Logo
image

জয় নে পৰাজয়?

এক নোহোৱা নোপজা ঘটনা৷ অষ্ট্ৰেলিয়া চৰকাৰে কৰ’না বিধবস্ত ভাৰতত যদি নিজৰ দেশৰে নাগৰিকসকলে অৰ্থাৎ কোনো অষ্ট্ৰেলিয়ানে যদি ১৪ দিন পৰ্যন্ত দিন কটাইছে তেন্তে তেনে নাগৰিকক নিজ দেশলৈ ঘূৰি যাবলৈ অনুমতি প্ৰদান কৰা নহ’ব৷ যদি কোনো অষ্ট্ৰেলিয়ান নাগৰিকে সেই নিষেধাজ্ঞা ভংগ কৰিছে, তেন্তে তেনে নাগৰিকক পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড বা ৬৬,০০০ অষ্ট্ৰেলিয়ান ডলাৰ ফাইন কৰা হ’ব৷ ইতিমধ্যে ক’ভিডৰ পৰা প্ৰায় মুক্ত হৈ থকা দেশখনে যাতে এই অতিমাৰীয়ে পুনৰ প্ৰাদুৰ্ভাৱ ঘটাব নোৱাৰে তাক প্ৰতিহত কৰাৰ উদ্দেশ্যে এনে এক নজিৰবিহীন কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ভাৰতৰ পৰা দেশখনলৈ যাব লগা সকলো প্লেনৰ যাত্ৰা বাতিল কৰিছে৷ উল্লেখ্য, বৰ্তমান দেশত অতিমাৰীৰ বিভীষিকাৰ মাজতে চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত [আই পি এল] অংশগ্ৰহণ কৰা বহু বিদেশী খেলুৱৈ ভীতিগ্ৰস্ত হৈ পৰিছে৷ ইয়াৰে এচামে ইতিমধ্যে জীৱন ৰক্ষাৰ স্বাৰ্থত আধাতে খেল ত্যাগ কৰি দেশলৈ উৰা মাৰিছে আৰু এচামে নিজ দেশলৈ উভতি যোৱাৰ বাবে যো-জা কৰিছে৷ অষ্ট্ৰেলিয়ান খেলুৱৈ আদম জাম্পা, কেন ৰিছাৰ্ডছনে আন দেশলৈ গৈ তাৰ পৰা নিজ দেশলৈ যোৱাৰ তথ্য দেশখনে লাভ কৰাৰ পাছত তেওঁলোককো চৰকাৰে জবাবদিহি কৰিছে৷ অষ্ট্ৰেলিয়াৰ চৰকাৰৰ মতে ৯০০০ অষ্ট্ৰেলিয়ান নাগৰিক ভাৰতত আছে আৰু ইয়াৰে প্ৰায় ৬০০ মান নাগৰিক ক’ভিড বাহক হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে দেশখনৰ সংবাদ মাধ্যমে ভাৰতবৰ্ষত থকা নাগৰিকসকলক সুৰক্ষা দিয়া, নিজ দেশলৈ ঘূৰাই নিয়াৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শনৰ বাবে আহ্বান জনাইছে৷ ইফালে আমেৰিকাইও ক’ভিডৰ দ্বিতীয় সংক্ৰমণ ভাৰতত আৰম্ভ হোৱাৰ ঠিক পাছতেই নিজ দেশৰ নাগৰিকক আমেৰিকালৈ ঘূৰি যোৱাৰ আহ্বান জনাইছিল আৰু এই সময়ছোৱাত ভাৰত ভ্ৰমণ নকৰিবৰ বাবে সকীয়াইছিল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চীনৰ য়ুহানত বিগত বৰ্ষত ক’ভিড-১৯ অতিমাৰীৰ আৰম্ভ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আমেৰিকা, ইউৰোপত ই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল৷ ভাৰততো