উক্তি-বক্ৰোক্তি
অসম আন্দোলনে ভাৰতৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে৷ অসমীয়া সংস্কৃতি সবল কৰাৰ লগতে প্ৰয়াত আন্দোলনকাৰীসকলে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়নৰ বাবে দেখা স্বত্বেও আমি সাকাৰ কৰিব লাগিব৷
– নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী
নিৰ্বাচনৰ এই ফলাফল অভূতপূৰ্ব৷ মানুহে পৰিৱৰ্তনৰ বাবে ভোট দিছে৷
– শশী থাৰুৰ, তিৰুৱনন্তপুৰম পৌৰসভা বিজেপিৰ দখললৈ যোৱাৰ পাছত
মই স্তম্ভিত আৰু বিচলিত৷ মেছি আৰু দৰ্শকসকলৰ ওচৰত মই আন্তৰিকভাৱে ক্ষমা বিচাৰিছোঁ৷
– মমতা বেনাৰ্জী, কলকাতাত মোদীৰ অনুষ্ঠানত বিশৃংখলতাৰ পাছত
শান্তি আৰু বেছি দূৰত নাই৷
–তুৰস্কৰ ৰাষ্ট্ৰপতি এয়াৰডোৱান, পুটিনৰে বৈঠকৰ পাছত
ড॰ হিমন্ত বিশ্ব শৰ্মাই জাতি-মাটি-ভেটিৰ সুৰক্ষা দিয়াত সফল হৈছে৷
–সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী
জুবিন গাৰ্গৰ মৃত্যুযহত্যাৰ চাৰ্জশ্বীটখন এখন কল্পকাহিনী৷ এয়া জুবিনদাৰ হত্যাৰ চাৰ্জশ্বীট নহয়, এয়া ২০২৬ চনৰ নিৰ্বাচনৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ৷
– অখিল গগৈ, বিধায়ক
গৌৰৱ গগৈৰ সঁচাকৈ বৈৰী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক আছে নেকি, সকলো ওলাই পৰিব চাৰ্জশ্বীটত৷
– পৱিত্ৰ মাৰ্ঘেৰিটা, কেন্দ্ৰীয় মন্ত্ৰী
আদালতত চাৰ্জশ্বীট দাখিল কৰাটো স্বাভাৱিক প্ৰক্ৰিয়া৷ চাৰ্জশ্বীটত উপযুক্ত তথ্য-প্ৰমাণ দিব পাৰিছেনে নাই? দোষীক শাস্তি প্ৰদান কৰিব পৰাকৈ তথ্য সন্নিৱিষ্ট হৈছে নে নাই, তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ আছে৷
– গৌৰৱ গগৈ, সাংসদ
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ‘কা’ৰ আওতাৰ পৰা অসমক বচাব পাৰিলেহেঁতেন; কিন্তু নবচালে৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীয়ে সেই কাম কৰি দেখুৱালে৷ অসমৰ দুজনে ক্ষমতাৰ খকত জাতিৰ স্বাৰ্থক জলাঞ্জলি দিলে৷
– উৎপল শৰ্মা, সভাপতি, আছু
মই আলু, পিঁয়াজৰ লীডাৰ নহয়৷ মোৰ পাৱাৰ বজাৰত নহয়৷ মই দাম বঢ়োৱা-কমোৱাৰ লীডাৰ নহয়৷
– হাগ্ৰামা মহিলাৰী, মুখ্য কাৰ্যবাহী, বিটিআৰ
অবৈধ বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰিব নোৱৰাটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতা৷
– লুৰীণজ্যোতি গগৈ, সভাপতি, অজাপ






