Logo
image

মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠনৰ নিশ্চয়তা পোৱাৰ পিছমুহূৰ্তৰ পৰাই মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ উৎকণ্ঠা আৰম্ভ হৈ গৈছে৷ বিজেপিৰ একাংশ সমৰ্থকে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিব লাগে বুলি প্ৰচাৰ আৰম্ভ কৰি দিছে৷ কংগ্ৰেছত থাকোঁতে মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰ্ণ কৰিব নোৱাৰি দলে-বলে বিজেপিলৈ আহি হৰ্তাকৰ্তা বিধাতা হৈ পৰা হিমন্ত বিশ্ব শৰ্মাই পাকে-প্ৰকাৰে ইংগিত দি আহিছিল যে তেওঁ এইবাৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ দাবীদাৰ হ’ব৷ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তৈয়াৰ কৰি লোৱা সমৰ্থকবাহিনীয়ে মুখ্যমন্ত্ৰী হ’বৰ বাবে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই উপযুক্ত ব্যক্তি বুলি দীৰ্ঘদিনে প্ৰচাৰ চলাই আহিছে৷ 
সচৰাচৰ চৰকাৰ চলাই থকা দলে কাকো মুখ্যমন্ত্ৰী প্ৰক্ষেপ নকৰে, যিহেতু এজন ব্যক্তি চকীত থাকেই৷ বিজেপি মিত্ৰজোঁটেও তেনে কাৰণতে অসমত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই প্ৰশ্ন উদয় হ’বলৈ দিয়া নাছিল৷ বিপৰীতে মহাজোঁটৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰী কোন হ’ব সেই কথাটো বেছি চৰ্চিত হৈছিল, কাৰণ মহাজোঁটৰ মূল দল কংগ্ৰেছত মুখ্যমন্ত্ৰী পদক লৈ কেইবাটাও শিবিৰ সৃষ্টি হৈছিল৷
সকলোৱে বিচাৰে ৰাজ্যত এখন সুস্থিৰ চৰকাৰ হওক আৰু এজন যোগ্য ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ চকীখনত বহক৷ মুখ্যমন্ত্ৰীৰ দক্ষতাৰ ওপৰত বহুত কথাই নিৰ্ভৰ কৰে৷ আগৰবাৰ ক্ষমতা দখলৰ বাবে ‘সকলোৰে আনন্দ সৰ্বানন্দ’ বুলি ব্যাপক প্ৰচাৰ চলোৱা হৈছিল আৰু সেই সময়ত জাতীয় নায়ক হিচাপে পৰিচিত হৈ থকা এসময়ৰ অগপৰ সভাপতি সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰক্ষেপ কৰা হৈছিল৷ সেই সময়ত আঞ্চলিকতাবাদী দল আৰু জনজাতীয় দল-সংগঠনৰ সমৰ্থন পাবলৈ সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰা হৈছিল বুলি অনুমান কৰা হৈছিল৷ পিছে, তিনিটা বছৰ অতিক্ৰম নৌকৰোঁতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই প্ৰশ্ন উত্থাপন হৈছিল৷ প্ৰশ্ন উত্থাপন হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ সপোনটো পূৰণৰ স্বাৰ্থত৷
হিমন্ত বিশ্ব শৰ্মাই এজন দক্ষ মন্ত্ৰী হিচাপে স্বীকৃতি পাইছে৷ পিছে, অতি দক্ষ আৰু বুধিয়ক মন্ত্ৰী এজন মুখ্যমন্ত্ৰীৰ পদৰ বাবে যোগ্য নহ’বও পাৰে, কাৰণ, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু কাৰ্যক্ষেত্ৰত বৃহৎ পাৰ্থক্য থাকে৷ সচৰাচৰ দেখা যায় হাইকমাণ্ড থকা দলবোৰে সদায় ৰাজ্যবোৰত এচাম তোষামোদকাৰীহে সৃষ্টি কৰিব খোজে৷ এনে দলে অতি দক্ষ ব্যক্তিক মুখ্যমন্ত্ৰীৰ দৰে চকীত বহিবলৈ নিদিয়ে৷ তেনে বিচাৰত হিমন্ত বিশ্ব শৰ্মা উঠিব নে নাই সন্দেহ আছে!
