Logo
image

তৃতীয় প্ৰজন্মৰ নেতা আৰু বিজেপিৰ নেতৃত্ব

দেশৰ মানুহে কেতিয়াও নাম নুশুনা এজন নেতাক বিজেপিয়ে দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিৰূপে নিযুক্তি দিলে৷ অৱশ্যে দেশৰ জনতাই তেওঁৰ নাম নাজানিলেও বিহাৰৰ মানুহে তেওঁৰ নাম জানে, চিনি পায়৷ কাৰণ, ইতিমধ্যে তেওঁ বিহাৰৰ এটা নিৰ্দিষ্ট সমষ্টিৰ পৰা এবাৰ-দুবাৰ নহয়, একেৰাহে পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে৷ ভোটৰ ৰাজনীতিত এনেকৈ ধাৰাবাহিকভাৱে পাঁচবাৰকৈ জিকি থকাটো সাধাৰণ কথা বুলিব নোৱাৰি৷ নীতিন নবীন নামৰ বিহাৰৰ এই নেতাজন বৰ্তমান বিহাৰ চৰকাৰৰ এজন দায়িত্বশীল কেবিনেট মন্ত্ৰী৷ আজিৰ তাৰিখত তেওঁৰ বয়সো কম৷ মাত্ৰ ৪৫ বছৰ৷ কোনেও কেতিয়াও চৰ্চা নকৰা এজন তুলনামূলকভাৱে কম বয়সীয়া নেতাক হঠাতে বিজেপিয়ে দলটোৰ শীৰ্ষ পদবীত নিযুক্তি দিয়াৰ কাৰণ কি?

বিজেপিৰ ৰাষ্ট্ৰীয় স্তৰত কাৰ্যকৰী সভাপতিৰ কোনো ব্যৱস্থা এতিয়ালৈকে নাছিল৷ তেনেক্ষেত্ৰত অকস্মাতে সকলোকে আচৰিত কৰি নীতিন নবীনক দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হ’ল৷ দলটোৰ বৰ্তমানৰ সভাপতি জে পি নড্ডাৰ কাৰ্যকাল ২০২০ চনতেই সমাপ্ত হৈছিল৷ নড্ডা বৰ্ধিত কাৰ্যকালৰ বাবেহে দলটোৰ সভাপতিৰ আসনখনত এতিয়াও অধিষ্ঠিত হৈ আছে আৰু আগন্তুক জানুৱাৰীত তেওঁৰ কাৰ্যকাল উকলিব৷

কিন্তু বিজেপিয়ে হঠাতে নীতিন নবীনৰ দৰে এজন বিশেষ চিনা-জনা নথকা নেতাক দলটোৰ এই শীৰ্ষ পদবীত বহুৱাবলগীয়া হ’ল কিয়? ইয়াৰ জড়িয়তে নিশ্চিতভাৱে আজিৰ তাৰিখত ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৱে সৰ্বস্তৰত এটা বাৰ্তা দিব বিচাৰিছে৷ মন কৰিবলগীয়া যে বৰ্তমানৰ সভাপতি জে পি নড্ডা যেতিয়া দলটোৰ সভাপতিৰ আসনত প্ৰথমবাৰৰ বাবে বহিছিল, সেই সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ৷ তেওঁৰ পূৰ্বে সভাপতিৰ আসনত থকা তথা বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে সভাপতিৰ দায়িত্ব লোৱাৰ সময়ত বয়স আছিল ৫০ বছৰ৷ নীতীন গাডকাৰি বিজেপিৰ সভাপতি হোৱাৰ সময়ত তেওঁৰ বয়স হৈছিল ৫২ বছৰ৷ বাকী পূৰ্বৰ সকলো সভাপতিৰেই বয়স প্ৰায় এনেকুৱাই আছিল৷ সেইফালৰ পৰা চাবলৈ গ’লে নীতিন নবীন বয়সৰ ফালৰ পৰা যথেষ্ঠ কনিষ্ঠ৷ অৱশ্যে, ৰাজনীতিত তেওঁৰ হঠাতে আৱিৰ্ভাৱ ঘটা নাই৷ এটা ৰাজনৈতিক পৰিয়ালৰ পৰাই তেওঁৰ আগমন৷ তেওঁৰ পিতৃ নবীন কিশোৰ প্ৰসাদ সিন্‌হাও আছিল এজন বিধায়ক৷ পিতৃৰ বিয়োগৰ পাছতেই নীতিন নবীনে ৰাজনীতিত প্ৰৱেশ কৰে৷ ছত্তিশগড়ৰ বিগত বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো আছিল তেওঁৰ উল্লেখযোগ্য ভূমিকা৷

