপৰা আৰু অতি পিছপৰা জাতিসমূহৰ লগতে দলিত প্ৰাৰ্থী প্ৰদানৰ ক্ষেত্ৰত যি উপযুক্ত সামঞ্জস্যতাৰ সৃষ্টি কৰিছিল, ইও তেওঁলোকক নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াইছিল৷ এনডিএৰ অংশীদাৰ প্ৰতিটো দলেই প্ৰতিটো সমষ্টিতে যিদৰে একত্ৰিতভাৱে নিৰ্বাচনী ৰণত জঁপিয়াই পৰিছিল, ইয়াৰ বিপৰীতে মহাগতবন্ধনে ঐক্যবদ্ধ শক্তি হিচাপে নিজকে প্ৰক্ষেপ কৰাত ব্যৰ্থ হ’ল৷

বিগত সময়ছোৱাত কংগ্ৰেছৰ নেতৃত্ব ভাৰতীয় নিৰ্বাচন আয়োগৰ ভূমিকা, বিহাৰৰ বিশেষ নিবিড় পুনৰীক্ষণ আৰু ভোট চুৰিৰ প্ৰসংগক লৈ যিদৰে দেশৰ ৰাজনৈতিক বতাহ উত্তাল কৰি ৰাখিছিল, তাৰ কোনো প্ৰভাৱ বিহাৰৰ ভোটাৰৰ ওপৰত পৰা দেখা নগ’ল৷ বৰঞ্চ মহাগতবন্ধনে যি পুতৌলগা প্ৰদৰ্শন আগবঢ়ালে, তাৰ পৰা এটা কথা প্ৰতীয়মান হ’ল যে তেওঁলোকে উত্থাপন কৰা সকলো অভিযোগ বিহাৰৰ ৰাইজে পোন পোনে খাৰিজ কৰি দিলে৷

একেদৰে, এইবাৰৰ বিহাৰৰ নিৰ্বাচনৰ আগে-পিছে নিৰ্বাচন আয়োগৰ আচৰণো সমালোচনাৰ ঊৰ্ধ্বত নাছিল৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আয়োগৰ বিৰুদ্ধে ক্ৰমাগতভাৱে গভীৰ অভিযোগ উত্থাপন কৰি থকাৰ পাছতো আয়োগে কোনো এটা অভিযোগৰো সুদুত্তৰ প্ৰদান নকৰিলে৷ তদুপৰি, নিৰ্বাচনৰ সময়ছোৱাত বিৰোধী পক্ষই শাসনাধিষ্ঠিত পক্ষৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰি থকাৰ পাছতো নিৰ্বাচন আয়োগে সেই অভিযোগসমূহৰ প্ৰতি কোনো  কৰ্ণপাত নকৰিলে৷

যি নহওক, বিহাৰৰ নিৰ্বাচনী বিফলতাৰ পাছত মহাগতবন্ধনে এই পৰাজয়ৰ যিয়েই কাৰণ আগ নবঢ়াওক কিয়, কিন্তু বৰ্তমান তেওঁলোকে নিজৰ মাজতে আত্মানুসন্ধান কৰা উচিত আৰু পৰাজয়ৰ প্ৰকৃত কাৰণসমূহ বিচাৰি উলিয়াবলৈ চেষ্টা কৰা উচিত৷ যিবোৰ ইছ্যুয়ে জনসাধাৰণক প্ৰভাৱিত কৰিব পাৰে, সেইবোৰ ইছ্যুয়ে তেওঁলোকে প্ৰকৃততে দাঙি ধৰাত ব্যৰ্থ হ’ল, সেয়া ধুৰুপ৷ তদুপৰি, তেওঁলোকে যিবোৰ বিষয় দাঙি ধৰিছিল, সেইবোৰো যে প্ৰকৃতাৰ্থত জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাত ব্যৰ্থ হ’ল, সেয়াও সঁচা৷ বিৰোধী পক্ষৰ মাজত লক্ষণীয়ভাৱে ধাৰণা আৰু উদ্দেশ্যৰ অভাৱ দেখা গৈছিল৷ নিজৰ দুৰ্বলতাসমূহ ঢাকিবলৈ কেৱল নিৰ্বাচন আয়োগৰ ওপৰতে সমস্ত দোষ জাপি দিলে বিৰোধী দলসমূহ ভৱিষ্যতৰ ৰাজনৈতিক উদ্দেশ্যত উপনীত হ’ব নোৱাৰিব৷