ক’ভিড-১৯ৰ প্ৰথম সংক্ৰমণে পোনা মেলিছিল যদিও সেই সময়ছোৱাত ধাৰাবাহিক লকডাউন, ভাইৰাছটো আজিৰ সময়ৰ দৰে জটিল নোহোৱা আদিৰ বাবে বহু লোক আক্ৰান্ত হ’লেও দ্বিতীয় সংক্ৰমণৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল৷ চীনত ভাইৰাছটো উৎপত্তি হৈ চীনৰ স্বাস্থ্যখণ্ড, অৰ্থনীতি থানবান কৰি দিব বুলি বহুতেই জল্পনা-কল্পনা কৰিছিল যদিও বাস্তৱত সেয়া নঘটিল৷ অতি কঠোৰ নীতি-নিয়ম, ভেকচিন প্ৰদান, সুন্দৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি নিৰ্মাণ আদি ব্যৱস্থাৰ দ্বাৰা চীনত ক’ভিডক নিয়ন্ত্ৰণলৈ অনা হ’ল৷ ক’ভিড সংক্ৰমণৰ প্ৰথম ঢৌৰ পৰা শিকলি লাভ কৰি নিউজীলেণ্ড, অষ্ট্ৰেলিয়া, টাইৱান আদি দেশেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি নিজ দেশৰ জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে৷ ছিংগাপুৰত এতিয়া ক’ভিড ৰোগীৰ সংখ্যা শূণ্য৷ ভিয়েটনামৰ দৰে দেশেও ইয়াক প্ৰায় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু ভাৰতে ক’ভিডৰ প্ৰথম ঢৌ তুলনামূলক নিয়ন্ত্ৰণ কৰাক লৈ আত্মসন্তুষ্টিহে লাভ কৰিলে৷ প্ৰধানমন্ত্ৰী মোদীৰ মুখত এনে আত্মতুষ্টিৰ বহুবাৰ প্ৰতিফলন ঘটিছে৷ কিন্তু এখন বৃহৎ জনসংখ্যাৰ দেশত ক’ভিডক নিয়ন্ত্ৰণ বা ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পৰিকল্পিতভাৱে বাস্তৱসন্মত যিমান ব্যৱস্থা ল’ব লাগিছিল তাৰ অৰ্ধাংশও নহ’ল! ক’ভিডৰ সকলো গাইডলাইন ভংগ কৰি পাঁচখন ৰাজ্যত নিৰ্বাচন পতা হ’ল; কুম্ভমেলাৰ দৰে লক্ষ লক্ষ লোক সমবেত হোৱা এক বৃহৎ মেলা আয়োজনৰ অনুমতি দিয়া হ’ল৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়, উচ্ছ ন্যায়ালয়ে এতিয়া চৰকাৰক সতৰ্ক কৰি দিছে ৰোগীক অক্সিজেন যোগান দিয়া, চিকিৎসা প্ৰদান কৰা, ভেকচিন দিয়াৰ বাবে! মাদ্ৰাজ উচ্ছ ন্যায়ালয়ে দেশৰ নিৰ্বাচন নিয়ন্ত্ৰণ কৰা স্বতন্ত্ৰ অনুষ্ঠান নিৰ্বাচন আয়োগক অভিহিত কৰিছে হত্যাকাৰী ৰূপে! অতি পৰিতাপৰ বিষয় এই যে শাসকীয় দলৰ বাবে অতি প্ৰয়োজনীয় বিষয় হৈছে নিৰ্বাচন জিকাটো৷ কিন্তু দেশৰ লক্ষ লক্ষ নাগৰিকে চিকিৎসাৰ পৰা, অক্সিজেনৰ পৰা বঞ্চিত হৈ তিলতিলকৈ মৃত্যুমুখত পৰাৰ পাছত তাক প্ৰকৃত জয় বুলি কোৱাতকৈ চৰম পৰাজয়হে বুলি অভিহিত কৰিব পাৰি৷