Logo
image

সাৱধান! কণীও ভেজাল হৈছে

'আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ নৱেম্বৰঃ  আপুনি বাৰু লোকেল মুৰ্গীৰ কণী খাই ভাল পাই নেকি? বজাৰত লোকেল কণী দেখিলেই ক্ৰয় কৰি আনে নেকি? লোকেল মুৰ্গীৰ কণীৰ প্ৰতি যদি আপোনাৰ টান আছে, তেনেহ’লে এতিয়াৰে পৰা সাৱধান হ’ব৷ বজাৰত ৰঙচুৱা কণী দেখিলেই লোকেল বুলি ভাবি ঘৰলৈ ক্ৰয় কৰি অনাৰ কথা নাভাবিব৷ কিয়নো আপুনি লোকেল মুৰ্গীৰ কণী বুলি ভাবি ঘৰলৈ অনা ৰঙচুৱা কণীটো লোকেল নহ’বও পাৰে৷ বজাৰত এতিয়া ফাৰ্মৰ কণীকে কেমিকেলযুক্ত ৰং সানি ৰঙচুৱা কৰি লোকেল মুৰ্গীৰ কণী বুলি বিক্ৰী কৰি আহিছে দুষ্টচক্ৰই৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা আমদানিকৃত ফাৰ্মৰ কণীত এই ভেজালকৰণ দেখা পোৱা গৈছে৷ ফাৰ্মৰ কণীক কেমিকেল মিহলাই ৰঙচুৱা কৰি লোকেল কণী বুলি বিক্ৰী কৰা এটা আন্তঃৰাজ্যিক অসাধু চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ আৰক্ষীয়ে৷ মোৰাদাবাদৰ আৰক্ষী আৰু খাদ্য সুৰক্ষা বিভাগে যৌথ অভিযান চলাই এটা কণী গুডামৰ পৰা ৮১ হাজাৰ টা ভেজাল কণী জব্দ কৰিবলৈ সক্ষম৷


আল্লাহ খান নামৰ কণী পাইকাৰী ব্যৱসায়ীজনৰ গুডামৰ পৰা উদ্ধাৰ কৰা এই ভেজাল কণীৰ ৪৫,৩৬০টা কণীৰ বাকলিৰ ওপৰত ৰং কৰি ৰঙচুৱা কৰি ৰখা হৈছিল৷ বাকী ৩৫,৬৪০ টা ফাৰ্মৰ কণী কেমিকেল মিহলোৱাৰ বাবে সাজু কৰি ৰখা হৈছিল৷ এইসমূহ জব্দকৃত ভেজাল কণীৰ মূল্য ৩ লাখ ৮১ হাজাৰ টকা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ তদুপৰি অভিযানত কেমিকেল, স্প্ৰে সৰঞ্জাম আৰু ৰং শুকুৱাৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে অসাধু চক্ৰটোৱে এই ভেজাল কণী লোকেল তথা দেশীয় মুৰ্গীৰ কণী সজাই স্থানীয় বজাৰৰ লগতে কেইবাখনো ৰাজ্যলৈ চালন দিয়া দি আহিছিল৷ উল্লেখ্য, শেহতীয়াকৈ অসমৰ বজাৰত কণীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ ছিণ্ডিকেট চক্ৰৰ দৌৰাত্মৰ বাবেই প্ৰতি বাকচ কণীত দাম বৃদ্ধি পাইছে ২৫০ টকাকৈ৷ বিগত এমাহৰৰ ভিতৰতে ১,৩৩০ টকীয়া প্ৰতি বাকচ কণীৰ দাম ১,৫৮০ টকালৈ বৃদ্ধি পায়৷