নীতিন নবীনক দলৰ কাৰ্যকৰী সভাপতিৰ আসনত বহুৱাই বিজেপিয়ে দিব খোজা প্ৰথম বাৰ্তাটোৱেই হৈছে যে এই দলটোৱে দক্ষতা আৰু নিপুণতাকহে প্ৰাথমিক গুৰুত্ব দিয়ে৷ কেৱল সিমানেই নহয়, যদি যোগ্যতা-অৰ্হতা থাকে, তেন্তে দলৰ নেতৃত্ব লোৱাত বয়স বা গ্লেমাৰৰ প্ৰশ্ন আহিব নোৱাৰে৷ তুলনামূলকভাৱে কনিষ্ঠ কোনো নেতাৰ গাতো সেই গুণ থাকিব পাৰে আৰু সেই অনুসৰি তেওঁ দলৰ নেতৃত্বও ল’ব পাৰে৷ অৱশ্যে এনেধৰণৰ উদাহৰণ বিজেপিয়ে ইয়াৰ আগতেও দুই-এটা দি থৈছে৷

বৰ্তমানৰ পৰিৱৰ্তিত সময়ত যদি ৫০ বছৰ বয়সলৈকে ‘যুৱ’ বুলি ধৰা হয়, তেন্তে তেনেধৰণৰ যুৱশক্তিৰ হাতত কিন্তু বহু গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত বিজেপিয়ে যোৱা সময়খিনিত কৃপণালি কৰা নাই৷ আনকি তাৰ প্ৰতিফলন বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীসভাখনতো দেখা যায়৷ আনহাতে, নীতিন নবীনৰ নিযুক্তিৰে বিজেপিয়ে কংগ্ৰেছকে ধৰি আন ৰাজনৈতিক দলসমূহকো এটা বাৰ্তা দিয়াৰ যত্ন কৰিছে৷

ভাৰতীয় জনসংঘৰ ঔৰসত ১৯৮০ চনত বিজেপি দলৰ জন্ম হৈছিল৷ বয়সৰ জোখেৰে আজিৰ তাৰিখত এই দলটো ৪৫ বছৰীয়া৷ এই যে নীতিন নবীন নামৰ কোনেও নজনা-নুশুনা নেতা এজনৰ হাতত দলটোৰ নেতৃত্ব সঁপি দিয়া হ’ল, তেওঁৰো জন্ম ১৯৮০ চনতেই৷ বিজেপি আৰু তেওঁ সমবয়সীয়া৷ ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায় তেন্তে দেখা যাব ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাকালৰ পৰা হিচাপ কৰিলে নীতিন নবীন হৈছে তৃতীয় প্ৰজন্মৰ নেতা৷ ৰাজনীতি বেয়া, ৰাজনীতি ধুৰন্ধৰৰ শেষ আশ্ৰয় ইত্যাদি কথা ভাবি থকা মানুহখিনিক হয়তো বিজেপিয়ে এই কথা বুজাই দিব বিচাৰিছে যে ৰাজনীতি সদায় সময়ৰ লগত দৌৰিব লাগিব, তেহে সি গ্ৰহণযোগ্য হ’ব৷ সেয়ে নতুন প্ৰজন্মক নেতৃত্ব দিবলৈ নতুন প্ৰজন্মৰ নেতাই লাগিব৷ বয়সে ৭০-৮০ অতিক্ৰম কৰা নেতাই ৰাজনৈতিক দল এটাৰ নেতৃত্ব বহন কৰিলে তেওঁৰ চিন্তাধাৰা বা বিচাৰধাৰাই নতুন প্ৰজন্মৰ অগ্ৰগামী চিন্তাবোৰক স্পৰ্শ নকৰাৰ সম্ভাৱনাই অধিক৷ সেই দৃষ্টিভংগীৰেই হয়তো এটা সাৰ্বজনীন বাৰ্তা দিব খুজি বিজেপিয়ে প্ৰথমবাৰৰ বাবে দলৰ নেতৃত্ব ন্যস্ত কৰিছে এজন ৪৫ বছৰীয়া নেতাক, যাৰ নেতৃত্বত বিজেপিয়ে আৰু মাত্ৰ কেইটামান মাহৰ পাছতেই ২০২৬ত অসমসহ ছখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