১২ হাজাৰ বছৰ মূৰত আফ্ৰিকাত আগ্নেয়গিৰি উদ্গীৰণ, ধোঁৱাই ছানিলে ভাৰতৰ আকাশ
নতুন দিল্লী, ২৫ নৱেম্বৰঃ বিগত কিছুদিনৰ পৰা ৰাজধানী নতুন দিল্লী ভয়ংকৰ প্ৰদূষণৰ কবলত পৰিছে৷ ইয়াৰ মাজতে এই পৰিস্থিতি অধিক জটিল কৰি তুলিছে আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ছাইয়ে৷ কেইবাহাজাৰ কিলোমিটাৰ নিলগৰ পূৱ আফ্ৰিকাৰ ইথিঅ’পিয়াত হোৱা আগ্নেয়গিৰিৰ অগ্নুৎপাতত এতিয়া দিল্লীকে ধৰি উত্তৰ ভাৰতৰ আকাশত ক’লা ধোঁৱা বিয়পি পৰিছে৷ ফলত বিঘ্নিত হৈছে বিমান সেৱা৷ কেইবাটাও বিমান পৰিবহণ প্ৰতিষ্ঠানে তেওঁলোকৰ বিমানৰ চলাচল আপাততঃ বাতিল কৰিবলৈ বাধ্য হৈছে৷ সেই অনুসৰি এয়াৰ ইণ্ডিয়াই এই পৰ্যন্ত কমেও ১১খন বিমানৰ উৰণ বাতিল কৰে৷ বাতিল হোৱা বিমানসমূহৰ ভিতৰত আছে এআই ১০৬ [নিউয়ৰ্ক-দিল্লী], এআই ১০২ [নিউয়ৰ্ক-দিল্লী], এআই ২২০৪ [ডুবাই-হায়দৰাবাদ], এআই ২২৯০ [দোহা-মুম্বাই], এআই ২২১২ [ডুবাই-চেন্নাই], এআই ২২৫০ [ডাম্মাম-মুম্বাই], এআই ২২৮৪ [দোহা-দিল্লী]৷ একেদৰে সোমবাৰে বাতিল কৰা হয় এআই ২৮২২ [চেন্নাই-মুম্বাই], এআই ২৪৬৬ [হায়দৰাবাদ-দিল্লী], এআই ২৪৪৪য২৪৪৫ [মুম্বাই-হায়দৰাবাদ-মুম্বাই], এআই ২৪৭১/২৪৭২[মুম্বাই-কলকাতা-মুম্বাই] নম্বৰৰ বিমান৷ আনহাতে শেহতীয়া এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ তিৰুঅনন্তপুৰম বিমান বন্দৰতো এক জৰুৰী জাননী জাৰি কৰা হৈছে৷ উল্লেখ্য, ভাৰতৰ পৰা প্ৰায় ২৬ হাজাৰ ৫৫০ কিলোমিটাৰ নিলগৰ ইথিঅ’পিয়াত ১২ হাজাৰ বছৰৰ পাছত যোৱা দেওবাৰে উদ্গীৰণ ঘটে ‘হাইলি গুব্বি’ আগ্নেয়গিৰিৰ৷ এনে অৱস্থাত জ্বালামুখিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ছাইয়ে দেশখনৰ আকাশ ঢাকি ধৰে৷ অকল ইথিঅ’পিয়াই নহয়, জ্বালামুখিৰ ক’লা ধোঁৱা আৰু ছাইৰ কুণ্ডলী এতিয়া লোহিত সাগৰ পাৰ হৈ য়েমেন আৰু ওমানৰ দিশে অগ্ৰসৰ হোৱাৰ লগতে আৰৱ সাগৰৰ উত্তৰ অংশলৈ বিয়পি পৰিছে৷ ছাই মিশ্ৰিত মেঘে ঢাকি ধৰিছে আকাশ৷ দিল্লী, হাৰিয়ানা সংলগ্ন উত্তৰ প্ৰদেশৰ আকাশতো এতিয়া সম্প্ৰসাৰিত হৈছে আগ্নেয়গিৰিৰ ছাইযুক্ত ক’লা ধোঁৱা৷ একেদৰে পঞ্জাৱ, গুজৰাট, ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ আকাশতো ইয়াৰ প্ৰভাৱ পৰা আৰম্ভ হৈছে৷ ফলত দিল্লীৰ বায়ু প্ৰদূষণ অধিক বিপজ্জনক হোৱাৰ আশংকা কৰা হৈছে৷ ইপিনে, আগ্নেয়গিৰিৰ ধোঁৱা আৰু ছাই আকাশত বিয়পি পৰাত আকাছা এয়াৰ, ইণ্ডিগো, কে এল এমসহ একাধিক বিমান পৰিবহণ সংস্থাই বিমানসেৱা বাতিল কৰা বুলি ঘোষণা কৰিছে৷
একেদৰে ডিজিচিএৰ ফালৰ পৰাও বিমান পৰিবহণ সংস্থাসমূহক তেওঁলোকৰ বিমানসমূহে যাতে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন লৈ আৰু সু-পৰিকল্পিত ৰুটেৰে চলাচল কৰায়, তাৰ বাবে সতৰ্ক কৰি দিছে৷ উৰণৰ সময়ত কোনো কাৰণত বিমানখন ছাইৰ সংস্পৰ্শলৈ আহিলে লগে লগে সেয়া অৱগত কৰিবলৈ কোৱা হৈছে, যাতে বিমানখনৰ ইঞ্জিনৰ অৱস্থাৰ বিষয়ে জানিব পৰা যায়৷ তদুপৰি ধোঁৱা আৰু গোন্ধক লৈও সতৰ্ক হ’বলৈ কোৱা হৈছে৷ সেইদৰে বিমানবন্দৰৰ কাম-কাজত বাধাৰ সৃষ্টি হ’লে লগে লগে ৰান ৱে, টেক্সী ৱে বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ উপৰি সকলো সময়তে এইক্ষেত্ৰত সতৰ্ক থাকিবলৈ কোৱা হৈছে৷ এইক্ষেত্ৰত উপগ্ৰহৰ জৰিয়তেও নজৰদাৰী কৰি থকা হ’ব বুলি কোৱা হৈছে৷ আকাছা এয়াৰ কতৃৰ্পক্ষই জনোৱা মতে, তেওঁলোকে জেড্ডা, কুৱেইট আৰু আবুধাবিৰ পৰা সোমবাৰ আৰু মঙলবাৰে যিমান বিমান আছিল সেই সকলো বিমান বাতিল কৰিছে৷ ইণ্ডিগো, কে এল এম ৰয়েল ডাথ্ছ এয়াৰলাইন আৰু এয়াৰ ইণ্ডিয়ায়ো এইক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে৷ উল্লেখ্য, দেওবাৰে ইথিঅ’পিয়াৰ ‘হাইলি গুব্বি’ নামৰ আগ্নেয়গিৰিটোৰ উদ্গীৰণ ঘটাত অগ্নুৎপাত ইমানেই ভয়াৱহ আছিল যে আগ্নেয়গিৰিটোৰ আশে পাশে থকা এলেকাসমূহ ভূঁইকপৰ দৰে কঁপি উঠিছিল৷ তদুপৰি জ্বালামুখিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ছাই প্ৰায় ১৪ কিলোমিটাৰ উচ্চতা পৰ্যন্ত আকাশলৈ উঠি যায়৷