কোৱা হয় হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু অকল হিমন্ত বিশ্ব শৰ্মা৷ সমালোচকৰ মতে, তেওঁ কাৰো পৰামৰ্শক গুৰুত্ব নিদি লেকাম নোহোৱা ঘোঁৰাৰ দৰে আচৰণ কৰে৷ তেওঁ বহু সময়ত নক’বলগীয়া কথা কৈ বা নকৰিবলগীয়া কাম কৰি বিপদত পৰিছে৷ নিজৰ মতত চলা কাৰণে তেওঁৰ নিজৰ চিন্তাৰ লগত সমাজৰ চিন্তাৰ পাৰ্থক্য থাকি যায়, যিটো কাৰণত অতিপাত পৰিশ্ৰম কৰিও তেওঁ সমাজৰ সম্পূৰ্ণ সহানুভূতি আদায় কৰিবলৈ ব্যৰ্থ হৈছে৷ দেখা গৈছে দক্ষ মন্ত্ৰীজনে আনৰ পৰামৰ্শ ল’বলৈ টান পায়, জ্যেষ্ঠ আৰু জ্ঞান-অৰ্হতা থকা ব্যক্তিক গুৰুত্ব নিদি সকলোকে সহায়কাৰী জ্ঞান কৰে৷ এনে কাৰণতে জ্ঞান আৰু অৰ্হতা থকা লোকসকল তেওঁৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়৷ এইবোৰ কথাই ৰাজ্যখনৰ সৰ্বাংগীণ উন্নতিত বহুক্ষেত্ৰত বাধা দিছে আৰু নিজকো বৌদ্ধিক দিশত ক্ষতিগ্ৰস্ত কৰি আহিছে৷ নিজৰ মতত চলা মানুহ বুলি থকা পৰিচয়টোৱেও তেওঁক ক্ষতি কৰিব৷ মানুহৰ নিজস্ব মত থাকিব লাগে, কিন্তু কাৰো কথা নুশুনা স্বভাৱৰ বুলি পৰিচিত হ’ব নালাগে৷
বহু সময়ত হিমন্ত বিশ্ব শৰ্মাই  ৰাজহুৱা কথাত নিজস্ব চিন্তাক অগ্ৰাধিকাৰ দিছে, কাৰো কথা নুশুনি সকলো কাম অকলেই কৰিছে৷ এয়া অগণতান্ত্ৰিক চৰিত্ৰৰ পৰিচায়ক৷ ভ্ৰষ্টাচাৰী, চৰিত্ৰহীন আৰু ভয়ংকৰ অপৰাধীতকৈ অগণতান্ত্ৰিক চিন্তা সমাজৰ কাৰণ বেছি ক্ষতিকাৰক; কাৰণ, অগণতান্ত্ৰিক চৰিত্ৰৰ ফলাফল দীৰ্ঘদিনীয়া৷
হিমন্ত বিশ্ব শৰ্মাই অশেষ পৰিশ্ৰম কৰিব পাৰে বুলি প্ৰমাণ হৈছে যদিও সকলো কাম নিজে কৰিব খোজে বুলিও প্ৰমাণ হৈছে৷  মুখ্যমন্ত্ৰীৰ চকীত বহিলে সকলো কাম নিজে নকৰি আনক কামত খটুৱাব পাৰিব লাগিব৷ অধিক পৰিশ্ৰমৰ ফলত চিন্তাশক্তি লোপ পোৱা মানুহৰ দৰে হিমন্ত বিশ্ব শৰ্মায়ো কোনোবাই কিবা ক’লে উভতি ধৰে৷ তোষামোদকাৰীক প্ৰশ্ৰয় নিদিয়া মানুহজনেও ৰাজহুৱা স্বীকৃতি বিচাৰি হাবাথুৰি খাই ফুৰা দেখা যায়৷ এনেবোৰ কাৰণতে তেওঁ মূল চকীখনৰ বাবে উপযুক্ত বিবেচিত হ’বনে নহয় সন্দেহ থাকি গৈছে৷ দক্ষ লোকে স্বীকৃতি বিচাৰি হাবাথুৰি খালে হিতে বিপৰীত হয়৷ দক্ষ হ’লেও ৰাজহুৱা কথাত কোন মুহূৰ্তত ইউটাৰ্ন মাৰে সেই কথাত মানুহৰ সন্দেহ থাকি যোৱা কাৰণেই হিমন্ত বিশ্ব শৰ্মাই সামাজিক বিশ্বাসযোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে আৰু মূল চকীৰ বাবে উপযুক্ত বিবেচিত হ’বলৈ কৌশল প্ৰয়োগ কৰিবলগীয়া হৈছে৷